ETV Bharat / bharat

G-20 summit : জি-২০ বৈঠকৰ সময়ত দিল্লীত বৰষুণৰ সম্ভাৱনা আছে

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 5:49 PM IST

G-20 summit
জি-২০ বৈঠকৰ সময়ত দিল্লীত বৰষুণৰ সম্ভাৱনা আছে

দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হ'বলগীয়া জি-২০ বৈঠকৰ সময়ত ডাৱৰীয়া বতৰৰ সম্ভাৱনা আছে । দিল্লীৰ ওচৰ পাজৰে বৰষুণ হোৱাৰো সম্ভাৱনা আছে ।

নেশ্যনেল ডেস্ক,৭ ছেপ্টেম্বৰ : জি-২০ বৈঠক অহা ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব । এই সময়ছোৱাত ৰাজধানী চহৰত সানমিহলি বতৰৰ সম্ভাৱনা আছে । দিল্লীৰ আকাশ ডাৱৰীয়া হৈ থাকিব । লগতে, সাধাৰণ বৰষুণো হ'ব পাৰে । বতৰ বিজ্ঞান বিভাগৰ মতে ৯ আৰু ১০ ছেপ্টেম্বৰত প্ৰগতি ময়দান আৰু ইয়াৰ আশে-পাশে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

G-20 summit
জি-২০ বৈঠকৰ সময়ত দিল্লীত বৰষুণৰ সম্ভাৱনা আছে
G-20 summit
জি-২০ বৈঠকৰ সময়ত দিল্লীত বৰষুণৰ সম্ভাৱনা আছে

বতৰ বিজ্ঞান বিভাগৰ মতে, জি-২০ বৈঠকৰ প্ৰতি লক্ষ্য ৰাখি প্ৰগতি ময়দান, আইজিআই বিমানবন্দৰ, নতুন দিল্লী ৰে'ল ষ্টেচন, লালকিল্লা, চান্দনী চককে ধৰি ৯ টা স্থানত বতৰৰ ওপৰত দৃষ্টি ৰখা হৈছে । বৈঠকৰ সময়ত দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা থাকিব ৩৬ ৰ পৰা ৩৭ ডিগ্ৰী চেলছিয়াছ । আনহাতে নিম্নতম তাপমাত্ৰা ২৬ ৰ পৰা ২৭ ডিগ্ৰী হ'ব বুলি আশা কৰা হৈছে ।

  • #WATCH | Delhi: IMD Scientist Soma Sen says "IMD is functioning round the clock to provide detailed weather forecasts for Delhi till 10th September. A separate webpage has also been created for the same. In this webpage, we have introduced a detailed forecast for 9 locations… pic.twitter.com/mnu1K7MnKo

    — ANI (@ANI) September 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৯ আৰু ১০ ছেপ্টেম্বৰত প্ৰগতি ময়দান আৰু ইয়াৰ আশে-পাশে বৰষুণৰ আগজাননী দিছে । ৭ ছেপ্টেম্বৰৰ তাপমাত্ৰাৰ বিষয়ে লক্ষ্য কৰিলে সৰ্বাধিক তাপমাত্ৰা ৩৫ ৰ পৰা ৩৭ ডিগ্ৰী হ'ব পাৰে আৰু নিম্নতম তাপমাত্ৰা ২৬ ৰ পৰা ২৭ ডিগ্ৰী হ'ব পাৰে । আৰ্দ্ৰতাৰ স্তৰ প্ৰায় ৭০ ৰ পৰা ৮০ আৰু নিম্নতম ৪৫ ৰ পৰা ৫৩ ডিগ্ৰী চেলচিয়াছ হ'ব বুলি আশা কৰা হৈছে ।

  • #WATCH | Delhi: IMD Scientist Soma Sen says "We are expecting an increase in humidity, there will be clouds so the temperature will not shoot up. There is some possibility of drizzles on 9th and 10th September." pic.twitter.com/MbfgNoi9U6

    — ANI (@ANI) September 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

৮ আৰু ৯ ছেপ্টেম্বৰত একে ধৰণৰ তাপমাত্ৰা আশা কৰা হৈছে । ১০ ছেপ্টেম্বৰত সৰ্বাধিক তাপমাত্ৰা ৩৪ ৰ পৰা ৩৬ ডিগ্ৰী লৈ আৰু নিম্নতম তাপমাত্ৰা ২৪ ৰ পৰা ২৬ ডিগ্ৰী লৈ আৰু আৰ্দ্ৰতাৰ স্তৰ ৮৫ ৰ পৰা ৯৬ লৈ আৰু নিম্নতম ৫০ ৰ পৰা ৬০ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে । আইএমডিৰ মতে, অহা ৩-৪ দিনৰ ভিতৰত দিল্লী-এনচিআৰত বতৰৰ পৰিস্থিতি সলনি হ'ব ।

দিল্লী-এনচিআৰৰ লোকসকলে অহা এসপ্তাহত গৰম আৰু আৰ্দ্ৰতাৰ পৰা কিছু সকাহ পাব বুলি আশা কৰা হৈছে । বতৰ বিজ্ঞান বিভাগৰ মতে, জি-২০ বৈঠকৰ সময়ত দিল্লী-এনচিআৰত ডাৱৰীয়া আকাশৰ বাবে নিম্নতম আৰু সৰ্বাধিক তাপমাত্ৰা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :Human-Centric Globalisation: জি-২০ বৈঠকৰ সময়ত মানৱকেন্দ্ৰিক প্ৰগতিৰ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.