ETV Bharat / bharat

Mini manifesto for 2024: পূৰ্ণাংগ অধিৱেশনৰ বাবে সাজু কংগ্ৰেছ; 2024 ৰ বাবে ক্ষুদ্ৰ ইস্তাহাৰ প্ৰস্তুত

author img

By

Published : Feb 13, 2023, 6:33 PM IST

কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনৰ খচৰা সমিতিয়ে বিভিন্ন প্ৰস্তাৱৰ লগতে বৈঠকৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে ১৪ ফেব্ৰুৱাৰীত প্ৰথম খন বৈঠক অনুষ্ঠিত কৰিব (Congress first meeting before Plenary Session)। পূৰ্ণাংগ অধিৱেশনৰ সময়ত মুখ্য ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰস্তাৱসমূহ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এক ক্ষুদ্ৰ ইস্তাহাৰ হিচাপে গৃহীত হ'ব ।

Mini manifesto for 2024
পূৰ্ণাংগ অধিৱেশনৰ বাবে সাজু কংগ্ৰেছ

নেশ্যনেল ডেস্ক,১৩ ফেব্ৰুৱাৰী : অহা ২৪ৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ ৰায়পুৰত অনুষ্ঠিত হ'ব কংগ্ৰেছ দলৰ ৮৫ সংখ্যক পূৰ্ণাংগ অধিৱেশন (Congress Plenary Session 2023)। অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে দলটোৱে । জ্যেষ্ঠ কংগ্ৰেছী জয়ৰাম ৰমেশৰ নেতৃত্বত পূৰ্ণাংগ অধিৱেশনৰ খচৰা সমিতিয়ে বিভিন্ন প্ৰস্তাৱৰ লগতে সতীৰ্থ সন্মিলনৰ সময়ত অনুষ্ঠিত হ'বলগীয়া চিন্তা-চৰ্চামূলক বৈঠকৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে ১৪ ফেব্ৰুৱাৰীত প্ৰথম খন বৈঠক অনুষ্ঠিত কৰিব ।

এই বৈঠক গুৰুত্বপূৰ্ণ কিয়নো তিনিদিনীয়া মেগা কনক্লেভৰ সময়ত মুখ্য ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰস্তাৱসমূহ ২০২৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ বাবে এক ক্ষুদ্ৰ ইস্তাহাৰ হিচাপে গৃহীত হ'ব (Mini manifesto for 2024)। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম বীৰাপ্পামৈলী আৰু প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰস্তাৱৰ উপ-সমিতিসমূহৰ মুৰব্বী হিচাপে মনোনীত কৰিছে ।

দলীয় সূত্ৰৰ মতে দুয়োগৰাকী প্ৰাক্তন নেতাই ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰস্তাৱৰ খচৰাত অন্তৰ্ভুক্ত কৰিবলগা বিষয়বোৰৰ ওপৰত গোটৰ আন সদস্যসকলৰ সৈতে আলোচনা কৰি আছে । মৈলীয়ে ইটিভি ভাৰতক জনোৱা মতে ৰাজনৈতিক প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰা হৈছে । ইফালে খচৰা সমিতিখন গুৰুত্বপূৰ্ণ কিয়নো ই পূৰ্ণাংগ অধিৱেশনত বিভিন্ন প্ৰস্তাৱ আগবঢ়াব (85th Plenary Session preparation)।

তাৰ পাচত সংশ্লিষ্ট উপ-সমিতিবোৰে সভাত প্ৰস্তাৱবোৰত ভোট দিয়াৰ পূৰ্বে খচৰাবোৰৰ ওপৰত আলোচনা কৰে । আন্তৰ্জাতিক পৰিক্ৰমা, সামাজিক ন্যায় আৰু সৱলীকৰণ, কৃষক আৰু কৃষি আৰু যুৱ, শিক্ষা আৰু নিযুক্তি সম্পৰ্কীয় বৈঠকত বিতৰ্ক আৰু গৃহীত হ'ব লগা অন্যান্য প্ৰস্তাৱসমূহ উল্লেখ কৰা হয় ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান খুৰ্ছিদে আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপ সমিতিৰ মুৰব্বী, হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডা কৃষকসকলৰ উপ সমিতিৰ মুৰব্বী, মুকুল ৱাছনিক সামাজিক ন্যায়ৰ উপ সমিতিৰ মুৰব্বী আৰু পাঞ্জাৱ গোটৰ মুৰব্বী অমৰিন্দৰ সিং ৰাজা ব্ৰাৰে যুৱসকলৰ উপ সমিতিৰ মুৰব্বী । আমোদজনকভাৱে, মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে ২০২২ চনৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা লোকসভাৰ সাংসদ শশী থাৰুৰক আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপ-সমিতিৰ আহ্বায়ক হিচাপে মনোনীত কৰা হৈছে ।

