ETV Bharat / bharat

ট্ৰাক চালকৰ প্ৰতিবাদ, পাঞ্জাবত বৃ্দ্ধি খাদ্য সামগ্ৰীৰ মূল্য

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 3:08 PM IST

Truck drivers protest
ট্ৰাক চালকৰ প্ৰতিবাদ পাঞ্জাবত বৃ্দ্ধি খাদ্য সামগ্ৰীৰ মূল্য

'হিট এণ্ড ৰান' আইনৰ সংশোধনী বিধেয়কক লৈ দেশজুৰি ট্ৰাক চালকৰ প্ৰতিবাদ অব্যাহত আছে । ট্ৰাকসমূহ বহু স্থানত আৱদ্ধ হৈ আছে । ফলস্বৰূপে পাঞ্জাবকে ধৰি বিভিন্ন স্থানত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে ।

নেশ্যনেল ডেস্ক,৪ জানুৱাৰী : 'হিট এণ্ড ৰান' আইনৰ সংশোধনী বিধেয়ক সন্দৰ্ভত দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে । এই বিধেয়ক অনুসৰি ট্ৰাক চালকৰ শাস্তি হিচাপে ১০ বছৰ আৰু ৭ লাখ টকাৰ জৰিমনা আৰোপ কৰা হ'ব । এনে পৰিস্থিতিত দেশজুৰি ট্ৰাক চালকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে । এই প্ৰতিবাদৰ ফলত স্বাভাৱিক জীৱন প্ৰভাৱিত হৈছে । পৰিবহণ খণ্ডৰ এনে প্ৰতিবাদৰ বাবে দৈনিক ব্যৱহাৰ কৰা বহুতো সামগ্ৰীৰ ওপৰত প্ৰভাৱ পৰা দেখা গৈছে ।

কেন্দ্ৰীয় চৰকাৰে ট্ৰাক চালকসকলক আশ্বাস দিয়াৰ পিচত ধৰ্মঘট প্ৰত্যাহাৰ কৰা হৈছে যদিও দেশজুৰি ইয়াৰ প্ৰভাৱ দেখা গৈছে । পাঞ্জাবৰ বেছিভাগ পিয়াজৰ ভাণ্ডাৰ শেষ হোৱাৰ উপক্ৰম হৈছে কিয়নো বেছিভাগ পিঁয়াজ গুজৰাট আৰু মধ্য প্ৰদেশৰ পৰা আহে । যোৱা ৩ দিন ধৰি ট্ৰাক অৱৰোধৰ বাবে পিঁয়াজ আৰু ফল পাঞ্জাবলৈ অহা নাই । ফলস্বৰূপে সেই সামগ্ৰীবোৰৰ দাম যথেষ্ট বৃদ্ধি পাইছে । এগৰাকী ব্যৱসায়ীয়ে জনোৱা মতে সাধাৰণতে বজাৰত পিঁয়াজ আৰু আলুৰ বৃহৎ ষ্টক থাকে কিয়নো এইবোৰ দৈনন্দিন ব্যৱহাৰযোগ্য সামগ্ৰী । কিন্তু ট্ৰাকচালকৰ প্ৰতিবাদৰ বাবে বজাৰৰ ষ্টক ২৫ ৰ পৰা ৩০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে । ফলস্বৰূপে সামগ্ৰীবোৰৰ দাম বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে ।

ট্ৰাকভৰ্তি আলু চাৰিওফালে ৰৈ আছে কিন্তু সেইবোৰ আনিবলৈ চালক নাই । আনহাতে, গুজৰাট আৰু মধ্য প্ৰদেশৰ পৰা ট্ৰাকেৰে অহা পিঁয়াজ আহি পাবলৈ সময় লাগিব । এই সকলোবোৰৰ মাজতে বৃহৎ ক'লা বজাৰো আৰম্ভ হৈছে । ইফালে পিঁয়াজবোৰ সেমেকা বতৰৰ বাবে সংৰক্ষণ কৰিব নোৱাৰি কিয়নো ই পুনৰ গজালি ওলাবলৈ আৰম্ভ কৰে । ইয়াৰ বাবে ব্যৱসায়ীসকলে পিঁয়াজ আৰু আলুৰ নাটনিক লৈ উদ্বিগ্ন হৈ পৰিছে । ব্যৱসায়ীৰ মতে এই সমস্যা যিমান সম্ভৱ সোনকালে সমাধান কৰিব লাগে কিয়নো দৈনিক ব্যৱহাৰযোগ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ লগে লগে সাধাৰণ লোকো সমস্যাত পৰিব ।

এগৰাকী খুচুৰা ব্যৱসায়ীয়ে জনোৱা মতে পাচলিৰ মূল্য পূৰ্বতকৈ বৃদ্ধি পাইছে । বিলাহী ১০ টকা, গাজৰ ৫ টকা আৰু মটৰত ১০ টকা বৃদ্ধি পাইছে । যাৰ বাবে সাধাৰণ জনতা সমস্যাত পৰা দেখা গৈছে ।

লগতে পঢ়ক :চৰকাৰৰ আশ্বাসৰ পিছত পৰিবহণ সন্থাৰ ধৰ্মঘট প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.