ETV Bharat / bharat

Samsung Smartphone: সৰু ভাই-ভনীৰ পঢ়াৰ বাবে এটা ভাল Smartphone বিচাৰিছে নেকি ? তেন্তে অতি কম মূল্যত ক্ৰয় কৰক এই Smartphone

author img

By

Published : Jun 29, 2023, 5:23 PM IST

Tech news samsung galaxy m04 and Samsung galaxy a04 price features battery display camera
সৰু ভাই-ভনীৰ পঢ়াৰ বাবে এটা ভাল Smartphone বিচাৰিছে নেকি ? তেন্তে অতি কম মূল্যত ক্ৰয় কৰক এই Smartphone

যদি ঘৰত সৰু ভাই-ভনী বা আন কোনো সৰু ল’ৰা-ছোৱালী আছে, যাক পঢ়া-শুনাৰ বাবে স্মাৰ্টফোনৰ প্ৰয়োজন হয়, তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী হ’ব পাৰে । ইয়াত আমি কম দামত ডাঙৰ বেটাৰীৰ সৈতে অহা Samsung Galaxy Smartphoneৰ বিষয়ে তথ্য দিছো ।

নিউজ ডেস্ক, 29 জুন: ইলেক্ট্ৰনিকছ কোম্পানী Samsungৰ স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ পছন্দৰ ভিতৰত অন্যতম । চেমচাঙৰ ডিভাইচসমূহেও নিজৰ শক্তিশালী বৈশিষ্ট্যসমূহৰ দ্বাৰা ব্যৱহাৰকাৰীসকলক আকৰ্ষণ কৰাৰ কাম কৰে । বাজেট কম হ’লেও কোম্পানীটোৰ স্মাৰ্টফোন ক্ৰয় কৰিব পৰা যায় । চেমচাং স্মাৰ্টফোন ১২ হাজাৰতকৈও কম মূল্যত ক্ৰয় বজাৰত উপলব্ধ ।

যদি আপুনি আপোনাৰ ভাই-ভনীৰ পঢ়া-শুনা কৰাৰ বাবে এটা ভাল Smartphone ক্ৰয় কৰিব বিচাৰে তেন্তে এই খবৰ আপোনাৰ বাবে । আপুনি এটা শক্তিশালী বেটাৰীৰে এই স্মাৰ্টফোন আপোনাৰ ভাতৃ বা ভগ্নীক উপহাৰ হিচাপে দিব পাৰে ।

১২ হাজাৰতকৈও কম মূল্যত কোনটো স্মাৰ্টফোন ক্ৰয় কৰিব ?

Samsungৰ Samsung Galaxy M04 আৰু Samsung Galaxy A04 স্মাৰ্টফোন ১২ হাজাৰতকৈও কম মূল্যত চেক কৰিব পাৰে । দুয়োটা চেমচাং ডিভাইচতে ডাঙৰ বেটাৰীৰ বৈশিষ্ট্য আছে ।

Samsung Galaxy A04 আৰু Samsung Galaxy M04 দুয়োটাতে ৫০০০ এমএএইচ লিথিয়াম আয়ন বেটাৰী আছে । দামৰ কথা ক’বলৈ গ’লে ৮৫০০ টকাত অনলাইনত Samsung Galaxy M04 কিনিব পাৰিব । একে সময়তে ১২ হাজাৰ টকাত ক্ৰয় কৰিব পাৰিব Samsung Galaxy A04 ।

কি কি বৈশিষ্ট্যৰ সৈতে এই Samsung Galaxy স্মাৰ্টফোনসমূহ আহিছে

Samsung Galaxy A04

Samsung Galaxy A04ৰ কথা ক’বলৈ গ’লে এই ডিভাইচটোত ৬.৫ ইঞ্চিৰ এইচডি ডিছপ্লে আছে । ডিভাইচত ছবি ক্লিক কৰাৰ বাবে 50MP + 2MP ডুৱেল কেমেৰা ছেটআপ উপলব্ধ ।

ইয়াৰ উপৰিও ফোনটোত চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 5MP ফ্ৰন্ট কেমেৰা পোৱা গৈছে । ১২,০০০ টকাত ৪ জিবি ৰেম আৰু ৬৪ জিবি ৰমৰ ভেৰিয়েন্ট কিনিব পাৰিব ।

Samsung Galaxy M04

Samsung Galaxy M04ৰ কথা ক’বলৈ গ’লে এই ডিভাইচটোত ৬.৫ ইঞ্চিৰ এইচডি ডিছপ্লে আছে । ডিভাইচত ছবি ক্লিক কৰাৰ বাবে 13MP + 2MP ডুৱেল কেমেৰা ছেটআপ উপলব্ধ ।

ইয়াৰ উপৰিও ফোনটোত চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 5MP ফ্ৰন্ট কেমেৰা পোৱা গৈছে । প্ৰায় ৮ হাজাৰ টকাত ৪ জিবি ৰেম আৰু ৬৪ জিবি ৰমৰ ভেৰিয়েন্ট কিনিব পাৰিব ।

লগতে পঢ়ক: Hair loss: বহু চেষ্টাৰ পিছতো চুলি সৰা বন্ধ নহয় ! তেন্তে খাবলৈ পৰিহাৰ কৰক এই ৫বিধ বস্তু, দুদিনতে সৰা বন্ধ হ’ব চুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.