দলৰ ভিতৰুৱা তথ্য মতে, ৰাহুল গান্ধী আৰু খাৰ্গে দুয়োগৰাকীয়ে দেশৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ লগতে চৰকাৰৰ নীতিৰ ওপৰত দলৰ উদ্বেগ ব্যক্ত কৰি আহিছে । সেয়েহে, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰস্তাৱসমূহে প্ৰাক্তন আৰু বৰ্তমানৰ কংগ্ৰেছ মুৰব্বী দুয়োগৰাকীৰ স্থিতি প্ৰতিফলিত কৰাৰ সম্ভাৱনা আছে যিসকলে শাসনাধিষ্ঠিত বিজেপিয়ে বিভাজনমূলক ৰাজনীতি খেলাৰ অভিযোগ উত্থাপন কৰি আহিছে আৰু বৰ্ধিত অৰ্থনৈতিক বৈষম্য, সামাজিক বিভেদ, ৰাজনীতিৰ কেন্দ্ৰীকৰণ আৰু সাংবিধানিক প্ৰতিষ্ঠানসমূহক অৱজ্ঞা কৰাৰ বাবে কেন্দ্ৰক সমালোচনা কৰিছে ।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৱনে ইটিভি ভাৰতক কোৱা মতে অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰস্তাৱসমূহে নীতিগত বিষয়ৰ বিষয়ে কথা পাতিব । ৰাহুল গান্ধীৰ ৪,০০০ কিলোমিটাৰ দেশব্যাপী ভাৰত জোড়ো যাত্ৰাৰ পৰা পূৰ্ণাংগ অধিৱেশন লৈ কংগ্ৰেছক শক্তি প্ৰদৰ্শন কৰাৰ আৰু এটা সুযোগ প্ৰদান কৰিব কিয়নো সমগ্ৰ দেশৰ পৰা প্ৰায় ১৫,০০০ দলীয় কৰ্মী আৰু নেতাই তিনিদিনীয়া মেগা কনক্লেভত উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

দলীয় নেতাসকলৰ মতে, দলৰ আভ্যন্তৰীণ নিৰ্বাচন সফলতাৰে সম্পূৰ্ণ হোৱাৰ পাছত পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হয় য'ত কংগ্ৰেছ সভাপতিৰ উপৰিও বিভিন্ন পিচিচি, এআইচিচিৰ কাৰ্যবাহী বিষয়া নিৰ্বাচিত হয় ।

যদিও যোৱা বছৰ দেশৰ পৰা ৯,০০০ তকৈও অধিক পিচিচি প্ৰতিনিধিয়ে খাৰ্গেক নতুন দলৰ সভাপতি হিচাপে নিৰ্বাচনত ভোট দিছিল, বিভিন্ন এআইচিচি প্ৰতিনিধিসকলে দলৰ সংবিধান অনুসৰি পূৰ্ণাংগ অধিৱেশনৰ সময়ত তেওঁৰ নিৰ্বাচনক সমৰ্থন জনাব । সাধাৰণতে, প্ৰতি ৮ গৰাকী পিচিচি প্ৰতিনিধিয়ে এ.আই.চি.চি. প্ৰতিনিধি নিৰ্বাচিত কৰে । এই গণনাৰ জৰিয়তে, এ.আই.চি.চি. প্ৰতিনিধিৰ সংখ্যা প্ৰায় ১,২০০ হ'ব লাগে (Total AICC member)। অৱশ্যে, যিহেতু বৰ্তমানৰ এআইচিচি প্ৰতিনিধিৰ সংখ্যা বেছি আছিল, দলটোৱে ৰাজ্যিক গোটবোৰক সেই অনুসৰি তালিকাখন কৰ্তন কৰিবলৈ আহ্বান জনাইছিল ।

যোৱা বছৰ চিন্তন শিবিৰৰ পাছত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ৰাহুলৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । দলীয় সূত্ৰৰ মতে সেয়েহে তেওঁক পূৰ্ণাংগ অধিৱেশনৰ খচৰা সমিতিৰ মুৰব্বী হিচাপে নিৰ্বাচিত কৰা হৈছে । ৰমেশৰ উপৰিও আন এজন জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙেও ৰাজনৈতিক প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

যোৱা বছৰ ২৬ অক্টোবৰত দলৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰা খাৰ্গে পূৰ্ণাংগ অধিৱেশনৰ বাবে গতি নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে আৰু উদ্বোধনী আৰু সমাপ্তি অধিৱেশনত এক গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ সম্ভাৱনা আছে । খাৰ্গেৰ উপৰিও, দলৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়েও তেওঁলোকৰ মতামত ব্যক্ত কৰি সমবেত লোকসকলক সম্বোধন কৰিব বুলি আশা কৰা হৈছে । প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি আন বহুতো জ্যেষ্ঠ নেতাইও পূৰ্ণাংগ অধিৱেশনত ভাষণ দিয়াৰ সুযোগ পাব ।

কংগ্ৰেছে যদিও ২০২৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰি আছে তথাপিও ২০২৩ চনত অনুষ্ঠিত হ'বলগীয়া ৯ খন বিধানসভা নিৰ্বাচনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে (Upcoming election in India)। এনে পৰিপ্ৰেক্ষিতত, কৰ্ণাটকৰ মৈলীক ৰাজনৈতিক উপ সমিতিৰ মুৰব্বী হিচাপে নামাকৰণ কৰাটোৱে দেখুৱায় যে কংগ্ৰেছে দক্ষিণাত্যৰ ৰাজ্যখনৰ ভোটাৰসকললৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰি আছে ।

লগতে পঢ়ক :Surajkund Mela 2023: হাৰিয়ানাৰ মেলাত মেঘালয়ৰ শিল্প-কলাৰ সমাদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.