ETV Bharat / bharat

Gehlot vs Pilot : গেহলট-পাইলটৰ শান্তিদূতৰ দায়িত্ব খাৰ্গেৰ ওপৰত

author img

By

Published : May 30, 2023, 4:45 PM IST

Updated : May 30, 2023, 4:55 PM IST

ৰাহুল গান্ধীৰ আৱেগিত আহ্বানত ইতিমধ্যে একেখন মঞ্চলৈ আহিছে বিসম্বাদী দুই নেতা অশোক গেহলট আৰু শচীন পাইলট (Rahul met Gehlot and Pilot)। কিন্তু এতিয়াও বুজাবুজি হ'বলৈ বহু বাকী । তেওঁলোকৰ মাজত শান্তি সূত্ৰ উলিয়াব লাগিব দলৰ সভাপতি খাৰ্গেয়ে । নতুন দায়িত্ব দিব নেকি পাইলটক ? কি চিন্তা-চৰ্চা কৰিব দলৰ সভাপতিয়ে ?

Gehlot vs Pilot
গেহলট-পাইলেটৰ শান্তিদূতৰ দায়িত্ব খাৰ্গেৰ ওপৰত

নেশ্যনেল ডেস্ক,৩০ মে': কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আৱেগিক আবেদনে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটক একেখন মঞ্চৰ তললৈ আনিবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰা হৈছে (Rahul met Gehlot and Pilot)। কিন্তু শান্তি সূত্ৰৰ সূক্ষ্ম দিশবোৰ নিৰ্ধাৰণ কৰাৰ গুৰুত্বপূৰ্ণ কামটো দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে কৰিব লাগিব ।

ৰাজস্থানৰ দায়িত্বত থকা এআইচিচিৰ নেতা সুকজিন্দৰ সিং ৰন্ধৱাই ইটিভি ভাৰতক জনোৱা মতে তেওঁ সুখী যে ৰাজ্যখনত থকা দলীয় সমস্যাবোৰ সমাধান কৰা হৈছে । শীঘ্ৰেই দলে এই সন্দৰ্ভত কাম কৰিব । সূত্ৰৰ মতে, সোমবাৰে খাৰ্গেই প্ৰথম পৰ্যায়ৰ বৈঠকত গেহলট আৰু পাইলট দুয়োৰে সৈতে পৃথকে আলোচনা কৰিছে । পাচত ৰাজস্থানত সফলতা অৰ্জনৰ লক্ষ্যৰে দুয়োগৰাকী নেতাৰ সৈতে একেলগে বৈঠকত মিলিত হয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী।

ৰাজস্থানৰ দুয়োগৰাকী জ্যেষ্ঠ নেতাৰ মাজত থকা পুৰণি মতবিৰোধ সমাধানৰ বাবে ৪ ঘণ্টাৰ আলোচনাৰ অন্তত এআইচিচিৰ সাংগঠনিক সম্পাদক কেচি বেণুগোপালে নিৰ্বাচনমুখী ৰাজ্যখনত ঐক্যৰ আনুষ্ঠানিক ঘোষণা কৰে ।

আলোচনাৰ সময়ছোৱাত উপস্থিত থকা ৰাহুল গান্ধীয়ে ৩০ মে'ত এক নিৰ্ধাৰিত ভ্ৰমণৰ বাবে আমেৰিকালৈ উৰা মৰাৰ পূৰ্বে সমস্যাটো সমাধান কৰিবলৈ আগ্ৰহী আছিল আৰু সেয়েহে গেহলট আৰু পাইলটৰ সন্মুখত এক আৱেগিক আবেদন জনাইছিল (Clashes between Gehlot and Pilot)। দুয়োগৰাকী নেতা নিজৰ স্থিতিত অটল আছিল যদিও তেওঁলোকক ৰাহুল গান্ধীয়ে আশ্বাস দিছে যে দলটোৱে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিব আৰু তেওঁলোকৰ ৰাজনৈতিক মৰ্যাদাক সন্মান কৰিব কিন্তু তাৰ পূৰ্বে ৰাজ্যখনত কংগ্ৰেছৰ বিজয় নিশ্চিত কৰিব লাগিব বুলিও ৰাহুল গান্ধীয়ে উল্লেখ কৰে ।

