ETV Bharat / bharat

Rahul Gandhi Meet Lalu Yadav: লালু প্ৰসাদ যাদৱক সাক্ষাৎৰ বাবে বাসগৃহত উপস্থিত ৰাহুল গান্ধী

author img

By

Published : Aug 4, 2023, 10:56 PM IST

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে আৰজেডিৰ সাংসদ মিছা ভাৰতীৰ নতুন দিল্লীৰ পাণ্ডাৰা পাৰ্কত থকা বাসগৃহত আৰজেডি প্ৰধান লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰে ৷ অনুমান কৰা হৈছে যে লোকসভা নিৰ্বাচনৰ আসন আৰু বিহাৰত কেবিনেট সম্প্ৰসাৰণৰ বিষয় সন্দৰ্ভত দুয়োজন শীৰ্ষ নেতাৰ মাজত আলোচনা হ'ব পাৰে ৷

Rahul Gandhi meets RJD supremo Lalu Prasad
লালু প্ৰসাদ যাদৱক সাক্ষাৎ ৰাহুল গান্ধীৰ

নিউজ ডেস্ক, 4 আগষ্ট : আৰজেডিৰ সভাপতি লালু প্ৰসাদ যাদৱক সাক্ষাৎ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ ৷ লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰিবলৈ দিল্লীত আৰজেডিৰ সাংসদ মিছা ভাৰতীৰ বাসগৃহত উপস্থিত হয় ৰাহুল গান্ধী ৷ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱো উপস্থিত আছে বুলি জানিব পৰা গৈছে ৷ অনুমান কৰা হৈছে যে লোকসভা নিৰ্বাচনৰ আসন আৰু বিহাৰত কেবিনেট সম্প্ৰসাৰণৰ বিষয় সন্দৰ্ভত দুয়োজন শীৰ্ষ নেতাৰ মাজত আলোচনা হ'ব পাৰে ৷

মোদী উপাধিৰ গোচৰত ৰাহুল গান্ধী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ৰায় প্ৰদান কৰাৰ পাছত পিছত লালু প্ৰসাদ যাদৱৰ সৈতে এইখন তেওঁৰ প্ৰথম ৰাজনৈতিক বৈঠক ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ আসন আৰু শেহতীয়া ৰাজনৈতিক উন্নয়ন সন্দৰ্ভত দুয়োজন নেতাৰ মাজত আলোচনা হৈছে বুলি অনুমান কৰা হৈছে ৷ মুম্বাইৰ বৈঠকৰ পূৰ্বে লালু প্ৰসাদ যাদৱে দিল্লীত ৰাহুল গান্ধীক লগ কৰাৰ ইংগিত দিছিল ৷ চৰ্চা হৈছে যে লালু প্ৰসাদ যাদৱ আৰু ৰাহুল গান্ধীয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ মুম্বাই বৈঠকৰ ৰণনীতিৰ ওপৰত চিন্তা-চৰ্চা কৰি আছে ৷

ৰাহুল গান্ধীক সাংসদ পদৰ বাবে অযোগ্য ঘোষণা কৰাৰ বাবে এই বৈঠকগুৰুত্বপূৰ্ণ, এনেক্ষেত্ৰত তেওঁক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈও বাধা দিয়া হৈছিল ৷ এতিয়া উচ্চতম ন্যায়ালয়ে সকাহ দিয়াৰ পাছত, ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থিত্বৰ আলোচনাও আৰম্ভ হৈছে ৷ মুম্বাইৰ বৈঠকতো এই বিষয়টো আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ বাংগালুৰুৰ বৈঠকত খবৰ পোৱা গৈছিল যে নীতিশ কুমাৰে খঙত সংবাদমেল ত্যাগ কৰিছিল ৷ হয়তো ৰাহুল গান্ধীয়ে এই বৈঠকৰ জৰিয়তে সেই অসন্তুষ্টিৰ কথা জানি ইয়াক দূৰ কৰিবলৈ চেষ্টা কৰিব ৷ নীতিশ কুমাৰক ইণ্ডিয়া মিত্ৰজোঁটৰ আহ্বায়ক হিচাপে ঘোষণা কৰিব লাগে বুলিও একমত হ’ব লাগে ৷

লগতে পঢ়ক : PM Modi Degree Hearing : প্ৰধানমন্ত্ৰী মোদী ডিগ্ৰী গোচৰৰ পুনৰীক্ষণ আবেদন; ১৮ আগষ্টত শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.