ETV Bharat / bharat

Mithun eats beef: মিথুন চক্ৰৱৰ্তীয়ে গোমাংস খাই নে নাখায় RSS এ নিশ্চিত কৰিব লাগে; কুনাল ঘোষ

author img

By

Published : May 25, 2023, 10:56 PM IST

"মই আৰ আৰ এছক মিথুন দাদাক সুধিবলৈ আহ্বান জনাইছো যে তেওঁ প্ৰকৃততে গোমাংস ভক্ষণ কৰেনে নাই ?" তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ কুনাল ঘোষে RSS বিজেপি নেতা তথা প্ৰবীন অভিনেতা মিথুন চক্ৰৱৰ্তীক তীব্ৰ ভাষাৰে সমালোচনা কৰে (Kunal Ghosh severely criticized RSS)৷

RSS should confirm whether Mithun eats beef: Kunal Ghosh
মিথুন চক্ৰৱৰ্তীয়ে গোমাংস খাই নে নাখায় RSS এ নিশ্চিত কৰিব লাগে

নিউজ ডেস্ক, ২৫ মে’: "মিথুন চক্ৰৱৰ্তীয়ে গোমাংস ভক্ষণ কৰে নে নাই আৰ এছ এছে অনুসন্ধান কৰক (BJP leader Mithun Chakraborty eats beef ) ৷ মিথুন চক্ৰৱৰ্তীয়ে এবিভিপিৰ সম্পূৰ্ণ নাম ক'বলৈ নাজানে ৷ এবিভিপিৰ সম্পূৰ্ণ অৰ্থও তেওঁক অন্য লোকে কাগজত লিখি দিব লাগে ৷ ABVP ৰ কোনো অস্তিত্ব নাই (RSS should confirm Mithun eats beef ) ৷ ফলস্বৰূপে বিজেপিয়ে এগৰাকী প্ৰবীন অভিনেতাক দলত অন্তৰ্ভুক্ত কৰিছে, এতিয়া ৰাজনীতিত তেওঁ ডিস্কো নৃত্য শিল্পীৰ কাহিনী বৰ্ণনা কৰিব ৷ তেওঁ জিমি জিমি... আজা আজা গাব। ইয়াৰোপৰি মই আৰ এছ এছক মিথুন দাদাক সুধিবলৈ আহ্বান জনাইছো যে তেওঁ প্ৰকৃততে গোমাংস ভক্ষণ কৰেনে নাই ?" বৃহস্পতিবাৰে এই মন্তব্য কৰি তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ কুনাল ঘোষে আৰ এছ এছৰ লগতে বিজেপি নেতা তথা প্ৰবীন অভিনেতা মিথুন চক্ৰৱৰ্তীক তীব্ৰ ভাষাৰে সমালোচনা কৰে (Kunal Ghosh severely criticized RSS)৷

ইয়াৰোপৰি সৌৰভ গাংগুলীৰ বিষয়ে কুনাল ঘোষে কয়, " তেওঁ ভাল অলৰাউণ্ডাৰ। মই দাদাৰ অনুৰাগী। তেওঁৰ উত্তৰ তেওঁৰ প্ৰশ্নতেই লুকাই আছে (Kunal Ghosh on Sourav Ganguly)। নিশ্চিতভাৱে এনে কিবা কৰিছে যাৰ বাবে তেওঁ এই প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে । মই ক্ৰিকেটাৰ সৌৰভৰ অনুৰাগী। তেওঁ বংগৰ গৌৰৱ। তেওঁৰ বিষয়ে মই কোনো বিতৰ্ক নিবিচাৰো। বাৰে বাৰে তেওঁৰ ভূমিকাৰ ওপৰত কিয় প্ৰশ্ন উত্থাপন কৰা হয়, সেই কথা তেঁও নিজেই বিবেচনা কৰা উচিত।"

লগতে তৃণমূল কংগ্ৰেছৰ নেতা কুনাল ঘোষে অভিষেক বন্দোপাধ্যায়ৰ নৱ জোৱাৰ সন্দৰ্ভত বিধানসভাৰ বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীৰ গোচৰৰ ওপৰতো তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়, "সুবেন্দু অধিকাৰীয়ে প্ৰথমে উত্তৰ দিব লাগে যে সুদীপ্ত সেনৰ ৫০ লাখ টকা কাঁথি পৌৰসভাত প্ৰৱেশ কৰিছে নেকি। যদি প্ৰকৃততে তেওঁ ব্লেকমেইল কৰি ধন সংগ্ৰহ কৰে, তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰা উচিত। অভিষেক বন্দোপাধ্যায় আৰু নৱ জোৱাৰৰ নাম শুনি সুভেন্দু অধিকাৰীৰ চেহেৰাৰ ৰং সলনি হৈ যায় ৷ বৰ্তমান সুভেন্দু অধিকাৰী আতংকিত হৈ পৰিছে। অভিষেক বেনাৰ্জীয়ে নৱ জোৱাৰ যাত্ৰাৰ বাবে এখন জিলাৰ পৰা আন এখন জিলালৈ আহ যাহ অব্যাহত ৰাখিছে ৷ অভিষেক বেনাৰ্জীক জনসাধাৰণে চাব বিচাৰিলে বা লগ কৰিবলৈ ৰাজপথত ভিৰ কৰিলে বিৰোধীৰ চকু পুৰি লাভ নাই ৷ এয়া জনতাৰ ভালপোৱা আৰু সমৰ্থন ৷ "

লগতে পঢ়ক: Mob lynching style attack: জয় শ্ৰী ৰাম ধ্বনিৰে গণপ্ৰহাৰ; মহিলাৰ গৰ্ভপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.