ETV Bharat / bharat

JEE Main 2023: আজি ঘোষণা হ’ব পাৰে JEE ৰ মূল পৰীক্ষাৰ ফলাফল

author img

By

Published : Feb 6, 2023, 11:26 AM IST

Results likely to be released today; for January session
JEE Main 2023 জানুৱাৰী ছেশ্যনৰ পৰীক্ষাৰ ফলাফল

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ অধীনত অনুষ্ঠিত হোৱা 2023 বৰ্ষৰ অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE -Main ৰ জানুৱাৰীত অনুষ্ঠিত প্ৰথম ছেশ্যনৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ এই বৰ্ষত 95.8% ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে অভিলেখ স্থাপন কৰিছে JEE -Main ত (Results likely to be released today) ৷

নেশ্যনেল ডেস্ক, 6 ফেব্ৰুৱাৰী: আজি অৰ্থাৎ 6 ফেব্ৰুৱাৰীত ঘোষণা কৰিব পাৰে চলিত বৰ্ষৰ অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE ৰ (Joint Entrance Examination) ফলাফল ৷ জানুৱাৰীত অনুষ্ঠিত হোৱা প্ৰথম ছেশ্যনৰ পৰীক্ষাৰ (JEE Main 2023 January Session ) ফলাফল ঘোষণাক লৈ ইতিমধ্যে প্ৰাৰ্থীৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে ৷ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (National Testing Agency) ঘোষণা কৰা অনুসৰি সোমবাৰে জানুৱাৰী ছেশ্যনৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ 2023 বৰ্ষৰ 24 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীৰ ভিতৰত অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-Main অনুষ্ঠিত কৰা হৈছিল ৷

এন.আই.টি, আই আই টিকে ধৰি অন্যান্য কেন্দ্ৰীয় অনুদানপ্ৰাপ্ত কাৰিকৰী প্ৰতিষ্ঠান (Centrally Funded Technical Institutions) ৰাজ্য চৰকাৰৰ দ্বাৰা পুঁজি যোগান ধৰা প্ৰতিষ্ঠান/ বিশ্ববিদ্যালয়সমূহত বিভিন্ন স্নাতক অভিযান্ত্ৰিক কাৰ্যসূচীত নামভৰ্তি কৰিবলৈ ফলাফলৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ছাত্ৰী-ছাত্ৰীসকলে ৷

ৰাষ্ট্ৰীয় পৰীক্ষা সন্থাই জনোৱা অনুসৰি এইবৰ্ষত 9 লাখতকৈও অধিক প্ৰাৰ্থীয়ে জেইই মেইন ছেশ্যন 1ৰ বাবে পঞ্জীয়ন কৰিছিল ৷ ইয়াৰ ভিতৰত প্ৰায় 8.6 লাখ প্ৰাৰ্থীয়ে পেপাৰ-1 (Bachelors of Engineering/ Bachelors of Technology)ৰ বাবে আৰু 0.46 লাখ পেপাৰ-2 (Bachelors of Architecture/Bachelors of Planning)ৰ বাৰে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷

উল্লেখ্য যে জেইই মেইন জানুৱাৰী ছেশ্যনত 95.8% ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে অভিলেখ স্থাপন কৰিছে ৷ ৰাষ্ট্ৰীয় পৰীক্ষা সন্থাই সদৰী কৰে মতে এতিয়ালৈ JEE পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ভিতৰত এই সংখ্যা সৰ্বাধিক ৷ জেইই মেইনত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে দেশৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান - ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (এনআইটি) (National Institutes of Technology), ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই আই টি) (Indian Institutes of Information Technology) আৰু আই আই আই টি এইছ (আন্তৰ্জাতিক তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান) (International Institute of Information Technology) কে ধৰি উৎকৃষ্ট মানৰ প্ৰতিষ্ঠানসমূহত নামভৰ্তি কৰিব পাৰিব ৷ জেইই মেইন ছেশ্যন 1ৰ ফলাফলৰ কাট-অফ নম্বৰৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীসকলক জেইই এডভান্সড (JEE Advanced) পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অনুমতি দিয়া হ'ব ৷

লগতে পঢ়ক: Visa appointment for abroad: ভিছাৰ বাবে এতিয়া চিন্তা নাই; দিল্লীস্থিত আমেৰিকাৰ দূতাবাসে আগবঢ়াইছে বিশেষ সুবিধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.