ETV Bharat / bharat

Raid against banned items: ত্ৰিপুৰা সীমান্তত ২ কোটি টকাৰ নিষিদ্ধ সামগ্ৰীসহ তিনিজনক গ্ৰেপ্তাৰ

author img

By

Published : Jul 20, 2022, 5:19 PM IST

Raid against banned items
ত্ৰিপুৰা সীমান্তত ২ কোটি টকাৰ নিষিদ্ধ সামগ্ৰীসহ তিনিজনক গ্ৰেপ্তাৰ

ত্ৰিপুৰা সীমান্তত আৰক্ষী-বিএছএফৰ বৃহৎ অভিযান (Tripura police and BSF combined raid)। অভিযানত ১১৭৯ কিলোগ্ৰাম গাঞ্জা, কফ চিৰাপৰ বটল ৫৫৩ টাৰ লগতে ভাৰতীয় ৭,২৪,১৩০ টকা জব্দ । এটা সৰবৰাহকাৰী আৰু ২ জন অনুপ্ৰৱেশকাৰীক আটক কৰে আৰক্ষীয়ে ।

নেশ্যনেল ডেস্ক,২০ জুলাই : ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) অভিযান অব্যাহত আছে (BSF raid in Indo-Bangla border)। তেনে এক অভিযানৰ অন্তত সীমান্ত অঞ্চলত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী (Huge amount of banned items seized in Tripura)। ৰাজহ চোৰাংচোৱা সঞ্চালকালয় আৰু আৰক্ষীৰ সহযোগ চলা অভিযানত ১১৭৯ কিলোগ্ৰাম গাঞ্জা, কফ চিৰাপৰ বটল ৫৫৩ টাৰ লগতে ভাৰতীয় ৭,২৪,১৩০ টকা জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে অভিযানকাৰী দলটোৱে এখন ব'লেৰ' পিকআপ ভান, এখন অলট', এখন মটৰ চাইকেলো জব্দ কৰে । আনহাতে অভিযানটো প্ৰায় ৪২ টা চোৰাং গৰু আৰু ১০০০ বাংলাদেশী মুদ্ৰাও জব্দ কৰে । জানিব পৰা মতে জব্দ হোৱা সামগ্ৰীখিনিৰ মূল্য প্ৰায় ২ কোটি টকা হ'ব ।

Raid against banned items
ত্ৰিপুৰা সীমান্তত ২ কোটি টকাৰ নিষিদ্ধ সামগ্ৰীসহ তিনিজনক গ্ৰেপ্তাৰ

১৯ আৰু ২০ জুলাইৰ পৃথক অভিযানত BSFৰ অভিযানকাৰী দলে এটা সৰবৰাহকাৰী আৰু ২ জন অনুপ্ৰৱেশকাৰীকো আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে মনিৰ হুছেইন আৰু কবীৰ হুছেইন নামৰ দুজন লোকৰ ঘৰত বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী মজুত ৰখাৰ এক তথ্য লাভ কৰিছিল । তাৰ পাছতে BSF আৰু ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ সহযোগত সোনামুৰা আৰক্ষীয়ে অভিযানটো চলায় ।

লগতে পঢ়ক :Drugs seized in Hojai : হোজাইত ১ কোটি টকাৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.