ETV Bharat / bharat

Solar Eclipse 2023: এইটো দিনত হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ; জানি লওক ইয়াৰ সৈতে জড়িত কিছু জৰুৰী কথা

author img

By

Published : Apr 19, 2023, 1:24 PM IST

জ্যোতিষ শাস্ত্ৰৰ মতে, গ্ৰহণৰ আগৰ সময়ছোৱাক সুতক বুলি কোৱা হয় । সূৰ্যগ্ৰহণৰ সুতক সময় বেছি আৰু চন্দ্ৰগ্ৰহণৰ সুতক সময় কম । সূৰ্যগ্ৰহণৰ সময়ত চাৰি ঘণ্টা আগতেই সুতক আৰম্ভ হয় ।

Solar Eclipse 2023: First Solar Eclipse of 2023 is 'Rare Hybrid' Solar Eclipse!
এইদিনত হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, জানি লওক ইয়াৰ সৈতে জড়িত কিছু জৰুৰী কথা

নিউজ ডেস্ক, 19 এপ্ৰিল: জ্যোতিষ শাস্ত্ৰৰ মতে, গ্ৰহসমূহৰ ভিতৰত সূৰ্যক ৰজা গ্ৰহ বুলি গণ্য কৰা হয় । সূৰ্য উদয় হোৱাৰ পাচতহে পৃথিৱীৰ সকলো বস্তু উজ্জ্বল দেখা যায় । ৰোগ আৰু বিকাৰ সূৰ্যৰ তাপত ধ্বংস হয় । সকলো গ্ৰহ সূৰ্যৰ চাৰিওফালে ঘূৰি আছে আৰু চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে । এনে পৰিস্থিতিত যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত আহে । তেতিয়া সূৰ্যৰ পোহৰে পৃথিৱীলৈ যাব নোৱাৰে ।

এই কাৰণে সূৰ্যগ্ৰহণৰ সৃষ্টি হয় । সূৰ্যগ্ৰহণৰ সময়ত ৰোগ, বিকাৰ আদিৰ সম্ভাৱনা বাঢ়ি যায় । সূৰ্যগ্ৰহণ তিনি প্ৰকাৰৰ ক্ৰমে সম্পূৰ্ণ সূৰ্যগ্ৰহণ, আংশিক সূৰ্যগ্ৰহণ আৰু বৃত্তাকাৰ সূৰ্যগ্ৰহণ । সূৰ্যগ্ৰহণৰ সময়ত ৰাহু আৰু কেতুৰ নেতিবাচক প্ৰভাৱ পৰে বুলি ধৰ্মীয় বিশ্বাস কৰা হয় । গতিকে সূৰ্যগ্ৰহণৰ সময়ত ধৰ্মীয় ৰীতি-নীতি আৰু শুভ কাম-কাজ বৰ্জন কৰাটো উচিত । বিশেষকৈ গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’বলগা হয় । আহকচোন, সূৰ্যগ্ৰহণৰ সময়ৰ মানি চলিবগীয়া কিছুমান কথা জানো-

  • ২০২৩ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ ২০ এপ্ৰিল বৃহস্পতিবাৰে হ'ব
  • ৰাতিপুৱা ০৭:০৪ বজাৰ পৰা আৰম্ভ কৰি দিনটোৰ ১২:২৯ বজাত শেষ হ’ব

গ্ৰহণৰ সময়ত অণুবীক্ষণিক বীজাণুৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে:

  • খাদ্য গ্ৰহণ কৰিব নালাগে
  • গ্ৰহণৰ সময়ত তুলসীৰ পাত খাদ্য আৰু পানীৰ পাত্ৰত ৰাখিব লাগে
  • খাদ্য ঢাকি ৰাখিব লাগে
  • সূৰ্যগ্ৰহণৰ লগে লগে গা ধুব লাগে ।
  • গ্ৰহণৰ সময়ত মনৰ শক্তি কমি যায় । সেইবাবেই কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা উচিত নহয় ।
  • পুৰুষ আৰু মহিলাই যৌন সম্পৰ্ক স্থাপন কৰিব নালাগে ।
  • গৰ্ভৱতী মহিলাই সূৰ্যগ্ৰহণৰ সময়ত ঘৰৰ ভিতৰত থাকিব লাগে । এনে নকৰিলে শিশুটি প্ৰতিবন্ধী হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । গৰুৰ গোবৰ, বোকা বা তুলসীৰ পেষ্ট পেটত ৰখাটো ভাল ।
  • ঈশ্বৰৰ ভজন কীৰ্তন, গুৰু মন্ত্ৰ জপ কৰিব লাগে ।

ক'ত দেখা দিব সূৰ্যগ্ৰহণ

উল্লেখ্য যে, ভাৰতত এই সূৰ্যগ্ৰহণ দেখা নাযায় । এই সূৰ্যগ্ৰহণ আমেৰিকা, মালয়েছিয়া, কম্বোডিয়া, জাপান, চীন, ছিংগাপুৰ, নিউজিলেণ্ড, ভিয়েটনাম, ইণ্ডোনেছিয়া, থাইলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণ ভাৰত মহাসাগৰত দেখা যাব । এবছৰত কমেও দুটাকৈ সূৰ্যগ্ৰহণ হয় আৰু এবছৰত সৰ্বাধিক পাঁচটা সূৰ্যগ্ৰহণ হ’ব পাৰে ।

লগতে পঢ়ক: Gomutra unfit for human: মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক গোমূত্ৰ; অধ্যয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.