ETV Bharat / bharat

দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আযুক্তৰ পদত ৰাজীৱ কুমাৰ

author img

By

Published : May 12, 2022, 3:15 PM IST

Rajiv Kumar appointed next CEC
Rajiv Kumar appointed next CEC

ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত ৰাজীৱ কুমাৰ (Election Commissioner Rajiv Kumar)৷ 1984 বেটচৰ ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াগৰাকীয়ে 15 মে’ত গ্ৰহণ কৰিব কাৰ্যভাৰ ৷

নিউজ ডেস্ক, 12 মে’: দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিৰ্বাচিত হৈছে ৰাজীৱ কুমাৰ (Rajiv Kumar appointed next CEC)৷ অহা 15 মে’ত কাৰ্যভাৰ গ্ৰহণ কৰাৰ কথা ৰাজীৱ কুমাৰে ৷ কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে জনোৱা মতে, অহা 14 মে’ত অন্ত পৰিব বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰৰ কাৰ্যকাল ৷ ৰাজীৱ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে(Chief Election Commissioner) নিযুক্তি দিয়াৰ কথা ৰাজহুৱা কৰিলে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷

  • In pursuance of clause (2) of article 324 of the Constitution, the President is pleased to appoint Shri Rajiv Kumar as the Chief Election Commissioner with effect from the 15th May, 2022.
    My best wishes to Shri Rajiv Kumar pic.twitter.com/QnFLRLiVPm

    — Kiren Rijiju (@KirenRijiju) May 12, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাজীৱ কুমাৰ হৈছে 1984 চনৰ এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৷ 1960 চনত জন্মগ্ৰহণ কৰা ৰাজীৱ কুমাৰে বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী, আইনৰ স্নাতক ডিগ্ৰী, পাব্লিক প’লিচিত স্নাতকোত্তৰ আৰু পি জি ডি এম ডিগ্ৰী গ্ৰহণ কৰে ৷ ভাৰত চৰকাৰৰ অধীনত 36 বছৰ চাকৰি কৰা অভিজ্ঞতাৰে পুষ্ট ৰাজীৱ কুমাৰে কেইবাটাও মন্ত্ৰণালয়ত কৰ্তব্য সম্পাদন কৰিছে ৷

ভাৰতৰ নিৰ্বাচন আয়োগৰ এগৰাকী জ্যেষ্ঠ নিৰ্বাচন আয়ুক্ত হিচাপে পৰিচিত ৰাজীৱ কুমাৰক দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ পদ প্ৰদান কৰি আনন্দ প্ৰকাশ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

লগতে পঢ়ক : Sedition law : ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.