ETV Bharat / bharat

শাস্ত্ৰীক বিদায়; ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়

author img

By

Published : Oct 16, 2021, 5:16 PM IST

rahul-dravid-to-replace-ravi-shastri-and-become-the-next-coach-of-indian-national-cricket-team
ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলক প্ৰশিক্ষণ দিলে সাৱধান হ’ব লাগিব বিশ্ব !

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হ'বলৈ সন্মত হৈছে প্ৰাক্তন ক্ৰিকেটাৰ তথা জীৱন্ত কিংবদন্তি ৰাহুল দ্ৰাবিড় ৷ এই ঘটনাকলৈ এছেজ বিজয়ী ইংলেণ্ড দলৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য ৷ সবিশেষ জানো আহক ৷

স্পোৰ্টছ ডেস্ক, 16 অক্টোবৰ : ভাৰতীয় ক্ৰিকেটৰ জীৱন্ত কিংবদন্তি, প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰাক্তন ভাৰতীয় দলৰ অধিনায়ক ৰাহুল দ্ৰাবিড়ে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হ'বলৈ সন্মত হৈছে । বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহে দ্ৰাবিড়ৰ সৈতে আইপিএলৰ মাজতে ডুবাইত এখন বৈঠকত মিলিত হোৱাৰ পিছত এই কথা নিশ্চিত কৰা হয় ৷

  • If it’s true Rahul Dravid is to be the next Indian coach I think the rest of the world better beware … !

    — Michael Vaughan (@MichaelVaughan) October 15, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইউনাইটেড আৰৱ এমিৰেটছত অনুষ্ঠিত হ’ব লগীয়া টি-২০ বিশ্বকাপৰ পিছতে দ্ৰাৱিড়ে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিব বুলি জানিব পৰা গৈছে । সূত্ৰ অনুসৰি, দ্ৰাবিড়ে নিশ্চিত কৰিছে যে তেওঁ সোনকালেই এনচিএৰ মুৰব্বীৰ পদ ত্যাগ কৰি ভাৰতীয় দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিবলৈ সাজু হ’ব ।

এই সন্দৰ্ভত এছেজ বিজয়ী ইংলেণ্ড দলৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে টুইটাৰ যোগে মন্তব্য কৰিছে যে, ''যদি ৰাহুল দ্ৰাবিড়ে ভাৰতৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ বাতৰি সঁচা হয় তেন্তে বাকী বিশ্ব সাৱধান হোৱাটো ভাল হ'ব "।

একাধিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভাৰতৰ প্ৰাক্তন অধিনায়ক দ্ৰাবিড়ে ইউএই আৰু ওমানত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পিছত পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিব ৷ ভাৰতীয় ক্ৰিকেট দলৰ বৰ্তমনাৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ কাৰ্যকাল টি-২০ বিশ্বকাপত সমাপ্ত হোৱাৰ পিছতে সেই স্থান দ্ৰাৱিড়ে গ্ৰহণ কৰিব । স্বাভাৱিকতেই এই খবৰে এতিয়া ক্ৰিকেট অনুৰাগী সকলক যথেষ্ট উৎসাহিত কৰা দেখা গৈছে ৷

লগতে পঢ়ক : IPL 2021 : চতুৰ্থবাৰলৈ ট্ৰফী দখল চেন্নাই চুপাৰ কিংছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.