ETV Bharat / bharat

Samantha Temple : অন্ধ্ৰপ্ৰদেশত সামন্থা ৰুথ প্ৰভুৰ অনুৰাগীয়ে নিৰ্মাণ কৰিলে তেওঁৰ মন্দিৰ; আজি হ’ব উদ্বোধন

author img

By

Published : Apr 28, 2023, 11:43 AM IST

Samantha Ruth Prabhu fan built a temple in Andhra Pradesh
সামন্থা ৰুথ প্ৰভুৰ অনুৰাগীয়ে নিৰ্মাণ কৰিলে মন্দিৰ

দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ এগৰাকী অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ বাবে নিৰ্মাণ কৰিছে মন্দিৰ (Samantha Ruth Prabhu)। সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 28 এপ্ৰিল: দক্ষিণৰ চলচ্চিত্ৰ জগতখনে আজি কেৱল দক্ষিণতে নহয়, সমগ্ৰ বিশ্বতে নিজৰ নাম বনাবলৈ সক্ষম হৈছে ৷ এই উদ্যোগটোৰ ছুপাৰষ্টাৰসকলে অভিনয় আৰু সুন্দৰ কামৰ দ্বাৰা অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । দক্ষিণৰ অভিনেতা-অভিনেত্ৰীসকলৰ প্ৰতি অনুৰাগীসকলৰ উন্মাদনা ইমানেই বেছি যে তেওঁলোকে নিজৰ প্ৰিয় তাৰকাৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হৈ পৰে ৷ এনে বহু উদাহৰণ নোহোৱা নহয় ৷ বহু সময়ত দেখা যায় অনুৰাগীয়ে নিজৰ প্ৰিয় তাৰকাৰ বাবে সকলো সীমাও অতিক্ৰম কৰিবলৈ কুণ্ঠাবোধ নকৰে ৷ এইবাৰ পুনৰ সংঘটিত হৈছে তেনে এক ঘটনা ৷

Samantha Ruth Prabhu fan built a temple in Andhra Pradesh
সামন্থা ৰুথ প্ৰভুৰ অনুৰাগীয়ে নিৰ্মাণ কৰিলে মন্দিৰ

শেহতীয়া খবৰ অনুসৰি এজন অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেত্ৰীৰ বাবে নিৰ্মাণ কৰিছে মন্দিৰ (Fan built a temple for the actress Samantha) ৷ এই ঘটনা অন্ধ্ৰপ্ৰদেশৰ ৷ নিজৰ প্ৰিয় অভিনেত্ৰীগৰাকীৰ প্ৰতি থকা প্ৰেমৰ বাবেই অনুৰাগীজনে অন্ধ্ৰপ্ৰদেশত তেওঁৰ বাবে নিৰ্মাণ কৰিছে মন্দিৰ (Samantha ruth prabhu) ।

Samantha Ruth Prabhu fan built a temple in Andhra Pradesh
সামন্থা ৰুথ প্ৰভুৰ অনুৰাগীয়ে নিৰ্মাণ কৰিলে মন্দিৰ

দক্ষিণৰ মোহময়ী অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৰ বাবে মন্দিৰ নিৰ্মাণ কৰিছে অনুৰাগীয়ে । অন্ধ্ৰ প্ৰদেশৰ বাপাটলা জিলাৰ মণ্ডলৰ আলাপডুৰ বাসিন্দা সন্দীপ নামৰ এজন ব্যক্তিজনে কয় যে তেওঁ সামন্থাক বহুত ভাল পায় । সন্দীপ কয় যে সামন্থাৰ অভিনয়ৰ লগতে সামাজিক কাম-কাজৰ বাবেই তেওঁক ভাল পায় ৷ প্ৰত্যুষ ফাউণ্ডেশ্যনৰ জৰিয়তে শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিবলৈ সামন্থাই লোৱা পদক্ষেপত বিশেষভাৱে আপ্লুত হৈছিল সন্দীপ ।

Samantha Ruth Prabhu fan built a temple in Andhra Pradesh
সামন্থা ৰুথ প্ৰভুৰ অনুৰাগীয়ে নিৰ্মাণ কৰিলে মন্দিৰ

সন্দীপে বিশ্বাস কৰে যে তেওঁ সামন্থাৰ যিমান প্ৰশংসা কৰে সেয়া কম আৰু এই ধৰণৰ কামৰ বাবে তেওঁৰ প্ৰশংসাও দুগুণ হয় । কাৰণ নিজৰ জীৱনৰ সৈতে যুঁজি থকা সেই শিশুসকলক অভিনেত্ৰীগৰাকীয়ে পুনৰ জনম দিয়ে । সেইবাবে অভিনেত্ৰীগৰাকীৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত ল’লে সন্দীপে (Samantha Ruth Prabhu temple) ৷ সন্দীপে কয় যে তেওঁ এতিয়ালৈকে সামন্থাক দেখা নাই আৰু কিন্তু সামান্থাৰ ভাল কামৰ বাবেই মন্দিৰটো নিৰ্মাণ কৰিছে (Samantha Temple in AP) ।

লগতে পঢ়ক: Filmfare Awards 2023: কোনে কোনে লাভ কৰিলে ২০২৩ চনৰ ফিল্মফেয়াৰ এৱাৰ্ড ? সম্পূৰ্ণ বিজয়ীৰ তালিকা চাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.