ETV Bharat / bharat

ভোট নিদিলেই শাস্তি বা জৰিমনা ! ভোটদান বহু দেশৰ নাগৰিকৰ অন্যতম দায়িত্ব

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 2:26 PM IST

ভোটদান বহু দেশৰ নাগৰিকৰ অন্যতম দায়িত্ব
ভোট নিদিলেই শাস্তি বা জৰিমনা

গ্ৰীচ আৰু ইজিপ্তত যিসকলে ভোট নিদিয়ে তেওঁলোকৰ বিৰুদ্ধে এক বিশেষ তদন্ত কৰা হয় । যদি ভোটদানৰ পৰা বিৰত থকাৰ কোনো বৈধ কাৰণ পোৱা হয়, তেন্তে তেওঁলোকক সতৰ্ক কৰি ৰেহাই দিয়া হয় । কিন্তু যদি কোনো কাৰণ অবিহনে ভোটদানৰ পৰা বিৰত থাকে, তেন্তে কাৰাবাসো খাটিব লগা হ'ব পাৰে ।

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : সকলো দেশতে ভোটদান কাৰ্যক নাগৰিকৰ অধিকাৰ হিচাপে গণ্য কৰা হয় । আমাৰ দেশতো একেই কথা । কিন্তু কোনো ভোটাৰে যদি ভোটদান নকৰে, তেনে ক্ষেত্ৰত তেওঁৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে । কিয়নো ভোটদান কৰা বা নকৰাটো ভোটাৰৰ মৌলিক অধিকাৰ হিচাপে গণ্য কৰা হয় ।

কিন্তু কিছুমান দেশত নিৰ্বাচনত ভোট নিদিয়া লোকসকলক জৰিমনা বিহা হয় । আনহাতে, আন কিছুমান দেশত আকৌ তেওঁলোকক অপৰাধী হিচাপে গণ্য কৰা হয় আৰু শাস্তি প্ৰদান কৰা হয় । অষ্ট্ৰেলিয়াত ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলোৱেই ভোট দিব লাগে । যিসকলে ভোট নিদিয়ে তেওঁলোকক দেশৰ মুদ্ৰা অনুসৰি ২০ ডলাৰ জৰিমনা বিহা হয় । ইয়াৰ উপৰি যদি এই জৰিমনা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পৰিশোধ কৰা নহয়, তেনেহ'লে ২০০ ডলাৰলৈকে অতিৰিক্ত জৰিমনা আদায় কৰা হয় ।

বেলজিয়ামত আকৌ যিসকলে প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ প্ৰয়োগ নকৰে, তেওঁলোকক ৮০ ইউৰোলৈকে জৰিমনা বিহা হয় । আনহাতে, যিসকলে দ্বিতীয়বাৰৰ বাবে ভোট নিদিয়ে তেওঁলোকক ২০০ ইউৰোলৈকে জৰিমনা বিহা হয় । যদি একেৰাহে চাৰিবাৰ ভোটদানৰ অধিকাৰ ব্যৱহাৰ কৰা নহয়, তেনে তেনে ভোটাৰৰ নাম দহ বছৰৰ বাবে ভোটাৰ তালিকাৰ পৰা বিলুপ কৰাৰ নিয়ম আছে । ইয়াৰ বাহিৰেও চাকৰিৰ সুযোগ আৰু চৰকাৰী আঁচনিবোৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া নহয় ।

আনহাতে, ব্ৰাজিলতো ভোটাধিকাৰ সাব্যস্ত নকৰাসকলক জৰিমনা বিহা হয় । গ্ৰীচ আৰু ইজিপ্তত আকৌ যিসকলে ভোট নিদিয়ে তেওঁলোকৰ বিৰুদ্ধে এক বিশেষ তদন্ত কৰা হয় । যদি ভোটদানৰ পৰা বিৰত থকাৰ কোনো বৈধ কাৰণ পোৱা হয়, তেন্তে তেওঁলোকক সতৰ্ক কৰি ৰেহাই দিয়া হয় । কিন্তু যদি কোনো কাৰণ অবিহনে ভোটদানৰ পৰা বিৰত থাকে, তেন্তে কাৰাবাসো খাটিবলগা হ'ব পাৰে ।

ইটালীত জনসাধাৰণৰ জ্ঞাতাৰ্থে চৰকাৰী নথিপত্ৰত অনা-ভোটাৰসকলৰ নাম প্ৰকাশ কৰা হয় । পেৰুত ভোটদানৰ পৰা বিৰত থকাসকলৰ চালকৰ অনুজ্ঞা-পত্ৰ বাতিল কৰা হৈছে । এনেদৰে যিসকলে ভোটিধিকাৰ সাব্যস্ত নকৰে, তেওঁলোকৰ বাবে প্ৰতিখন দেশৰে বিভিন্ন শাস্তিমূলক ব্যৱস্থা আৰু নিষেধাজ্ঞা আছে । আমাৰ দেশত অৱশ্যে আমি কোনো শাস্তি অবিহনে মুক্তভাৱে ভোটদানৰ অধিকাৰ প্ৰয়োগ কৰাৰ সুযোগ পাইছোঁ । সেয়া সংবিধানে প্ৰদান কৰা এই সুবৰ্ণ সুযোগ আমি এৰি দিয়াটো কোনো কাৰণতে যুক্তিকৰ নহয় ।

লগতে পঢ়ক :চিৰঞ্জীৱীৰ পৰা জুনিয়ৰ এন টি আৰ আল্লু অৰ্জুনলৈকে, দক্ষিণৰ তাৰকাসকলে সাব্যস্ত কৰিলে ভোটাধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.