ETV Bharat / bharat

Subramanian Swamy slams Sonia : ৰাহুলৰ বিৰুদ্ধে মন্তব্য কৰিলেও গ্ৰেপ্তাৰ কৰিব নোৱাৰে সুব্ৰমণিয়াম স্বামীক

author img

By

Published : Apr 23, 2023, 1:47 PM IST

ৰাহুল গান্ধীৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰিলেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কোনেও গ্ৰেপ্তাৰ কৰিব নোৱাৰে বুলি পাটনাত এখন আইন সন্মিলনত ভাষণ দি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুব্ৰমণিয়াম স্বামীয়ে দাবী কৰে । আতিক আহমেদ হত্যাকাণ্ডৰ সন্দৰ্ভত মন্তব্য আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৃত ব্যক্তিজন কেনেকুৱা আছিল সেই বিষয়ে সকলোৱে জ্ঞাত বুলি উল্লেখ কৰে (Former Union Minister Subramanian Swamy) ।
Etv Bharat
Etv Bharat

নেশ্যনেল ডেস্ক, 23 এপ্ৰিল : শনিবাৰে বিহাৰৰ পাটনাত এক আইন সন্মিলনত অংশগ্ৰহণ কৰি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুব্ৰমনিয়াম স্বামী । ৰাহুল গান্ধীৰ বিৰুদ্ধে স্বামীয়ে বহু মন্তব্য আগবঢ়াইছিল যদিও কোনেও তেওঁক জেললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা নাছিল বুলি উল্লেখ কৰে । নেশ্যনেল হেৰাল্ডৰ গোচৰত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী নিশ্চিতভাৱে জেললৈ যাব বুলি দাবী কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুব্ৰমনিয়াম স্বামীয়ে মাতৃ-পুত্ৰ কেৱল জামিনতহে বাহিৰ ওলাবলৈ সক্ষম হৈছে বুলি কয় (Sonia Gandhi and Rahul Gandhi will go to jail ) ।

সুব্ৰমনিয়াম স্বামীয়ে আইন পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিচত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ভাৰতলৈ আহিছিল শিক্ষকতা কৰাৰ উদ্দেশ্যৰে আৰু উক্ত সময়ত তেওঁ ইন্দিৰা গান্ধীৰ বহু আইনৰ বিৰুদ্ধে উঠিছিল বুলি সন্মিলনত উল্লেখ কৰে । এই কথাত ক্ষুব্ধ হৈ ইন্দিৰা গান্ধীয়ে সুব্ৰমনিয়াম স্বামীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে । তাৰ পিচত জনসংঘই তেওঁক ৰাজ্যসভালৈ পঠিয়ায় ৷ বৰ্তমান সময়ত আইনেই অস্ত্ৰ বুলিও উল্লেখ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Swamy targets Sonia Gandhi ) ।

অহা ৫০ বছৰত আইন বৃত্তিটোৱে সমাজত এক শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হ’ব বুলি স্বামীয়ে দাবী কৰে । শংকৰাচাৰ্য আনকি জয়প্ৰকাশ নাৰায়ণৰ সময়ৰ পৰাই বিহাৰত বিপ্লৱৰ সূচনা হৈছে বুলি তেওঁ উল্লেখ কৰে ৷ পাটনাত নিহত গেংষ্টাৰ আতিক আহমেদৰ সমৰ্থনত শ্লোগান দিয়াৰ সন্দৰ্ভত সুব্ৰমনিয়ান স্বামীয়ে কয় যে যদি দেশত গণতন্ত্ৰ আছে তেন্তে যিকোনো ব্যক্তিয়ে যিকোনো কথা ক’ব পাৰে (National Herald case) ।

আতিকৰ সমৰ্থনত শ্লোগান দি তেওঁলোকে নিজৰ ক্ষতি কৰিছে বুলিও তেওঁ কয় । আতিক আহমেদৰ হত্যাকাণ্ড সন্দৰ্ভত তেওঁ কয় যে তেওঁ কেনেকুৱা ব্যক্তি আছিল আৰু এই কাণ্ডটো কেনেকৈ সংঘটিত হ’ল সেয়া সকলোৱে জানে । আদালতে ৰায় প্ৰদান নকৰা পৰ্যন্ত এনে বিষয়ত কোনো মন্তব্য কৰাটো সঠিক নহ’ব বুলিও তেওঁ কয় (Subramanian Swamy in Patna) ।

ভাৰতৰ জনসংখ্যাই চীনৰ জনসংখ্যা অতিক্ৰম কৰাৰ সন্দৰ্ভত ভাষণ দি সুব্ৰমনিয়ান স্বামীয়ে কয় যে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কোনো আইন প্ৰণয়নৰ প্ৰয়োজন নাই । দেশত অৰ্থনৈতিক অগ্ৰগতি হ’লেই জনসংখ্যা নিয়ন্ত্ৰণত ৰাখিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে । জনসংখ্যা বৃদ্ধি হ্ৰাস কৰিবলৈ বছৰি ১০ শতাংশ হাৰত অৰ্থনৈতিক অগ্ৰগতি বৃদ্ধি কৰিব লাগে বুলি স্বামীয়ে কয় (Law Conclave in Patna)।

নিষেধাজ্ঞা সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মদ কেতিয়াও স্পৰ্শ কৰিব নালাগে আৰু এই বিষয়ে মানুহক সজাগ কৰিব লাগে বুলি সন্মিলনত উল্লেখ কৰে ।

লগতে পঢ়ক : Amrit Pals arrest latest news : গ্ৰেপ্তাৰ হ’ল নে আত্মসমৰ্পণ কৰিলে খালিস্তানী নেতা অমৃতপালে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.