ETV Bharat / bharat

Chennai Raj Bhavan : চেন্নাইৰ ৰাজভৱনৰ বাহিৰত পেট্ৰ’ল বোমা নিক্ষেপ, ডি এম কে চৰকাৰক কটাক্ষ বিৰোধীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 1:30 PM IST

বুধবাৰে চেন্নাইৰ ৰাজভৱনৰ সন্মুখত সংঘটিত হয় এক উদ্বেগজনক ঘটনা ৷ চেন্নাইৰ ৰাজভৱনৰ মূল গেটৰ সন্মুখত এজন ব্যক্তিয়ে পেট্ৰ’ল বোমা নিক্ষেপ কৰে ৷ অভিযুক্তটো টেইনাম্পেটৰ বাসিন্দা, নাম কাৰুক্কা বিনোথ বুলি জানিব পৰা গৈছে ৷

Chennai Raj Bhavan
চেন্নাইৰ ৰাজভৱনৰ সন্মুখত সংঘটিত হয় এক উদ্বেগজনক ঘটনা

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ : বুধবাৰে তামিলনাডুৰ ৰাজভৱনৰ মূল গেটৰ সন্মুখত এজন ব্যক্তিয়ে পেট্ৰ’ল বোমা নিক্ষেপ কৰে । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তটোক গ্ৰেপ্তাৰ কৰিছে ৷ লগতে ঘটনা সন্দৰ্ভত অধিত তথ্য জনাৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

Chennai Raj Bhavan
অভিযুক্ত কাৰুক্কা বিনোথ

এই ঘটনা সন্দৰ্ভত তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামলাই কয় যে ইয়াৰ দ্বাৰা ৰাজ্যখনৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতিৰ প্ৰতিফলন ঘটিছে । একে সময়তে এই ঘটনাক লৈ চৰকাৰক সমালোচনা কৰে বিৰোধী দল এআইএডিএমকে ।

অভিযুক্তৰ বিৰুদ্ধে বিচাৰাধীন কেইবাটাও গোচৰ :

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে এই ঘটনা সংঘটিত কৰা অভিযুক্তটো টেইনাম্পেটৰ বাসিন্দা, নাম কাৰুক্কা বিনোথ (৪২) । অভিযুক্তটোৰ বিৰুদ্ধে ইতিমধ্যে বহু গোচৰ চলি আছে । তেওঁ আৰু কয় যে অভিযুক্ত বিনোথৰ বিৰুদ্ধে ১৪ টা অপৰাধমূলক গোচৰ ৰুজু হৈছে আৰু শেহতীয়াকৈ অভিযুক্তটোক জামিনত মুকলি কৰি দিয়া হৈছে ।

তেওঁ কয় যে অভিযুক্তটো এনে দুটা ভিন্ন কাণ্ডত অভিযুক্ত হৈ আছে ৷ ইয়াৰে এটাত বিজেপিৰ কাৰ্যালয়ক লক্ষ্য কৰি লোৱাৰ ঘটনাও আছে । যোৱা সপ্তাহত অভিযুক্তটোৱে জামিন লাভ কৰি জেলৰ পৰা মুকলি হৈছিল ।

মূল বিষয়টো কি :

অতিৰিক্ত আৰক্ষী আয়ুক্ত (দক্ষিণ) প্ৰেম আনন্দ সিনহাই কয়, "বুধবাৰে বিয়লি প্ৰায় ৩ বজাত চৰ্দাৰ পেটেল পথৰ তামিলনাডুৰ ৰাজ্যপালৰ চৰকাৰী বাসগৃহৰ সন্মুখত এজন ব্যক্তিয়ে পেট্ৰ'ল বোমা নিক্ষেপ কৰে ৷ এই বোমাটো সন্মুখৰ বেৰিকেডৰ সন্মুখতে পৰে ৷

ৰাজভৱনৰ মূল গেটত উপস্থিত থকা আৰক্ষী বাহিনীয়ে অভিযুক্তটোক দেখাৰ লগে লগে আটক কৰে । সৌভাগ্যক্ৰমে এই ঘটনাত কোনো ধৰণৰ হতাহতিৰ খবৰ পোৱা নাই । লগতে তেওঁ কয় যে ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰি অভিযুক্তক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ৷

ডি এম কেৰ বিৰুদ্ধে বিৰোধী দলসমূহ :

বিৰোধী নেতা তথা এআইএডিএমকেৰ মুৰব্বী এদাপ্পাদি কে. পালানিস্বামীয়ে কয়, "ৰাজভৱনত উচ্চ নিৰাপত্তাৰ ব্যৱস্থা আছে ৷ কিন্তু আজিৰ ঘটনাই উদঙালে নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপটো । এই ঘটনাই তামিলনাডুৰ আইন-শৃংখলা যে অৱনতি ঘটিছে, সেয়াই প্ৰতিফলন হৈছে’’ ।

আন্নামলাই এক্সত কয়, "এইজনেই সেইজন ব্যক্তি, যিয়ে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত চেন্নাইত বিজেপিৰ তামিলনাডুৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰিছিল ৷ আজি এই অভিযুক্তটো ৰাজভৱনত হোৱা আক্ৰমণৰ বাবে দায়ী’’ ।

লগতে পঢ়ক : Chennai Raj Bhavan : চেন্নাইৰ ৰাজ ভৱনৰ মূল গেটলৈ পেট্ৰল বোমা নিক্ষেপ; অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.