ETV Bharat / bharat

Bus Accident: ৰাজপথত দাউদাউকৈ জ্বলিল যাত্ৰীবাহী বাছ: অগ্নিদগ্ধ হৈ ২৬ জনৰ মৃত্যু

author img

By

Published : Jul 1, 2023, 8:14 AM IST

Updated : Jul 1, 2023, 2:03 PM IST

মহাৰাষ্ট্ৰৰ বুলধানাত শুকুৰবাৰে মাজনিশা এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হোৱাত ২৬ জনকৈ যাত্ৰীয়ে অকাল মৃত্যুক আকোঁৱালি হয় ৷ এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে আন ৮ জন যাত্ৰীৰ ৷

Bus Accident
ৰাজপথত দাউদাউকৈ জ্বলিল যাত্ৰীবাহী বাছ

নিউজ ডেস্ক, ১ জুলাই: মহাৰাষ্ট্ৰৰ বুলধানাত শুকুৰবাৰে মাজনিশা এখন যাত্ৰীবাহী বাছৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত ঘটনাস্থলীত ২৫ জন যাত্ৰীৰ মৃত্যু হয় । বুলধানা জিলাৰ সিন্ধখেদাৰাজাৰ ওচৰৰ পিম্পালখুটা গাঁৱৰ ওচৰৰ সমৃদ্ধি ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল । যাত্ৰীবাহী বাছখন নাগপুৰৰ পৰা পুনেলৈ গৈ আছিল । বাছখনত ৩৩ জন যাত্ৰী আছিল আৰু ইয়াৰে আঠজন যাত্ৰীয়ে কোনোমতে নিজৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, শুকুৰবাৰৰ মাজনিশা ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল ।

অগ্নিদগ্ধ বাছখন বিদৰ্ভ ট্ৰেভেলছৰ আছিল আৰু বাছখনে নাগপুৰ, ৱাৰ্ধা আৰু যাৱতমালৰ পৰা যাত্ৰী কঢ়িয়াই আনিছিল । নাগপুৰৰ পৰা পুনেলৈ গৈ থকা সময়তে বাছখনে সিন্ধখেদাৰাজাৰ ওচৰৰ পিম্পলাখুটা গাঁৱৰ কাষৰ সমৃদ্ধি ঘাইপথত এটা ডিভাইদাৰত খুন্দা মৰাৰ পাচত বাছখনত জুইৰ সূত্ৰপাত হয় ৷ লগে লগে বাছখনৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু তেওঁলোকে প্ৰাণৰক্ষাৰ চেষ্টা কৰে ৷

কিন্তু জলন্ত বাছখনৰ পৰা মাত্ৰ আঠজন যাত্ৰীহে সুৰক্ষিতভাৱে ওলাই আহিবলৈ সক্ষম হয় । বাছখনৰ পৰা সুৰক্ষিতভাৱে ওলাই অহাসকলৰ মাজত চালক আৰু হেণ্ডিমেনো আছে । আহতসকলক ততাতৈয়াকৈ ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় । অৱশ্যে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আন এজন যাত্ৰীৰ ৷ ইয়াৰ লগতে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পায় ৷ তথ্য অনুসৰি, দুৰ্ঘটনাৰ পাচত বাছখনৰ দুৱাৰখন তললৈ বহি যোৱাত যাত্ৰীসকল বাহিৰলৈ ওলাই অহাত ব্যৰ্থ হয় ৷

এই দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সকলোকে উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে ৷ প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, বাছখনে প্ৰথমে লোহাৰ খুঁটাত খুন্দা মাৰে আৰু তাৰ পিছত পথৰ তলৰ ডিভাইদাৰত খুন্দা মাৰি ওলোটাকৈ বাগৰি পৰে । এই ঘটনাত বাছখনৰ দুৱাৰখন তললৈ বহি গৈছিল । কেইজনমান যাত্ৰীয়ে বাছখনৰ খিৰিকী ভাঙি ওলাই আহিবলৈ সক্ষম হয় ৷

ইফালে দুৰ্ঘটনাৰ পিচত, বাছখনৰ পৰা বৃহৎ পৰিমাণৰ ডিজেল ৰাস্তাত বিয়পি পৰিছে । ডিজেল টেংক তথা ইঞ্জিনৰ পৰা ডিজেল টেংকলৈ যোৱা পাইপ ফাটি যোৱাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত বাছখনত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷ আৰক্ষীয়ে বাছখনৰ পৰা ২৫ টা মৃতদেহ উদ্ধাৰ কৰিছে । কিন্তু বাছখনৰ পৰা উদ্ধাৰ কৰা মৃতদেহবোৰ চিনাক্ত কৰাটো কঠিন হৈ পৰিছে ।

লগতে পঢ়ক: Road Accident in Banda: উত্তৰ প্ৰদেশৰ বান্দাত ভয়ংকৰ পথ দুৰ্ঘটনা; 7 জনৰ মৃত্যু

Last Updated :Jul 1, 2023, 2:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.