ETV Bharat / sukhibhava

Subrata Roy death: সুব্ৰত ৰয় সাহাৰাৰ পৰা সোণালী বেন্দ্ৰেলৈকে আক্ৰান্ত হৈছিল এই বিৰল ৰোগত; জানক কিয় বিপজ্জনক এই ৰোগ

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 11:33 AM IST

Updated : Nov 15, 2023, 1:19 PM IST

মঙলবাৰৰ নিশা 10.30 বজাত হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সাহাৰা ইণ্ডিয়া পৰিয়ালৰ মুৰব্বী সাহাৰাশ্ৰী সুব্ৰত ৰয় সাহাৰাই ৷ তেওঁ মৃত্যুৰ মুল কাৰণ আছিল দুৰাৰোগ্য মেটাষ্টেটিক মেলিগনেন্সি ৷ কি হয় এই ৰোগ ? এই ৰোগৰ বিষয়ে বিতংভাৱে জানো আহক....

What is metastatic malignancy? From Subrata Roy Sahara to Sonali Bendre was suffering from this rare cancer
সুব্ৰত ৰয় ছাহাৰাৰ পৰা সোণালী বেন্দ্ৰেলৈকে আক্ৰান্ত হৈছিল এই বিৰল ৰোগত; জানক কিয় বিপজ্জনক এই ৰোগ

সাহাৰা ইণ্ডিয়া পৰিয়ালৰ মুৰব্বী সাহাৰাশ্ৰী সুব্ৰত ৰয় সাহাৰাৰ ৭৫ বছৰ বয়সত মৃত্যু হয় ৷ কোৱা হৈছে যে তেওঁ মেটাষ্টেটিক মেলিগনেন্সি নামৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল ৷ দুৰাৰোগ্য মেটাষ্টেটিক মেলিগনেন্সি, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ আদিৰ দৰে জটিল ৰোগৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি থকাৰ পিছত মঙলবাৰৰ নিশা 10.30 বজাত হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে সাহাৰা ইণ্ডিয়া পৰিয়ালৰ মুৰব্বীগৰাকীয়ে ৷

উল্লেখযোগ্য যে, কেইবছৰমানৰ পূৰ্বে বলীউডৰ অভিনেত্ৰী সোণালী বেন্দ্ৰেও কৈছিল যে তেওঁ এই হাই গ্ৰেড কেন্সাৰৰ বলি হৈছিল, যাৰ বাবে তেওঁ নিউয়ৰ্ক আৰু মুম্বাইত চিকিৎসা গ্ৰহণ কৰিছিল ৷ Metastatic Malignancy কি আৰু ই এজন ব্যক্তিক কেনেদৰে প্ৰভাৱিত কৰিব পাৰে সেই বিষয়ে জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ৷

মেটাষ্টেটিক মেলিগনেন্সি কি ?

মানুহৰ মেটাষ্টেটিক কেন্সাৰৰ বিষয়ে বহুলোকেই জ্ঞাত নহয়, কাৰণ সাধাৰণতে আমি হাওঁফাওঁ, কলৰেক্টাল, প্ৰষ্টেট, লিভাৰ, পেট, স্তন, ছাৰ্ভাইক্স আৰু লিভাৰ কেন্সাৰৰ ক্ষেত্ৰত বেছিকৈ শুনা পাওঁ ৷ মেটাষ্টেটিক মেলিগনেন্সি হৈছে অনিয়ন্ত্ৰিত কোষৰ দ্বাৰা হোৱা এক উন্নত কৰ্কট ৰোগ ৷ এই কেন্সাৰ কোষবোৰ আক্ৰান্ত অংগটোৰ বেছমেণ্ট মেমব্ৰেন ফালি ওলাই আহি আন অংগ যেনে হাড়, হাওঁফাওঁ, মগজু আৰু যকৃতলৈ লিম্ফ ন’ড আৰু শিৰাৰ জৰিয়তে বিয়পি পৰে ৷

মেটাষ্টেটিক মেলিগনেন্সি কেনেকৈ চিনাক্ত কৰিব পাৰি ?

মেটাষ্টেটিক মেলিগনেন্সি ধৰা পেলোৱাটো সহজ কাম নহয়, তথাপিও কিছুমান লক্ষণৰ জৰিয়তে ইয়াক চিনাক্ত কৰিব পাৰি ৷ এনে লক্ষণ আন ৰোগতো দেখা যায় যদিও আপোনাৰ বাবে অলপ সজাগ হোৱাটো গুৰুত্বপূৰ্ণ ৷ ইয়াৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় পৰীক্ষাসমূহ কৰাব লাগে যাতে আপুনি মেটাষ্টেটিক টিউমাৰৰ আকাৰ জানিব পাৰে ৷

  • মূৰৰ বিষ
  • মূৰ ঘুৰণি
  • দেখাত অসুবিধা
  • উশাহ লোৱাত কষ্ট পোৱা
  • পেটত ফুলা
  • জণ্ডিচ
  • খোজ কঢ়াত অসুবিধা
  • আকস্মিক ফ্ৰেকচাৰ

এই পৰীক্ষাৰ জৰিয়তে জনা যাব

লিকুইড বায়’প্সি নামৰ তেজৰ পৰীক্ষাৰ জৰিয়তে মেটাষ্টেটিক মেলিগনেন্সি টিউমাৰ ধৰা পেলাব পাৰি ৷ এই পৰীক্ষাৰ জৰিয়তে CA 125, CEA, CA 19.9, চলাচল কৰা টিউমাৰ কোষ, আলফা ফেট’ প্ৰ’টিন আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পেলাব পাৰি ৷

মেটাষ্টেটিক মেলিগনেন্সিৰ চিকিৎসা

মেটাষ্টেটিক মেলিগনেন্সিৰ চিকিৎসা অলপ জটিল ৷ ইয়াৰ বাবে কেমোথেৰাপি, অস্ত্ৰোপচাৰ, ইমিউন’থেৰাপি আৰু ৰেডিয়’থেৰাপি আদি বিভিন্ন চিকিৎসা পদ্ধতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলেহে উন্নত চিকিৎসা সম্ভৱ হয়, যদি এই কেন্সাৰ অত্যধিক বিয়পি পৰে তেন্তে ইয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে ৷ অভিনেত্ৰী সোণালী বেন্দ্ৰেই ২০১৮ চনত কৈছিল যে তেওঁ মেটাষ্টেটিক কেন্সাৰত আক্ৰান্ত হৈ আছে যাৰ চিকিৎসাৰ বাবে তেওঁ কেমোথেৰাপি আৰু অস্ত্ৰোপচাৰৰ সহায় লৈছিল ৷ আনহাতে সুব্ৰত ৰয়ে এই কৰ্কট ৰোগৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰিলে কাৰণ ই শৰীৰৰ বহু অংশলৈ বিয়পি পৰিছিল ৷

লগতে পঢ়ক: Sahara Group chief death : বিশিষ্ট উদ্যোগপতি তথা সাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান

Last Updated :Nov 15, 2023, 1:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.