ETV Bharat / bharat

শিৰোনামেৰে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিক সমালোচনা ৰাহুল গান্ধীৰ

author img

By

Published : Dec 18, 2020, 11:42 AM IST

সুৰজেৱালাই টুইট কৰি ভাৰতীয় দূতাবাসসমূহে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ প্ৰচাৰ কৰা আৰু বৰঙণি দিয়াৰ লগতে নিষিদ্ধ চীনা এপত ফাণ্ডৰ বিজ্ঞাপন দিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে ।

শিৰোনামেৰে প্ৰধানমন্ত্ৰী সাহাৰ্য পুঁজিক সমালোচনা ৰাহুল গান্ধীৰ
Rahul Gandhi criticises PM Cares Fund, says 'Chaliye, transparency ko vanakkam'!

নতুন দিল্লী, ১৮ ডিচেম্বৰ:শিৰোনামেৰে পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিক সমালোচনা কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । এটা বাতৰি শিৰোনামৰ স্ক্ৰিনশ্বট শ্বেয়াৰ কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজি চৰকাৰী নে ব্যক্তিগত সম্পত্তি তাক লৈ চৰকাৰ নিশ্চিত নহয় । প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজি সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কংগ্ৰেছ নেতা ৰণদীপ সিং সূৰ্যেৱালাই বিভিন্ন প্ৰশ্ন উত্থাপন কৰা এদিন পাচতে এনেদৰে মন্তব্য কৰে ৰাহুল গান্ধীয়ে ।

সুৰজেৱালাই টুইট কৰি ভাৰতীয় দূতাবাসসমূহে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ প্ৰচাৰ কৰা আৰু বৰঙণি দিয়াৰ লগতে নিষিদ্ধ চীনা এপত ফাণ্ডৰ বিজ্ঞাপন দিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে । তেঁও লগতে পাকিস্তানৰ পৰা কিমান টকা লাভ কৰা হৈছিল আৰু কোনে দান কৰিছিল এই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে । ইয়াৰ লগতে কটৰৰ কোন দুটা কোম্পানীয়ে কিমান বৰঙণি আগবঢ়াইছিল আৰু কিমান কোটি টকা সংগ্ৰহ কৰা হ'ল এই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.