ETV Bharat / bharat

Surat Mass Suicide : চুৰাটত সমূহীয়া আত্মহত্যাৰ ঘটনা; একেটা পৰিয়ালৰ সাত সদস্যৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 5:40 PM IST

এক চিনেমাৰ দৰে ঘটনাই জোকাৰি গৈছে সমগ্ৰ গুজৰাট । চুৰাটত এটা পৰিয়ালৰ সমূহীয়া আত্মহত্যাৰ ঘটনাই সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে । চুৰাটত একেটা পৰিয়ালৰ সাতজনকৈ লোকে আত্মহত্যা কৰে । অৱশ্যে ইয়াৰে ছয়গৰাকীয়ে বিষ সেৱন কৰাৰ বিপৰীতে পৰিয়ালটোৰ মুৰব্বীগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে ।

চুৰাটত সমূহীয়া আত্মহত্যাৰ ঘটনা
Surat Mass Suicide

চুৰাটত একেটা পৰিয়ালৰে সাতজনৰ আত্মহত্যা

নিউজ ডেস্ক, ২৮ অক্টোবৰ : গুজৰাটত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা । চুৰাটত সংঘটিত এই মৰ্মান্তিক ঘটনাত এটা পৰিয়ালে সমূহীয়াভাৱে আত্মহত্যা কৰে । এগৰাকী ফাৰ্নিচাৰ ব্যৱসায়ীয়ে তেওঁৰ পৰিয়ালৰ ছয়জন সদস্যৰ সৈতে সমূহীয়াভাৱে আত্মহত্যা কৰে । এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যখনত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে । মৃতসকলৰ ভিতৰত আছে দুগৰাকী বৃদ্ধ, দুজন যুৱক আৰু তিনিটা শিশু । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ কৰে । জানিব পৰা মতে, কাৰোবাক ধাৰে দিয়া ধন ঘূৰাই নোপোৱাৰ বাবে পৰিয়ালটোৱে আত্মহত্যাৰ দৰে এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ।

ঘটনাৰ বিৱৰণী অনুসৰি, মনীষ চোলাঙ্কী নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ পৰিয়ালৰ সৈতে চুৰাটৰ আদাজানৰ পালানপুৰ পটিয়া অঞ্চলৰ সিদ্ধেশ্বৰ এপাৰ্টমেণ্টত বাস কৰিছিল । তেওঁ পিতৃ কানুভাই, মাতৃ শোভানা বেন, পত্নী ৰীতা আৰু দীক্ষা, কাব্য আৰু কুশল নামৰ তিনিটা সন্তানৰ সৈতে তাত বাস কৰিছিলল । মনীষভাই ফাৰ্নিচাৰৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল । জানিব পৰা মতে, মনীষভায়ে কোনো ব্যক্তিক টকা ধাৰলৈ দিছিল । কিন্তু এই টকা ঘূৰাই পোৱাৰ কোনো পথ দেখা নাছিল ।

যাৰ বাবে মনীষভাই ইমানেই হতাশ হৈ পৰে যে গোটেই পৰিয়ালটোক লৈ আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় । শুকুৰবাৰে নিশা তেওঁৰ পৰিয়ালটোৰ সৈতে আত্মহত্যা কৰে । মনীষভায়ে প্ৰথমে তেওঁৰ পিতৃ-মাতৃ, পত্নী আৰু তিনিটা সন্তানক বিষাক্ত দ্ৰৱ্য প্ৰদান কৰে । এই ছয়গৰাকী লোকৰ মৃত্যুৰ পিছত তেওঁ নিজেও চিপ লৈ আত্মহত্যা কৰে । তেওঁ এখন ছুইচাইড নোটো লিখি থৈ গৈছে । তাত কোৱা হৈছে যে তেওঁ দিয়া ধন ঘূৰাই নোপোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰে ।

আনহাতে, আৰক্ষীয়ে সমূহীয়া আত্মহত্যাৰ এই তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত গৈ উপস্থিত হয় । ঘটনাটোৰ গুৰুত্ব উপলব্ধি কৰি জ্যেষ্ঠ আৰক্ষী বিষয়াও ঘটনাস্থলীত উপস্থিত হয় । প্ৰাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে ছুইচাইড নোটখন বিচাৰি পায় । আৰক্ষীয়ে মৃতদেহকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে ফৰেনচিক বিভাগৰ পৰাও সহায় লৈ আছে ।

এই সমূহীয়া আত্মহত্যাৰ ঘটনাত ৭ জন লোকৰ মৃত্যু হয় । য'ত এগৰাকী ব্যক্তিয়ে চিপ লৈ আত্মহত্যা কৰাৰ বিপৰীতে বাকী ৬ জনৰ বিষ সেৱনৰ ফলত মৃত্যু হয় । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে । চুৰাট আৰক্ষীৰ ডিচিপি ৰাকেশ বাৰোটে এনেদৰে কয় ।

ফাৰ্নিচাৰ ব্যৱসায়ী মনীষে তেওঁৰ ছুইচাইড নোটত লিখিছে যে বহু লোকে তেওঁক টকা দিয়া নাই আৰু তেওঁ বহু লোকৰ ওচৰত ঋণী হৈ আছে । অৱশ্যে মনীষে তেওঁৰ এক পৃষ্ঠাৰ ছুইচাইড নোটখনত কাৰো নাম উল্লেখ কৰা নাই ।

আৰক্ষীৰ প্ৰাৰম্ভিক অনুমান মতে, মনীষে নিশাৰ আহাৰৰ সৈতে পৰিয়ালৰ সকলো সদস্যকে বিষাক্ত দ্ৰৱ্য খাবলৈ দিছিল । তেওঁলোকৰ মৃত্যুৰ পিছত নিজে ঘৰতে চিপ লৈ আত্মহত্যা কৰে । আনহাতে, যেতিয়া চুবুৰীয়াসকলে বিষৰ গোন্ধ পাইছিল, তেওঁলোকৰ মনত সন্দেহ হয় । ইয়াৰ পিছত তেওঁলোকে আহি দুৱাৰত টোকৰ মাৰে যদিও কোনেও দুৱাৰখন খুলি দিয়া নাছিল । তাৰ পিছতে তেওঁলোকে আৰক্ষী নিয়ন্ত্ৰণ কক্ষক কথাটো অৱগত কৰে । উল্লেখ্য, কেইদিনমান পূৰ্বে মনীষে তেওঁৰ পত্নীৰ বাবে এখন বৈদ্যুতিক বাইকো কিনিছিল ।

লগতে পঢ়ক :Mukesh Ambani Death Threat : মুকেশ আম্বানীলৈ মৃত্যুৰ ভাবুকি; এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.