ETV Bharat / bharat

চেন্নাইত ধাৰাসাৰ বৃষ্টিপাত : কৃত্ৰিম বানৰ সতৰ্কতা জাৰি প্ৰশাসনৰ

author img

By

Published : Nov 7, 2021, 3:48 PM IST

flood alert sounded
চেন্নাইত ধাৰাসাৰ বৃষ্টিপাত

নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত চেন্নাই আৰু ইয়াৰ সমীপৰ বহু অঞ্চল প্লাৱিত হৈ পৰিছে । ঠায়ে ঠায়ে কৃত্ৰিম বানৰো সতৰ্কতা জাৰি কৰিছে প্ৰশাসনে ।

চেন্নাই,৭ নৱেম্বৰ : চেন্নাই আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত নিশাৰ পৰা অব্যাহত আছে ধাৰাসাৰ বৰষুণ । ইতিমধ্যে চাৰিওফালে বৰষুণৰ পানীৰে জলমগ্ন হৈ পৰিছে । সংশ্লিষ্ট কৰ্তৃপক্ষই যিকোনো মুহূৰ্তত জলাশয় মুকলি কৰি দিব পাৰে । যাৰ বাবে ইতিমধ্যে সেই অঞ্চলবোৰত কৃত্ৰিম বানৰ সতৰ্কতা জাৰি কৰিছে ।

চেন্নাই চহৰৰ খোৱা পানীৰ গুৰুত্বপূৰ্ণ উৎস চেম্বাৰামবাক্কাম আৰু পুজাল জলাশয় ইতিমধ্যে পানীৰে উপচি পৰিছে । সেয়ে তাৰ পৰা অতিৰিক্ত পানী এৰি দিয়াৰ বাবে যো-জা চলাইছে কৰ্তৃপক্ষই । ইফালে কৃত্ৰিম বানৰ আশংকাত প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।

কাঞ্চীপুৰম আৰু তিৰুভাল্লুৰৰ জিলা উপায়ুক্তক সেই অঞ্চলৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যৰ জল সম্পদ বিভাগে । উল্লেখ্য যে শনিবাৰে পুৱাৰ পৰা চেন্নাই, কাঞ্চীপুৰম আৰু তিৰুভাল্লুৰ জিলাৰ কেইবাটাও অঞ্চলত একেৰাহে বৃষ্টিপাত হৈছে যাৰ বাবে বহু অঞ্চল প্লাৱিত হৈছে ।

লগতে পঢ়ক : টুইটাৰ কৰ্তৃপক্ষলৈ কিহৰ পত্ৰ পঠিয়ালে ত্ৰিপুৰা আৰক্ষীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.