ETV Bharat / bharat

Odisha train accident : চিনাক্ত হৈছে ২৯ টা মৃতদেহ, ৬ টা মৃতদেহ পৰিয়ালক হস্তান্তৰ

author img

By

Published : Jul 1, 2023, 11:54 AM IST

Odisha train accident
চিনাক্ত হৈছে ৬ টা মৃতদেহ

বালাছোৰ ৰে'ল দুৰ্ঘটনাৰ প্ৰায় ১ মাহ সম্পূৰ্ণ । এতিয়াও হাস্পতালত আছে কেইবাটাও অচিনাক্ত মৃতদেহ । ডিএনএ পৰীক্ষাৰ অন্তত ৬ টা মৃতদেহ চিনাক্ত । পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হৈছে মৃতদেহকেইটা ।

নেশ্যনেল ডেস্ক,১ জুলাই : অৱশেষত পৰিয়ালক হস্তান্তৰ কৰা হ'ল বালাছোৰ দুৰ্ঘটনাত নিহত ৬ গৰাকী লোকৰ মৃতদেহ । চিনাক্ত নোহোৱাৰ বাবে এইমছ ভুৱনেশ্বৰতে আছিল মৃতদেহ কেইটা । ডিএনএ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত অৱশেষত এইমছ ভুৱনেশ্বৰ, ভুৱনেশ্বৰ পৌৰ নিগম আৰু চৰকাৰী ৰে'ল আৰক্ষীৰ সমন্বয়েৰে পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হয় মৃতদেহকেইটা । তাৰ ভিতৰত আছে বিহাৰৰ দুগৰাকী লোক । পূৰ্ণিয়া জিলাৰ সুৰজ কুমাৰ ঋষি আৰু বালিয়া জিলাৰ সুজিত কুমাৰ ।

একেদৰে, দুটা মৃতদেহ পশ্চিমবংগলৈ প্ৰেৰণ কৰা হয় । পুৰুলিয়া জিলাৰ সমীৰ বাউৰী আৰু মিদনাপুৰ পূব জিলাৰ মানস মাইটিৰ মৃতদেহ পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হৈছে । ঝাৰখণ্ড আৰু ওড়িশাৰো দুগৰাকী লোকৰ মৃতদেহ আত্মীয়ক হস্তান্তৰ কৰা হৈছে । ঝাৰখণ্ডৰ চাহেবগঞ্জৰ ভীম চৌধুৰী আৰু ওড়িশাৰ ময়ূৰভঞ্জৰ ফুটুকিচোলৰ ব্ৰহ্মকান্ত চৌধুৰীৰ মৃতদেহ পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হৈছে ।

ইফালে ওড়িশা চৰকাৰ আৰু পূব উপকূল ৰে'লৱেয়ে ভুক্তভোগী পৰিয়ালবোৰৰ বাবে এম্বুলেন্স আৰু এছক'ৰ্ট বাহনৰ ব্যৱস্থা কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰে'ল মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ৰে'লৱেৰ দ্বাৰা পৰিয়ালবোৰক আৰ্থিক সাহায্যও প্ৰদান কৰা হৈছে । আনহাতে ভুৱনেশ্বৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছত প্ৰায় ৫২ টা অচিনাক্ত মৃতদেহ থকাৰ খবৰ পোৱা গৈছে ।

ইয়াৰ পূৰ্বে ভুৱনেশ্বৰ পৌৰ নিগমৰ মেয়ৰ সুলোচনা দাসে সংবাদ মাধ্যমক জনোৱা মতে এইমছ ভুৱনেশ্বৰত ৮১ টা অচিনাক্ত মৃতদেহ আছে আৰু সেইবোৰৰ নমুনা ডিএনএ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । তাৰ ভিতৰত, ২৯ টা নমুনাৰ ফলাফল অনুসৰি চিনাক্ত হৈছে আৰু পৰিয়ালৰ লোকক অৱগত কৰা হৈছে ।

মেয়ৰগৰাকীয়ে জনাইছিল যে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি ভুৱনেশ্বৰ পৌৰ নিগমে মৃতদেহবোৰ তেওঁলোকৰ ঘৰলৈ প্ৰেৰণৰ বাবে পৰিবহনৰ ব্যৱস্থা কৰিছে । যদি কোনো লোকে মৃতদেহ লৈ যাব নিবিচাৰে তেনেহ'লে পৌৰ নিগমে অন্ত্যেষ্টিক্ৰিয়াৰো ব্যৱস্থা কৰিছে ।

উল্লেখ্য যে ২ জুনত সংঘটিত ভয়ংকৰ ৰে'ল দুৰ্ঘটনাটোত ২৯১ গৰাকী লোকৰ মৃত্যু হৈছিল আৰু ১০০০ ৰো অধিক লোক আহত হৈছিল । ইফালে চিনাক্ত নোহোৱাৰ বাবে প্ৰায় ১ মাহ ধৰি হাস্পতালতে বহু মৃতদেহ আছে ।

লগতে পঢ়ক :Bus Accident: ৰাজপথত দাউদাউকৈ জ্বলিল যাত্ৰীবাহী বাছ: অগ্নিদগ্ধ হৈ ২৫ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.