ETV Bharat / bharat

Samsung Galaxy F54 5G: আকৰ্ষণীয় বৈশিষ্টৰ সৈতে মুকলি হ’ল Samsung Galaxy F54 5G, আজিৰ পৰা আৰম্ভ হ’ব প্ৰি-বুকিং

author img

By

Published : Jun 6, 2023, 7:40 PM IST

Samsung Galaxy F54 5G launched with big 6000 mAh battery, pre-booking starts today
আকৰ্ষণীয় বৈশিষ্টৰ সৈতে মুকলি হ’ল Samsung Galaxy F54 5G, আজিৰ পৰা আৰম্ভ হ’ব প্ৰি-বুকিং

5G Samsung Galaxyয়ে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে মুকলি কৰিছে এটা নতুন 5G স্মাৰ্টফোন । আজিৰ পৰাই নতুন ফোনটো প্ৰি-বুকিং কৰিব পাৰিব । অনলাইন শ্বপিং ৱেবছাইটযোগে ক্ৰয় কৰিব পাৰিব এই স্মাৰ্টফোন । কিন্তু ক্ৰয় কৰাৰ পূৰ্বে ইয়াৰ বৈশিষ্টসমূহ জানি লওক-

ইলেক্ট্ৰনিকছ কোম্পানী Samsung Galaxyয়ে ভাৰতীয় ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে নতুন 5G স্মাৰ্টফোন (Samsung f54 5g features)। কোম্পানীটোৱে ভাৰতীয় ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে Samsung Galaxy F54 5G । আহকচোন ক্ষন্তেকতে Samsungৰ নতুনকৈ মুকলি কৰা ডিভাইচটোৰ মূল বৈশিষ্ট্যসমূহ চাওঁ-

কিমান মূল্যত মুকলি কৰা হৈছে Samsung Galaxy F54 5G ?

প্ৰথমতে দামৰ কথা ক’বলৈ গ’লে Samsung Galaxy F54 5G 8GB + 256 GB ষ্ট’ৰেজ ভেৰিয়েণ্ট ২৭৯৯৯ টকাত কিনিব পাৰিব (Samsung galaxy f54 5g expected price in India)। নতুন ডিভাইচ মুকলি কৰা হৈছে ।

আজিৰ পৰাই ব্যৱহাৰকাৰীয়ে অনলাইন শ্বপিং ৱেবছাইট ফ্লিপকাৰ্টৰ পৰা এই ফোনটো প্ৰি-অৰ্ডাৰ কৰিব পাৰিব। ইয়াৰ উপৰিও চেমচাং গেলেক্সিৰ অফিচিয়েল ৱেবছাইটৰ পৰাও Samsung গেলেক্সি এফ54 5G অৰ্ডাৰ কৰিব পাৰিব (Samsung f54 specifications)।

লগতে পঢ়ক: Xiaomi: 1TB ষ্ট’ৰেজ আৰু 50MP কেমেৰাৰ সৈতে আহিল Xiaomiৰ এই নতুন স্মাৰ্টফোন

Samsung Galaxy F54 5Gৰ বৈশিষ্ট্য ?

Samsung Galaxy F54 5G বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে নতুন স্মাৰ্টফোনটো দুটা ৰঙৰ বিকল্পত কিনিব পাৰি Meteor Blue আৰু Stardust Silver । কোম্পানীয়ে এই নতুন স্মাৰ্টফোন এক্সিন’ছ ১৩৮০ ৫এনএম প্ৰচেছৰৰ সৈতে উত্থাপন কৰিছে।ছেমছাং গেলেক্সি এফ54 5জি 6.7 ইঞ্চিৰ এমোলেড ডিছপ্লেৰ সৈতে আনিছে । বেটাৰীৰ কথা ক’বলৈ গ’লে ডিভাইচটোৱে ৬০০০ এমএএইচৰ বিশাল বেটাৰী পেক কৰিছে ।

তদুপৰি স্মাৰ্টফোনটোৰ বেটাৰীত 25W ছুপাৰ ফাষ্ট চাৰ্জিং ফিচাৰ আছে (Samsung Galaxy F54 5G Model)। কেমেৰাৰ কথা ক’বলৈ গ’লে গেলাক্সি এফ54 5জিক 108 এমপি (অ’আইএছ) ন’ শ্বেক কেমেৰা ফিচাৰৰ সৈতে অনা হৈছে । ফোনটোত আছে ৮ মেগাপিক্সেলৰ আল্ট্ৰা ৱাইড লেন্স, 2 এমপি মেক্ৰ’ লেন্স । চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে Samsung Galaxy F54 5G ত আছে 32 MP চেলফি কেমেৰা ।

লগতে পঢ়ক: Motorola Razr 40 Ultra: আকৰ্ষণীয় বৈশিষ্টৰ সৈতে মুকলি হ’ল Motorolaৰ দুটাকৈ নতুন ফল্ডেবল স্মাৰ্টফোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.