ETV Bharat / bharat

ভাৰত-ম্যানমাৰৰ উন্মুক্ত সীমান্ত চীল নকৰিবলৈ কেন্দ্ৰক আহ্বান মিজোৰামৰ মুখ্যমন্ত্ৰীৰ

author img

By PTI

Published : Jan 7, 2024, 11:52 AM IST

provide assistance to refugees from Myanmar
ভাৰত ম্যানমাৰৰ উন্মুক্ত সীমান্ত চীল নকৰিবৈ কেন্দ্ৰক আহ্বান মিজোৰামৰ মুখ্যমন্ত্ৰীৰ

Provide assistance to refugees from Myanmar : ভাৰত-ম্যানমাৰৰ সীমান্ত চীল আৰু শৰণাৰ্থীৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই ৷ মণিপুৰ আৰু ম্যানমাৰৰ পৰা পলাই অহা শৰণাৰ্থীক সহায় কৰি যোৱা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ৷

নিউজ ডেস্ক, 7 ডিচেম্বৰ : মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাচতে লালডুহোমাই বৃহস্পতিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ৷ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কালত ম্যানমাৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে ৷ দিল্লীৰ পৰা উভতি অহাৰ পিছত শনিবাৰে এক সংবাদমেলত লালডুহোমাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

তেওঁ কয়, ‘‘যদিও কেন্দ্ৰই ম্যানমাৰৰ নাগৰিকসকলক শৰণাৰ্থীৰ মৰ্যাদা দিব নোৱাৰে, তেওঁলোকক সকাহ দিয়াৰ ক্ষেত্ৰত আমাৰ সৈতে সহযোগিতা কৰিবলৈ সাজু ৷ গোষ্ঠীগত হিংসাৰ বাবে মণিপুৰৰ পৰা ঘৰ এৰি পলাই যোৱা লোকসকলকো কেন্দ্ৰীয় চৰকাৰৰ সহায়ত চোৱাচিতা কৰা হ'ব ৷’’

এই ক্ষেত্ৰত বিষয়াসকলে কয়, ম্যানমাৰৰ চীন সম্প্ৰদায়ৰ ৩১,০০০ তকৈও অধিক ব্যক্তিয়ে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মিজোৰামত আশ্ৰয় লৈ আছে ৷ গোষ্ঠীগত সংঘৰ্ষৰ বাবে মণিপুৰৰ পৰাও ৯,০০০ তকৈও অধিক স্থানচ্যুত লোকে মিজোৰামত আশ্ৰয় লৈছে ৷

ম্যানমাৰৰ চীন সম্প্ৰদায় আৰু মণিপুৰৰ জাতিগত কুকি-জো সম্প্ৰদায়ে মিজোসকলৰ সৈতে জাতিগত সম্পৰ্ক ভাগ বতৰা কৰে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে লালডুহোমাক জনাইছিল যে, কেন্দ্ৰই ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৰাজ্যখনত আশ্ৰয় বিচৰা ম্যানমাৰৰ নাগৰিকসকলক বিতাড়ন নকৰে ৷ যেতিয়ালৈকে চুবুৰীয়া দেশখনত স্বাভাৱিক অৱস্থা ঘূৰি নাহে ৷

মুখ্যমন্ত্ৰীয়ে লগতে আশা ব্যক্ত কৰে যে, কেন্দ্ৰই ভাৰত-ম্যানমাৰ সীমান্তৰ এটা অংশ চীল দিয়াৰ পদক্ষেপ বাতিল কৰিব ৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কৈছিল যে, ভাৰত-ম্যানমাৰৰ সৈতে 300 কিলোমিটাৰ সীমান্ত চীল কৰা পৰিকল্পনা কৰিছে আৰু মুক্ত চলাচল ব্যৱস্থা সমাপ্ত কৰাৰ পৰিকল্পনা কৰিছে ৷ যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দুয়োফালে বাস কৰা লোকসকলে ভিছা অবিহনে ইজনে সিজনৰ ভূখণ্ডলৈ 16 কিলোমিটাৰ ভিতৰত ভ্ৰমণ কৰিব পাৰে ৷

লগতে পঢ়ক : মণিপুৰৰ ৰাজ্যিক ফুটবল লীগত অংশগ্ৰহণৰ বাবে নিবিদা মাছুল ৪ লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.