ETV Bharat / bharat

RT PCR Test Must for Flyers : বিমান যাত্ৰাৰ পূৰ্বেই সুবিধা পৰ্টেলত আপলোড কৰিব লাগিব ক’ভিডৰ নিগেটিভ ৰিপৰ্ট

author img

By

Published : Dec 29, 2022, 8:48 PM IST

RT PCR Test Must for Flyers
যাত্ৰাৰ পূৰ্বেই সুবিধা পৰ্টেলত আপলোড কৰিব লাগিব ক’ভিডৰ নিগেটিভ ৰিপৰ্ট

চীন, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু থাইলেণ্ডৰ পৰা অহা বিমানযাত্ৰীৰ বাবে ক’ভিড ৰিপ’ৰ্ট ঋণাত্মক হোৱাটো বাধ্যতামূলক । বিমান বন্দৰত উপস্থিত হোৱাৰ পূৰ্বেই "সুবিধা পৰ্টেল"ত আপলোড কৰিব লাগিব ক’ভিড টেষ্টৰ ৰিপৰ্ট (RT PCR Test Must for Flyers)৷

নিউজ ডেস্ক, 29 ডিচেম্বৰ: শেহতীয়াকৈ পুনৰ গা কৰি উঠা ক’ভিড-19ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে ৷ সেই অনুসৰি আগন্তুক 1 জানুৱাৰীৰ পৰা বিমান যাত্ৰাৰ পূৰ্বে ক’ভিড-19 পৰীক্ষাৰ ৰিপৰ্ট দাখিল কৰাটো বাধ্যতামূলক হ’ব বিদেশৰ পৰা অহা বিমানযাত্ৰীৰ ক্ষেত্ৰত (RT PCR Test Must for Flyers)৷ বৃহস্পতিবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে ৷

  • RT-PCR test has been made mandatory for flyers coming from China, Hong Kong, Japan, South Korea, Singapore and Thailand from 1st January 2023. They will have to upload their reports on the Air Suvidha portal before travel.

    — Dr Mansukh Mandaviya (@mansukhmandviya) December 29, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

চীন, হংকং, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু থাইলেণ্ডৰ পৰা ভাৰতলৈ অহা যাত্ৰীসকলে ক’ভিড নিগেটিভৰ ৰিপৰ্ট দাখিল কৰাটো বাধ্যতামূলক হ’ব (India makes negative RT PCR mandatory)।

বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়াই এই কথা জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, যাত্ৰীসকলে যাত্ৰাৰ পূৰ্বে এয়াৰ "সুবিধা পৰ্টেল"ত(Air Suvidha portal) তেওঁলোকৰ আৰ টি পি চি আৰ টেষ্টৰ নিগেটিভ ৰিপৰ্ট জমা দিব লাগিব । তেওঁ কয় যে ভাৰতলৈ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে ৭২ ঘণ্টাৰ ভিতৰত ক’ভিড টেষ্ট কৰিব লাগিব ।

উল্লেখ্য যে, একাংশ দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে চৰকাৰে সতৰ্কতা অৱলম্বন কৰি ক’ভিড বিধি প্ৰস্তুত কৰিছে (Covid 19 alert)। ইয়াৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাজু হ’বলৈ কোৱা হৈছে ।

লগতে পঢ়ক: Wine shops in Assam : ৰাইজৰ পদূলিয়ে পদূলিয়ে চৰকাৰৰ সুৰা ! ৭০০ খন নতুন সুৰাৰ বিপণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.