ETV Bharat / bharat

Sikkim flash floods: ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগ পীড়িতক সহায়ৰ বাবে ওলাই আহিল ভাৰতীয় খেলুৱৈ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 10:09 PM IST

Sikkim flood victims
Sikkim flash floods

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়াই ছিকিমৰ বানাক্ৰান্ত লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। শিলিগুৰিত চেৰিটি ফুটবল খেলৰ আয়োজন কৰি এইসকল লোকৰ বাবে ধন সংগ্ৰহ কৰিছে। এই ক্ষেত্ৰত তেওঁক সহযোগ কৰিছে ভাৰতীয় বক্সাৰ মেৰী কম আৰু প্ৰাক্তন হকী কিংবদন্তি ধনৰাজ পিল্লায়ে ।

নিউজ ডেস্ক, 19 অক্টোবৰ: ছিকিমৰ বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিছে ক্ৰীড়া জগতৰ খেলুৱৈসকলো । এই লোকসকলক সহায় কৰিবলৈ খেলুৱৈসকলে ক্ৰীড়াৰ জৰিয়তে ধন সংগ্ৰহৰ পৰিকল্পনা কৰিছে । এই অভিযানক ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়াই মেচৰ জৰিয়তে আগুৱাই লৈ গৈছে । ছিকিমৰ বানাক্ৰান্তক সহায়ৰ বাবে ভূটিয়াই শিলিগুৰিত এছ’চিয়েশ্যন ফৰ কনজাৰ্ভেচন এণ্ড ট্যুৰিজমৰ সহায়ত এখন চেৰিটি ফুটবল খেলৰ আয়োজন কৰিছিল ।

ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক ধনৰাজ পিল্লাই আৰু ৫ বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক ২০১২ ৰ ব্ৰঞ্জ বিজয়ী বক্সাৰ মেৰী কমেও এই মেচত অংশগ্ৰহণ কৰে । বানত সকলো হেৰুওৱা লোকসকলক চেৰিটি মেচৰ জৰিয়তে ধন সংগ্ৰহ কৰি থকা সহায় কৰিবলৈ আগবাঢ়ি আহিছে খেলুৱৈসকল । বাইচুং ভূটিয়া, মেৰী কম আৰু ধনৰাজ পিল্লায়ে ফুটবল খেলৰ জৰিয়তে ছিকিমৰ বাবে ২ লাখ ৫০ হাজাৰ টকা আগবঢ়াইছে ।

আপোনালোকক জনাওঁ যে বুধবাৰে বিয়লি শিলিগুৰিত বাইচুং একাদশ বনাম মেৰী কম-ধনৰাজ পিল্লাই একাদশৰ মাজত এখন ফুটবল খেল অনুষ্ঠিত হয় । ধনৰাজ পিল্লাইৰ উপৰিও পূব বংগৰ প্ৰাক্তন খেলুৱৈ মঞ্জিত সিঙেও মেৰী কম দলৰ হৈ খেলপথাৰত নামিছিল । এই খেলখনত ধনৰাজ পিল্লায়ে ৪ টা গ’ল দিয়াৰ বিপৰীতে বাচুং ভূটিয়াইও ৪ টা গ’ল দিয়ে । এই মেচখনত মেৰী কমৰ দলটোৱে ১০-৯ গ’লত জয়লাভ কৰে । খেলখনত এই ভাৰতীয় খেলুৱৈসকলে হকী ষ্টিক আৰু বক্সিং গ্লভছ এৰি বানাক্ৰান্ত লোকসকলৰ বাবে ধন সংগ্ৰহ কৰে ।

এই সন্দৰ্ভত মেৰী কমে কয়, ‘‘ছিকিম এক ভয়ংকৰ দুৰ্যোগত বিধ্বস্ত হৈছে । সেয়ে বাইচুঙে মোক ছিকিমৰ দূৰ্গতৰ সৈতে থিয় হ’বলৈ আহ্বান জনালে ৷ মই খেলিবলৈ পাই সুখী হৈছো । আমি সকলো সুস্থ হোৱাটো বিচাৰোঁ ।’’ মেৰী কম আৰু ধনৰাজ পিল্লাই বাইচুং ভূটীয়াৰ উদ্যোগত ‘প্লে ফৰ টিষ্টা’ৰ জৰিয়তে ছিকিমৰ বানাক্ৰান্ত ৰাইজক সহায় কৰিছে । এতিয়ালৈকে এই বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ জন হৈছেগৈ । এই বানত ২২ জন সেনা জোৱানো নিৰুদ্দেশ হৈছিল, ইয়াৰে কিছুমানৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই ।

লগতে পঢ়ক: World Cup 2023: বাংলাদেশৰ বিৰুদ্ধে 7 উইকেটত জয়ী মেন ইন ব্লু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.