ETV Bharat / bharat

Subrata Roy Profile : ব্যৱসায়িক ক্ষেত্ৰৰ ঈৰ্ষণীয় উত্থানৰ এক নাম সুব্ৰত ৰয়

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 1:18 PM IST

ব্যৱসায়িক ক্ষেত্ৰৰ ঈৰ্ষণীয় উত্থানৰ এক নাম সুব্ৰত ৰয়
Subrata Roy Profile

সাহাৰা ইণ্ডিয়া পৰিয়ালৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ মঙলবাৰে নিশা মুম্বাইৰ এখন চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় । প্ৰাপ্ত তথ্য অনুসৰি, সুব্ৰত ৰয়ে বহু ৰোগৰ সৈতে যুঁজি আছিল ।

নিউজ ডেস্ক, ১৫ নৱেম্বৰ : সাহাৰা ইণ্ডিয়া পৰিয়ালৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ মঙলবাৰে পৰলোকপ্ৰাপ্তি ঘটে । মঙলবাৰে নিশা মুম্বাইৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয় । হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত ৭৫ বছৰীয়া সুব্ৰত ৰয়ৰ শ্বাস-প্ৰশ্বাস লোৱা বন্ধ হয় । তাৰ পিছত তেওঁক সংকটজনক অৱস্থাত ১২ নৱেম্বৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

সুব্ৰত ৰয়ৰ সফলতা আৰু উত্তৰণৰ কাহিনী সকলোৰে বাবে আকৰ্ষণীয় । তেওঁৰ মাটিৰ পৰা আকাশলৈ উত্তৰণৰ কাহিনীয়ে সকলোকে প্ৰেৰণা যোগাব পাৰে । উল্লেখ্য যে সুব্ৰত ৰয়ে ১৯৭৮ চনত সাহাৰা ইণ্ডিয়া গ্ৰুপ প্ৰতিষ্ঠা কৰিছিল । তাৰ পিছতে তেওঁ এটাৰ পিছত আন এটা সফলতাৰ চিৰি বগাই ওপৰলৈ গৈ থাকে । তেওঁ এম্বি ভেলী চিটি, সাহাৰা এয়াৰলাইনছ, সংবাদ প্ৰতিষ্ঠানকে ধৰি বহু ক্ষেত্ৰত নিজৰ দখল স্থাপন কৰিছিল । ২০১২ চনত সুব্ৰত ৰয়ক ভাৰতৰ ১০ গৰাকী আটাইতকৈ শক্তিশালী ব্যক্তিৰ ভিতৰত নিৰ্বাচিত কৰা হৈছিল ।

সুব্ৰত ৰয়ৰ জন্ম ১৯৪৮ চনৰ ১০ জুনত । তেওঁ বিহাৰৰ আৰাৰিয়া জিলাৰ এটা বঙালী পৰিয়ালত জন্মলাভ কৰিছিল । তেওঁৰ পিতৃৰ নাম আছিল সুধীৰ চন্দ্ৰ ৰয় আৰু মাতৃৰ নাম ছবি ৰয় । সুব্ৰত ৰয়ৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল গোৰখপুৰত । তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰিছিল । তাৰ পিছত তেওঁ গোৰখপুৰতে এক ব্যৱসায় আৰম্ভ কৰে । এই ব্যৱসায়ৰ পিছত 'সাহাৰা ইণ্ডিয়া পৰিবাৰ' নাম দিয়া হয় । সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, সুব্ৰত ৰয়ে ১৯৭৬ চনত এটা চিটফাণ্ড কোম্পানীত প্ৰথম চাকৰি আৰম্ভ কৰিছিল । তাৰ পিছত উক্ত কোম্পানীটো তেওঁ নিজে ক্ৰয় কৰিছিল ।

সুব্ৰত ৰয়ে লাহে লাহে নিজৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে । তেওঁ বহু ক্ষেত্ৰত হাত দিবলৈ চেষ্টা কৰিছিল । সুব্ৰত ৰয়ে ১৯৯২ চনত সংবাদ মাধ্যমৰ ক্ষেত্ৰখনতো প্ৰৱেশ কৰিছিল । তেওঁ ৰাষ্ট্ৰীয় সাহাৰা নামৰ এখন বাতৰিকাকত প্ৰকাশ কৰিছিল । তাৰ পিছত তেওঁ পুনেত এম্বি ভেলী চিটি নিৰ্মাণ কৰে । তেওঁ টেলিভিশ্যন উদ্যোগতো নিজৰ পতাকা উত্তোলন কৰিছিল। সুব্ৰত ৰয়ে বিদেশতো কেইবাটাও সম্পত্তি ক্ৰয় কৰে ।

কিন্তু ২০১৪ বৰ্ষটো সুব্ৰত ৰয়ৰ বাবে অতি বেয়া আছিল । প্ৰায় সকলো ক্ষেত্ৰতে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা সুব্ৰত ৰয়ে সেই বছৰ বহুতো আইনী সমস্যাৰ সন্মুখীন হৈছিল । ছেবিৰ সৈতে হোৱা বিবাদৰ বাবে তেওঁ উচ্চতম ন্যায়ালয়ৰ সন্মুখীন হ'বলগা হৈছিল । এই ক্ষেত্ৰত এক দীঘলীয়া আইনী যুদ্ধ হয় । যাৰ বাবে তেওঁ কাৰাবাসো খাটিবলগা হৈছিল । অৱশেষত তেওঁ বহু সংগ্ৰামৰ অন্তত তিহাৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিছিল । তেওঁ পেৰোলত মুক্তিলাভ কৰিছিল ।

লগতে পঢ়ক :Subrata Roy death: সুব্ৰত ৰয় সাহাৰাৰ পৰা সোণালী বেন্দ্ৰেলৈকে আক্ৰান্ত হৈছিল এই বিৰল ৰোগত; জানক কিয় বিপজ্জনক এই ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.