ETV Bharat / bharat

Security forces search operation : ৰাজৌৰীৰ কেইবাখনো গাঁৱত নিৰাপত্তা বাহিনীৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 5:28 PM IST

জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । ইয়াৰ মাজতে ৰাজৌৰী অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ তীব্ৰ অভিযান । কেইবাখনো গাঁৱত অভিযান চলিছে ।

Security forces search operation
ৰাজৌৰীৰ কেইবাখনো গাঁৱত নিৰাপত্তা বাহিনীৰ অভিযান

নেশ্যনেল ডেস্ক,২ অক্টোবৰ : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । বিশেষকৈ কিছুমান অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে । তাৰ মাজতে ৰাজৌৰী জিলাতো নিৰাপত্তা বাহিনীয়ে কেইবাখনো গাঁৱত অভিযান আৰম্ভ কৰিছে ।

জানিব পৰা মতে নিৰাপত্তা বাহিনীয়ে গাঁওকেইখন ঘেৰি ৰাখিছে আৰু তালাচী অভিযান আৰম্ভ কৰিছে । সূত্ৰৰ মতে ৰাজৌৰী আৰক্ষী থানা কালোটৰ অন্তৰ্গত অঞ্চলবোৰ ঘেৰাও কৰা হৈছে । নিৰাপত্তাৰক্ষীয়ে ঘৰে ঘৰে তালাচী অভিযান আৰম্ভ কৰিছে ।

সূত্ৰৰ মতে নিৰাপত্তাৰক্ষীসকলে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ লাভ কৰিছিল । তাৰ পাছতে অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে আৰু তালাচী আৰম্ভ কৰে । ইফালে অনুসন্ধান অভিযানৰ প্ৰথম অৱস্থাত শূন্যলৈ গুলীচালনাৰ খবৰো পোৱা গৈছিল । কিন্তু প্ৰশাসনে এই কথা নিশ্চিত কৰা নাই ।

লক্ষণীয়ভাৱে এই বছৰ পীৰ পাঞ্জাল অঞ্চলৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত সন্ত্ৰাসবাদ যথেষ্ট বৃদ্ধি পাইছে । এই বছৰ এই জিলাসমূহত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১০ গৰাকী সুৰক্ষা কৰ্মী নিহত হৈছে । ইফালে, নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদীৰ সহযোগীৰ বিৰুদ্ধেও অভিযান অব্যাহত ৰাখিছে । পীৰ পাঞ্চাল অঞ্চলকে ধৰি জম্মু প্ৰদেশৰ চেনাব অঞ্চলতো সন্ত্ৰাসবাদী আৰু সহায়কসকলৰ বহু সামগ্ৰী জব্দ কৰা হৈছে ।

পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙেও পীৰ পাঞ্চালকে ধৰি চেনাব অঞ্চল পৰিদৰ্শন কৰিছিল । পৰিদৰ্শনৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে আৰক্ষী আৰু অন্যান্য সংস্থাসমূহে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :Eid Milad procession clash : ঈদ মিলাদৰ শোভাযাত্ৰাত উত্তেজনা, শিৱমোগাত ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.