ETV Bharat / bharat

বজ্ৰপাতৰ ফলত গুজৰাটত ২০ জনৰ মৃত্যু, অমিত শ্বাহৰ শোক প্ৰকাশ

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 12:55 PM IST

20 killed in lightning strikes
বজ্ৰপাতৰ ফলত গুজৰাটত ২০ জনৰ মৃত্যু, অমিত শ্বাহৰ শোক প্ৰকাশ

গুজৰাটত হঠাৎ দেওবাৰৰ পৰা বতৰৰ যথেষ্ট অৱনতি ঘটিছে । বজ্ৰপাতৰ ফলত ৰাজ্যখনত ২০ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । গৃহ মন্ত্ৰী অমিত শ্বাহে শোক প্ৰকাশ কৰাৰ লগতে সাহায্য অভিযানৰ বাবে প্ৰশাসনক নিৰ্দেশ দিছে ।

নেশ্যনেল ডেস্ক,২৭ নৱেম্বৰ : শীতৰ আগমনৰ লগে লগে গুজৰাটত প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ লৈছে । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মৃত্যুৱে কিৰিলি পাৰিছে । বজ্ৰপাতৰ ফলত ৰাজ্যখনত ২০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন স্থানত বতৰ অতি বেয়া দেখা গৈছে । বৰষুণৰ সমান্তৰালকৈ ঠায়ে ঠায়ে প্ৰচণ্ড বজ্ৰপাত হোৱা দেখা গৈছে । বজ্ৰপাতৰ ফলত একেদিনাই ১৫ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগে লগে ৰাজ্যখনত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । এনে পৰিস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শোক প্ৰকাশ কৰিছে আৰু স্থানীয় প্ৰশাসনক প্ৰয়োজনীয় সাহায্যৰ নিৰ্দেশ দিছে ।

প্ৰশাসনৰ এগৰাকী লোকে জনোৱা মতে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়ালৈকে মুঠ ২০ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । তেওঁ জনোৱা মতে দাহোদ জিলাত ৪ গৰাকী, ভাৰুচত ৩ গৰাকী, টাপীত ২ গৰাকী আৰু আহমেদাবাদ, আমৰেলী, বনসকান্থা, বোটাদ, খেদা, মেহছানা, পঞ্চমহল, চাবৰকান্থা, চুৰাট, সুৰেন্দ্ৰনগৰ আৰু দেৱভূমি দ্বাৰকাত এজনকৈ লোকৰ মৃত্যু হৈছে । কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে দেওবাৰে নিশা এক্সৰ এটা পোষ্টত শোক প্ৰকাশ কৰে । মৃতকৰ পৰিয়াললৈ তেওঁ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে সোমবাৰে বতৰ কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে । তথ্য অনুসৰি, গুজৰাটৰ ২৫২ টা তালুকৰ ভিতৰত ২৩৪ খনত দেওবাৰে বৰষুণ হৈছে । চুৰাট, সুৰেন্দ্ৰনগৰ, খেদা, তাপী, ভাৰুচ আৰু আমৰেলী জিলাত ১৬ ঘণ্টাত ৫০-১১৭ মিমি বৰষুণ হৈছে । ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে । বিভিন্ন স্থানত শস্যৰো বিস্তৰ ক্ষতি হৈছে ।

ৰাজকোটৰ কিছু অংশত শিলাবৃষ্টি হয় । শস্যৰ ক্ষতিৰ উপৰিও হঠাৎ অহা বৰষুণে সৌৰাষ্ট্ৰৰ মৰবি জিলাৰ চিৰামিক উদ্যোগকো প্ৰভাৱিত কৰিছে । বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰখানাবোৰ বন্ধ কৰা হয় ।

স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে উত্তৰ-পূব আৰৱ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহৰ ফলত সৌৰাষ্ট্ৰ আৰু কচ্ছ অঞ্চলৰ ওচৰত বৰষুণ হয় । সোমবাৰে বৰষুণৰ মাত্ৰা হ্ৰাস হ'ব যদিও কোনো কোনো অঞ্চলত সামান্য বৰষুণ হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে ।

লগতে পঢ়ক :গুজৰাটত হালধীয়া সতৰ্কতা জাৰি; বজ্ৰপাতত এদিনতে নিহত 14 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.