ETV Bharat / bharat

আইআইটি ৰুড়কীৰ কোৱাৰেণ্টাইন কেন্দ্ৰত শিক্ষাৰ্থীৰ মৃত্যু

author img

By

Published : Apr 15, 2021, 4:49 PM IST

আইআইটি ৰুড়কীৰ কোৱাৰেন্টাইন কেন্দ্ৰত শিক্ষাৰ্থীৰ মৃত্যু
আইআইটি ৰুড়কীৰ কোৱাৰেন্টাইন কেন্দ্ৰত শিক্ষাৰ্থীৰ মৃত্যু

বুধবাৰে উত্তৰাখণ্ডৰ ৰুড়কীৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰত হৰিদ্বাৰস্থিত আইআইটিৰ এগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হয় । ক'ভিড-১৯ ত আক্ৰান্ত সতীৰ্থ এগৰাকীৰ সংস্পৰ্শত অহাৰ পাচতে নিহত শিক্ষাৰ্থী গৰাকীক কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছিল ।

নেশ্যনেল ডেস্ক, ১৫ এপ্ৰিল: বুধবাৰে উত্তৰাখণ্ডৰ হৰিদ্বাৰস্থিত আইআইটি ৰুড়কীৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰত এগৰাকী শিক্ষাৰ্থীৰ মৃত্যু হয় । ক'ভিড-১৯ ত আক্ৰান্ত সতীৰ্থ এগৰাকীৰ সংস্পৰ্শত অহাৰ পাচতে নিহত শিক্ষাৰ্থীগৰাকীক কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছিল । নিহত শিক্ষাৰ্থীগৰাকী প্ৰেম সিং বুলি জানিব পৰা গৈছে । প্ৰতিষ্ঠানটোৰ মুখপাত্ৰ ছোনিকা শ্ৰীবাস্তৱে প্ৰেম সিঙৰ মৃত্যুৰ খবৰ জানিবলৈ দিয়ে । তেওঁ ভূমিকম্প অভিযান্ত্ৰিক বিভাগৰ এম টেকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল । আইআইটি ৰুড়কীৰ প্ৰায় ১২০ গৰাকী শিক্ষাৰ্থীৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে ।

ক'ভিড-১৯ ত আক্ৰান্ত সতীৰ্থ এগৰাকীৰ সংস্পৰ্শত অহাৰ পাচতে যোৱা ১১ এপ্ৰিলৰ পৰা প্ৰেম সিঙে কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল । বুধবাৰে উত্তৰাখণ্ডত ক'ভিড-১৯ ত ১,৯৫৩ জন লোক নতুনকৈ আক্ৰান্ত হৈছে । ফলত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১,১৪,০২৪ লৈ বৃদ্ধি পায় । ১০,৭৭০ টা ঘটনা সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক: নেলাং উপত্যকাত উপস্থিত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.