ETV Bharat / bharat

আদালতৰ সেউজ সংকেত, ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব সঞ্জয় সিঙে

author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 1:46 PM IST

Delhi Rajya Sabha election
ৰাজ্যসভাত প্ৰতিদ্বন্দিতা কৰিব পাৰিব সঞ্জয় সিঙে

Delhi Rajya Sabha poll: দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰৰ অভিযুক্ত আম আদমি পাৰ্টীৰ নেতা সঞ্জয় সিঙলৈ আদালতৰ বৃহৎ সকাহ । ১৯ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত মনোনয়ন দাখিল কৰিব পাৰিব সিঙে । সাংসদগৰাকীৰ কাৰ্যকাল ২৭ জানুৱাৰীত সমাপ্ত হ'ব ।

নেশ্যনেল ডেস্ক,৫ জানুৱাৰী : দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক পুনৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অনুমতি দিছে । ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ কাৰ্যকাল ২৭ জানুৱাৰীত শেষ হ'ব । দিল্লীৰ ৰাজ্যসভাৰ তিনিখন আসনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৯ জানুৱাৰীৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে । এই আসনসমূহৰ ভোটগ্ৰহণ ১৯ জানুৱাৰীত অনুষ্ঠিত হ'ব ।

সঞ্জয় সিঙৰ উপৰিও, সুশীল গুপ্তা আৰু এন ডি গুপ্তা দিল্লীৰ আন দুগৰাকী ৰাজ্যসভাৰ সদস্য । তেওঁলোকৰ কাৰ্যকালো ২৭ জানুৱাৰীত শেষ হ'ব । কিন্তু এতিয়ালৈকে দলটোৱে কেৱল সঞ্জয় সিঙক প্ৰাৰ্থী হিচাপে প্ৰস্তুত কৰিছে । একে সময়তে, সঞ্জয় সিঙক দিল্লীৰ ৰাউজ এভিনিউ আদালতে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অনুমতিও প্ৰদান কৰিছে । দিল্লীৰ ৩ খন ৰাজ্যসভা আসন এইবাৰো আম আদমি পাৰ্টীৰ হাতত থকাৰ সম্ভাৱনা আছে । কিয়নো বিধানসভাৰ ৭০ গৰাকী বিধায়কৰ কেৱল আম আদমি পাৰ্টীৰে ৬২ গৰাকী আৰু বিজেপিৰ বিধায়ক ৮ গৰাকী ।

ইয়াৰ মাজতে দিল্লী নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ তিনিওখন আসনৰ বাবে নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । দিল্লী চৰকাৰে পৰিবহণ আয়ুক্ত আশীষ কুন্দ্ৰাক ৰিটাৰ্ণিং বিষয়া আৰু নীৰজ আগৰৱালাক সহকাৰী ৰিটাৰ্ণিং বিষয়া হিচাপে নিযুক্তি দিছে । নিৰ্বাচন আয়োগে ২২ ডিচেম্বৰত দিল্লীৰ ৰাজ্যসভাৰ তিনিখন আসনৰ নিৰ্বাচন ঘোষণা কৰিছিল আৰু ২ জানুৱাৰীত জাননী জাৰি কৰা হৈছিল । মনোনয়ন ৯ জানুৱাৰীলৈকে দাখিল কৰিব পাৰিব আৰু ১০ জানুৱাৰীত মনোনয়ন পৰীক্ষা কৰা হ'ব । মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ১২ জানুৱাৰী । ভোটগ্ৰহণ ১৯ জানুৱাৰীৰ পুৱা ৯ বজাত আৰম্ভ হ'ব আৰু সন্ধিয়া ৫ বজাত সমাপ্ত হ'ব ।

লগতে পঢ়ক :ক’ভিড আপডেট : ওড়িশাত JN১ ত আক্ৰান্ত দুজনকৈ লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.