ETV Bharat / bharat

Hair loss: বহু চেষ্টাৰ পিছতো চুলি সৰা বন্ধ নহয় ! তেন্তে খাবলৈ পৰিহাৰ কৰক এই ৫বিধ বস্তু, দুদিনতে সৰা বন্ধ হ’ব চুলি

author img

By

Published : Jun 29, 2023, 12:50 PM IST

ব্যস্ততাৰে ভৰা এই জীৱন আৰু অনিয়মিত খাদাভ্যাসৰ বাবে আজিৰ সময়ত আমাৰ শৰীৰে ক’ত কি সহ্য কৰিব লাগে ৷ বিশেষকৈ আমাৰ চুলিয়ে ৷ ইয়াৰ ফলত চুলি সৰা, চিগাৰ দৰে সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে ৷ সেয়ে জানো আহক চুলি সৰা বন্ধ কৰাৰ বাবে আমি কোনবোৰ খাদ্য তথা অভ্যাস সলনি কৰা উচিত....সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক ৷

Hair loss does not stop after many attempts, 5 things to avoid eating, hair loss will stop in two days
বহু চেষ্টাৰ পিছতো চুলি সৰা বন্ধ নহয়! তেন্তে খাবলৈ পৰিহাৰ কৰক এই ৫বিধ বস্তু, দুদিনতে সৰা বন্ধ হৈ পৰিব চুলি

চুলিৰ বাবে মানুহে বিভিন্ন ধৰণে যতন লয় । ইয়াৰ পিছতো বহুতে চুলি সৰা সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, যিটো দূৰ কৰিবলৈ বিভিন্ন ধৰণৰ চুলিৰ যত্ন লোৱা সামগ্ৰীও ব্যৱহাৰ কৰা হয় । তথাপিও চুলি সৰা বন্ধ নহয় । কাৰণ কেতিয়াবা কিছুমান কথাই চুলি সৰাৰ বাবে দায়ী, যিবোৰ পৰিহাৰ কৰাটো প্ৰয়োজন ।

চেনি ভিত্তিক খাদ্য: চুলি সৰা বৃদ্ধিৰ বাবে মিঠা খাদ্য দায়ী । দৰাচলতে ইহঁতে অগ্নাশয়ত হৰম’ন ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰে । যাৰ ফলত চুলিৰ গুৰিত ৰক্তবাহী নলীত নেতিবাচক প্ৰভাৱ পৰে । সেইবাবেই মিঠাই, কেক, কুকিজ আদি চেনি সমৃদ্ধ বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে ।

Hair loss does not stop after many attempts, 5 things to avoid eating, hair loss will stop in two days
চেনি ভিত্তিক খাদ্য

ফাষ্ট ফুড: পাস্তা, ব্ৰেড আৰু বাৰ্গাৰ, চিপছৰ দৰে পেকেজ খাদ্যৰ পৰাও দূৰত্ব ৰাখিব লাগে । কাৰণ ইয়াত সৰল কাৰ্বহাইড্ৰেট থাকে যিয়ে চেবাম উৎপাদন বৃদ্ধি কৰাত সহায় কৰে । ই এক তেলীয়া পদাৰ্থ যিটো চুলিৰ গুৰিৰ লগত সংলগ্ন গ্ৰন্থিৰ দ্বাৰা নিঃসৰণ হয় । যাৰ অতিৰিক্তভাৱে মুক্ত হোৱাৰ বাবে ই চুলিৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ।

Hair loss does not stop after many attempts, 5 things to avoid eating, hair loss will stop in two days
ফাষ্ট ফুড

উচ্চ পাৰাযুক্ত মাছ: চুলি সৰা ৰোধ কৰিবলৈ আপুনি সেই মাছবোৰৰ খোৱাৰ পৰাও আঁতৰি থাকিব লাগিব যিবোৰ চুলি সৰাৰ বাবে দায়ী হ’ব পাৰে । ইয়াৰ ভিতৰত যিবোৰ মাছত পাৰা অধিক পৰিমাণে পোৱা যায় । আপোনালোকক কওঁ যে ২০১৯ চনত দুগৰাকী মহিলাৰ চুলি সৰাৰ এটা ৰিপৰ্টত দেখা গৈছিল যে তেওঁলোকৰ তেজত পাৰাৰ মাত্ৰা অধিক আছিল উচ্চ পাৰাযুক্ত মাছ খোৱাৰ পিছত । যাক এৰি দিয়াৰ পিছত তেওঁৰ চুলি সৰাৰ সমস্যা দূৰ হৈছিল ।

Hair loss does not stop after many attempts, 5 things to avoid eating, hair loss will stop in two days
উচ্চ পাৰাযুক্ত মাছ

ভজা খাদ্য: পকৰি, পুৰি, ৱড়া আদি ডিপ ফ্ৰাইড খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে । আচলতে ভজা খাদ্যই চুলি সৰাৰ অন্যতম কাৰণ হ‘ব পাৰে আৰু আপোনাৰ চুলি সৰা সমস্যা যথেষ্ট বৃদ্ধি কৰিব পাৰে । কাৰণ ডিপ ফ্ৰাই কৰা বস্তুবোৰে চুলিৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ।

Hair loss does not stop after many attempts, 5 things to avoid eating, hair loss will stop in two days
ভজা খাদ্য

ৰঙা মাংস: ৰঙা মাংস সেৱন কৰিলেও চুলি সৰোৱা বৃদ্ধি কৰিব পাৰে । সেইবাবেই ৰঙা মাংস পৰিহাৰ কৰিব লাগে । আচলতে ৰঙা মাংসই চেবাম আৰু অইল গ্ৰন্থিৰ হাইপাৰ এক্টিভিটিৰ সৃষ্টি কৰে যিয়ে চুলি দুৰ্বল কৰি চুলি সৰা বৃদ্ধি কৰে ।

Hair loss does not stop after many attempts, 5 things to avoid eating, hair loss will stop in two days
ৰঙা মাংস

লগতে পঢ়ক: Pineapple Benefits: আপোনাৰ শৰীৰৰ বাবে মহৌষধস্বৰূপ আনাৰস; গতিকে আনাৰস খাওক, স্বাস্থ্য বনাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.