সূত্ৰৰ মতে, ৰাহুলে গান্ধীয়ে কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ৰ পাছত ৰাজস্থানটো জয়ী হোৱাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে । মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত ইয়াৰ কেনে প্ৰভাৱ পৰিব সেয়াও উল্লেখ কৰে । ৰাহুলৰ আৱেগিক আবেদনৰ পাছতে বেণুগোপাল, গেহলট আৰু পাইলটে সংবাদ মাধ্যমৰ সন্মুখত উপস্থিত হয় কিন্তু এআইচিচিৰ সাধাৰণ সম্পাদকগৰাকীয়েহে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়ায় । অৱশ্যে কেমেৰাৰ সন্মুখত নীৰৱ ভূমিকা পালন কৰে ৰাজস্থানৰ দুয়োগৰাকী নেতাই ।

দলৰ ভিতৰুৱা তথ্য মতে, যদিও দুয়োগৰাকী নেতাই দলৰ জয়ৰ বাবে একেলগে কাম কৰিবলৈ সন্মত হৈছে কিন্তু পাইলটে এতিয়াও তেওঁৰ মূল দাবীবোৰত অটল আছে । আনহাতে গেহলটেও নিজৰ স্থিতিৰ পৰা আঁতৰি অহা নাই । চূড়ান্ত শান্তি সূত্ৰৰ বিৱৰণ কিন্তু এতিয়াও খাৰ্গেৰ দ্বাৰা নিৰ্ধাৰণ কৰা হোৱা নাই কিয়নো তেওঁ ৰাজস্থানত হোৱা সমস্যাৰ সমাধানৰ বাবে কেইবাটাও বিকল্পৰ বিষয়ে চিন্তা-চৰ্চা কৰি আছে (Rajasthan peace formula)।

এআইচিচিৰ এগৰাকী জ্যেষ্ঠ কৰ্মীয়ে কোৱা মতে খাৰ্গেৰ শান্তি সূত্ৰত অন্তৰ্ভুক্ত থাকিব পাইলটক প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী কৰি সংগঠনটোত গুৰুত্বপূৰ্ণ ভূমিকা দিয়া হয় নে প্ৰচাৰ সমিতিৰ মুৰব্বী হিচাপে নিয়োগ কৰা হ'ব । গেহলটৰ ঘনিষ্ঠ বুলি বিবেচিত ৰাজ্যিক গোটৰ বৰ্তমানৰ মুৰব্বী গোবিন্দ সিং দোতাচাৰাৰ কি হ'ব তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে । যদি পাইলট ৰাজ্যিক গোটৰ মুৰব্বী হয়, দোতাচাৰাক কি দায়িত্ব দিব পাৰি তাৰ বাবেও কিছু চিন্তা-চৰ্চাৰ প্ৰয়োজন । অৱশেষত, গেহলট আৰু পাইলট দুয়োটা শিবিৰে টিকট বিতৰণৰ ক্ষেত্ৰত অধিক মতামত দিব বিচাৰে বুলিও জ্যেষ্ঠ কৰ্মীগৰাকীয়ে উল্লেখ কৰে ।

সূত্ৰ অনুসৰি পাইলট বৰ্তমান কেৱল এগৰাকী বিধায়কহে । সংগঠনটোত তেওঁৰ কোনো বিশেষ দায়িত্ব নাই । গেহলটে তেওঁক কি স্থান দিবলৈ ইচ্ছুক সেয়াও গুৰুত্বপূৰ্ণ হ'ব । ৰাজ্যখনৰ উন্নয়নৰ উপৰিও বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ কথিত দুৰ্নীতিৰ তদন্ত ঘোষণা কৰাৰ পাইলটৰ দাবীৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে কেনেদৰে সঁহাৰি দিব, সেয়াও খাৰ্গেই সমাধান কৰিব লাগিব ।

লগতে পঢ়ক :Infighting in Rajasthan Congress : গেহলট আৰু পাইলটক সাক্ষাৎ শীৰ্ষ নেতৃত্বৰ

Last Updated :May 30, 2023, 4:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.