ETV Bharat / bharat

Mukesh Ambani Death Threat : মুকেশ আম্বানীলৈ মৃত্যুৰ ভাবুকি; এজাহাৰ দাখিল

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 2:52 PM IST

"যদি আপুনি আমাক ২০ কোটি টকা নিদিয়ে, আমি আপোনাক হত্যা কৰিম । আমাৰ লগত ভাৰতৰ শ্ৰেষ্ঠ শ্বুটাৰ আছে ।" মৃত্যুৰ ভাবুকি দিয়া ই-মেইলটোত এনেদৰে লিখা আছে ।

মুকেশ আম্বানীলৈ মৃত্যুৰ ভাবুকি; এজাহাৰ দাখিল
Mukesh Ambani Death Threat

নিউজ ডেস্ক, ২৮ অক্টোবৰ : পুনৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে ভাৰতৰ বিজনেছ টাইকুন মুকেশ আম্বানীয়ে । ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে বৃহস্পতিবাৰে লাভ কৰে এই মৃত্যুৰ ভাবুকি । কোনো অজ্ঞাত ব্যক্তিয়ে ইমেইলৰ দ্বাৰা মৃত্যুৰ ভাবুকি দিয়ে মুকেশ আম্বানীক । লগতে তেওঁৰ পৰা ধনদাবীও কৰা হৈছে ।

ই-মেইলৰ জৰিয়তে তেওঁৰ পৰা ২০ কোটি টকা দাবী কৰিছে কোনো অজ্ঞাত অভিযুক্তই । আনহাতে, এই ২০ কোটি টকা যদি মুকেশ আম্বানীয়ে পৰিশোধ কৰাত বিফল হয় তেন্তে তেওঁক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়ে । ইতিমধ্যে এই ধনদাবী আৰু মৃত্যুৰ ভাবুকি সন্দৰ্ভত মুম্বাইৰ গামদেৱী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ আৰু ৫০৬ (২) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । মুম্বাই আৰক্ষীয়ে এই কথা প্ৰকাশ কৰিছে ।

মুম্বাইৰ গামদেৱী আৰক্ষী থানাত এই ভাবুকিপূৰ্ণ মেইলৰ ঘটনাত আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছে । "যদি আপুনি আমাক ২০ কোটি টকা নিদিয়ে, আমি আপোনাক হত্যা কৰিম । আমাৰ লগত ভাৰতৰ শ্ৰেষ্ঠ শ্বুটাৰ আছে ।" মৃত্যুৰ ভাবুকি দিয়া ইমেইলটোত এনেদৰে লিখা আছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে । উল্লেখ্য যে মুকেশ আম্বানীৰ নিৰাপত্তাত জড়িত ভাৰপ্ৰাপ্ত বিষয়াৰ অভিযোগৰ ভিত্তিত এই ইমেইল লাভ কৰাৰ পিছত আৰক্ষীয়ে অচিনাক্ত অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৮৭ আৰু ৫০৬ (২)ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক :Colvale Central Jail : কাৰাগাৰ চৌহদত ৰাৱণৰ পুত্তলিকা দাহ; গোৱা কাৰাগাৰৰ ৪ বিষয়াক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.