ETV Bharat / bharat

Proxy teacher in School: দুগৰাকীকৈ প্ৰক্সি শিক্ষকেৰে চলিছে এখন বিদ্যালয়

author img

By

Published : Feb 13, 2023, 8:56 PM IST

Proxy teacher in Bengal
জলপাইগুড়িৰ এখন বিদ্যালয়ত দুগৰাকীকৈ প্ৰক্সি শিক্ষক

পশ্চিমবংগৰ ইষ্ট গাইৰকাটা অতিৰিক্ত প্ৰাথমিক বিদ্যালয়ৰ দুগৰাকী শিক্ষক অসুস্থ । তেওঁলোকৰ ঠাইত পৰিয়ালৰ লোকে শিক্ষকতা কৰি আছে বিদ্যালয়খনত (Proxy teacher in School at Jalpaiguri)। ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য । তদন্তৰ ঘোষণা জিলা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শকৰ ।

জলপাইগুড়িৰ এখন বিদ্যালয়ত দুগৰাকীকৈ প্ৰক্সি শিক্ষক

নেশ্যনেল ডেস্ক,১৩ ফেব্ৰুৱাৰী : পশ্চিমবংগৰ এখন প্ৰাথমিক বিদ্যালয়ত আচৰিত ঘটনা সংঘটিত হৈছে । দুগৰাকীকৈ প্ৰক্সি শিক্ষকে পাঠদান কৰিছে বিদ্যালয়খনত (Proxy teacher in School at Jalpaiguri)। ঘটনা পোহৰলৈ অহাৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জিলা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শকে বিদ্যালয়খনৰ কাৰ্যকৰী প্ৰধান শিক্ষয়িত্ৰীৰ লগতে চক্ৰ বিদ্যালয় পৰিদৰ্শকলৈ কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিছে ।

ঘটনাটো জলপাইগুড়িৰ ইষ্ট গাইৰকাটা অতিৰিক্ত প্ৰাথমিক বিদ্যালয়ৰ (Jalpaiguri LP School proxy teacher case)। দুগৰাকী প্ৰক্সি শিক্ষকৰ ভিতৰত এজনে তেওঁৰ মাতৃৰ ঠাইত আৰু আন এগৰাকীয়ে ভাতৃৰ ঠাইত শিক্ষকতা কৰি আছে ।

জানিব পৰা মতে, বিদ্যালয়খনৰ শিক্ষক সুদীপ্ত কুমাৰ দে’ যোৱা ৪ বছৰ ধৰি অসুস্থ হৈ আছে । যাৰ বাবে তেওঁৰ ঠাইত তেওঁৰ ভগ্নী ৰূপা দে’য়ে শিক্ষকৰ দায়িত্ব পালন কৰি আহিছে । আনহাতে, একেখন বিদ্যালয়ৰে আন এগৰাকী শিক্ষয়িত্ৰী মোলি পাল বসু প্ৰায় ৭ মাহ ধৰি অসুস্থ হৈ থকাৰ বাবে তেওঁৰ পুত্ৰ প্ৰীতম বসুৱে প্ৰক্সি শিক্ষকৰ ৰূপত দায়িত্ব পালন কৰিছে ।

শিক্ষয়িত্ৰী মৌলি পাল বসু ৭ মাহ ধৰি অসুস্থ হৈ আছে । সেয়েহে সামৰিক অভিযান্ত্ৰিক সেৱা বিভাগত কাম কৰা তেওঁৰ পুত্ৰ ৰূপমক শিক্ষকতাৰ দায়িত্ব পালন কৰা দেখা গৈছে । দীৰ্ঘদিন ধৰি, দুগৰাকী শিক্ষক বিদ্যালয়ত উপস্থিত নাই আৰু তেওঁলোকৰ ঠাইত পৰিয়ালৰ সদস্যই বিদ্যালয়খনক 'প্ৰক্সি' শিক্ষক হিচাপে কাম কৰি আছে । এই ঘটনাটোৱে শিক্ষক সমাজত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে (Two proxy teacher at East Gairkata Primary School)।

কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যে, চৰকাৰী শিক্ষানুষ্ঠানত এয়া সম্ভৱ নেকি ? এগৰাকী শিক্ষকৰ পৰিয়ালে কেনেকৈ 'প্ৰক্সি' দিব পাৰে ? বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু বিদ্যালয়সমূহ উপ পৰিদৰ্শকে তেওঁলোকক এনে কৰিবলৈ কিয় অনুমতি দিছে ? যেতিয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী চঞ্চালী গাংগুলী মুখাৰ্জীক বিষয়টো সম্পৰ্কে সোধা হৈছিল, তেওঁ স্পষ্ট কৰি দিছিল যে, তেওঁ বিদ্যালয় পৰিদৰ্শকৰ অনুমতি অবিহনে বিদ্যালয়খনৰ বিষয়ে একো মন্তব্য কৰিব নোৱাৰে ।

জলপাইগুড়ি জিলা প্ৰাথমিক বিদ্যালয় পৰিদৰ্শক শ্যামল ৰয়ে বিষয়টোৰ বিষয়ে গম পোৱাৰ পাচতে ইয়াক আচৰিত বুলি অভিহিত কৰি কৰিছে । তেওঁ উল্লেখ কৰা মতে, বিষয়তো তেওঁ অনুসন্ধান কৰি আছে । এই সন্দৰ্ভত তদন্তৰ প্ৰতিবেদনো তেওঁ প্ৰেৰণ কৰিব । স্থানীয় বিদ্যালয় পৰিদৰ্শক ৰাজদীপ সৰকাৰ আৰু প্ৰধান শিক্ষয়িত্ৰী চঞ্চালী গাংগুলী মুখাৰ্জীকো এই বিষয়ে অৱগত কৰা হৈছে (Showcause letter to headmistress and SI)। অনুসন্ধানকাৰী দলে সেই বিদ্যালয়খন পৰিদৰ্শন কৰিব আৰু অনুসন্ধান কৰিব বুলি পৰিদৰ্শক শ্যামল ৰয়ে জানিবলৈ দিছে ।

ইফালে ভাতৃৰ ঠাইত 'প্ৰক্সি' শিক্ষয়িত্ৰী হিচাপে কাম কৰা ৰূপা দে’য়ে কয় যে, তেওঁৰ ভাতৃ সুদীপ্ত কুমাৰ দে’ বিদ্যালয়ৰ এগৰাকী শিক্ষক । তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে । সেয়ে ভাতৃৰ অনুপস্থিতিত তেওঁ পাঠদান কৰিছে । বিদ্যালয়সমূহৰ উপ পৰিদৰ্শকৰ অনুমতি লৈ পাঠদান কৰা বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে মাতৃৰ হৈ 'প্ৰক্সি' দি শিক্ষকতা কৰা প্ৰীতমে কয় যে তেওঁ সামৰিক অভিযান্ত্ৰিক সেৱা বিভাগৰ এগৰাকী কৰ্মচাৰী । মাতৃ অসুস্থ আৰু আহিব নোৱাৰে । সেয়েহে, বিদ্যালয় কৰ্তৃপক্ষ আৰু এছআইৰ লিখিত অনুমতি লৈ তেওঁ পাঠদান কৰি আছে । ইফালে, জলপাইগুড়ি জিলা প্ৰাথমিক বিদ্যালয় পৰিষদৰ অধ্যক্ষ লক্ষমোহন ৰয়ে কোৱা মতে তেওঁ বিষয়টো সম্পৰ্কে একো নাজানে । অৱশ্যে এই সন্দৰ্ভত তদন্ত কৰা হৈছে । যদি এয়া সঁচা হয় তেনেহ'লে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Mini manifesto for 2024: পূৰ্ণাংগ অধিৱেশনৰ বাবে সাজু কংগ্ৰেছ; 2024 ৰ বাবে ক্ষুদ্ৰ ইস্তাহাৰ প্ৰস্তুত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.