ETV Bharat / bharat

অ’টোত উঠি হায়দৰাবাদত ৰাহুল গান্ধীৰ চফৰ

author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 6:26 PM IST

Rahul Chitchat with auto drivers
Rahul Chitchat with auto drivers

অন্ত পৰিল তেলেংগানা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ মূলতঃ বি আৰ এছ আৰু কংগ্ৰেছৰ মাজতেই তেলেংগানাত মূল ভোট যুদ্ধ হ’ব ৷ মঙলবাৰে প্ৰচাৰৰ অন্তিম দিনা অ’টোত উঠি ভ্ৰমণ কৰা দেখা গ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৷

নিউজ ডেস্ক, 28 নৱেম্বৰ: অহা 30 নৱেম্বৰত অনুষ্ঠিত হ’ব তেলেংগানাৰ বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যেই দলসমূহে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ এইবাৰ তেলেংগানা নিৰ্বাচনত শাসকীয় ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ বি আৰ এছ আৰু কংগ্ৰেছৰ মাজতেই মূল নিৰ্বাচনী যুঁজখন অনুষ্ঠিত হ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক ক্ষমতাচ্যুত কৰাৰ স্বাৰ্থত কংগ্ৰেছ দলে তেলংগানাত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা দেখা গৈছে ৷ মঙলবাৰে বিয়লি অন্ত পৰে নিৰ্বাচনী প্ৰচাৰৰ ৷

মঙলবাৰে তেলেংগানাত ব্যতিক্ৰমভাৱে নিৰ্বাচন প্ৰচাৰ চলোৱা দেখা গ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৷ অ’টোচালক আৰু পৌৰ নিগমৰ কৰ্মচাৰীৰ সৈতে বাৰ্তালাপ কৰা দেখা গ’ল ৰাহুলক ৷ প্ৰাক্তন ক্ৰিকেটাৰ আজাহাৰুদ্দিনৰ সৈতে অ’টোত ভ্ৰমণ কৰাও দেখা গ’ল কংগ্ৰেছ নেতাগৰাকীক ৷

বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হায়দৰাবাদৰ জুবিলী হিলছত অটো ৱৰ্কাৰছ ইউনিয়ন, জি এইচ এম চি আৰু গিগ ৱৰ্কাৰছ ইউনিয়নৰ সৈতে বৈঠকত মিলিত হয় । তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

ৰাহুলৰ আগত অনাময় কৰ্মীসকলে সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি দুৰ্ঘটনাৰ বীমাৰ সুবিধা প্ৰদানৰ বাবে অনুৰোধ জনায় । GHMC ৰ ঠিকাভিত্তিক কৰ্মচাৰীক হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে । দুটা শোৱা কোঠাৰ সৈতে ঘৰৰ ব্যৱস্থা কৰাৰ প্ৰলোভন দি ঠিকাদাৰে ১১ ঘণ্টা কাম কৰোৱাৰো অভিযোগ উত্থাপন কৰে শ্ৰমিকসকলে ৷

কেব চালক আৰু অটো চালকসকলে আৰক্ষীয়ে তেওঁলোকক চালানেৰে হাৰাশাস্তি কৰা বুলি অভিযোগ ব্যক্ত কৰিছে । এই সকলোবোৰ শুনি ৰাহুল গান্ধীয়ে প্ৰতিশ্ৰুতি দিয়ে যে এবাৰ কংগ্ৰেছ ক্ষমতালৈ আহিলেই মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে লগ হৈ এই সমস্যাসমূহ সমাধান কৰিব । এই কাৰ্যসূচীৰ পিছত তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আজহাৰুদ্দিনৰ সৈতে অটো এখনত উঠি ফাংচন হলৰ পৰা ইউছুফগুড়া মেট্ৰ’ ষ্টেচনলৈ যাত্ৰা কৰে । জুবিলিহিলছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আজহাৰুদ্দিনে ।

লগতে পঢ়ক: বিহাৰত হিন্দু উৎসৱৰ বন্ধ হ্ৰাস মুছলমানৰ বৃদ্ধি; কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.