ETV Bharat / bharat

G20 presidency to Brazilian President: ২০২৪ত ব্ৰাজিলে কৰিব জি-২০ৰ সভাপতিত্ব; প্ৰধানমন্ত্ৰী মোদীয়ে হস্তান্তৰ কৰিলে দ্বায়িত্ব

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 4:34 PM IST

G20 presidency to Brazilian President
২০২৪ত ব্ৰাজিলে কৰিব জি-২০ৰ সভাপতিত্ব

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ বৈঠকৰ সভাপতিত্ব ব্ৰাজিলক প্ৰদান কৰে । প্ৰধানমন্ত্ৰীয়ে জি-২০ বৈঠকৰ সভাপতিত্বৰ গেভেল ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ' লুলা দা চিলভাক হস্তান্তৰ কৰে ।

নেশ্যনেল ডেস্ক,১০ ছেপ্টেম্বৰ: অহা বছৰ জি-২০ৰ সভাপতিত্ব কৰিব ব্ৰাজিলে । এইবাৰৰ সভাপতিত্ব কৰা ভাৰতে ইতিমধ্যে সভাপতিত্বৰ গেভেল ব্ৰাজিলক প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে জি-২০ৰ সভাপতিত্বৰ গেভেল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ' লুলা দা চিলভাক হস্তান্তৰ কৰে । ব্ৰাজিলে ১ ডিচেম্বৰত ভাৰতৰ পৰা জি-২০ৰ ঘূৰ্ণনশীল সভাপতিত্বৰ দায়িত্ব গ্ৰহণ কৰিব ।

ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে জি-২০ বৈঠকৰ বাবে দেশত উপস্থিত হোৱা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি দা চিলভাক আদৰণি জনাইছিল । প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত জোহান্সবাৰ্গত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকৰ কথাও স্মৰণ কৰে । এক্সৰ পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কৈছিল যে ভাৰতে জি-২০ৰ সভাপতিত্ব ব্ৰাজিললৈ হস্তান্তৰ কৰিব । আনহাতে বিভিন্ন বিষয়ত তেওঁৰ মতামতৰ বাবে আগ্ৰহেৰে ৰৈ থকা বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল । প্ৰধানমন্ত্ৰী মোদীয়ে এই বছৰৰ আৰম্ভণিতে জাপানৰ হিৰোছিমা চহৰত জি-৭ সন্মিলনৰ সময়ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাৰ সৈতে দ্বিপাক্ষিক বৈঠকতো মিলিত হৈছিল ।

উল্লেখ্য যে পত্নীসহ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভা শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হয় । তেওঁক বিমানবন্দৰত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে আদৰণি জনাইছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, ভাৰত আৰু ব্ৰাজিলৰ মাজত অংশীদাৰী গণতান্ত্ৰিক মূল্যবোধ আৰু বহুতো গোলকীয় বিষয়ত মতামতৰ একত্ৰিকৰণৰ ওপৰত আধাৰিত এক ঘনিষ্ঠ আৰু বহুমুখী সম্পৰ্ক আছে ।

দুয়োখন দেশে কেৱল দ্বিপাক্ষিকভাৱেই নহয় ব্ৰিকছ, আইবিএছএ আৰু জি-২০ আৰু ৰাষ্ট্ৰসংঘ আৰু ডব্লিউটিইউ সংস্থাৰ দৰে বহুপাক্ষিক সংস্থাসমূহৰ বাবেও সহযোগিতা আগবঢ়ায় । ২০০৬ চনত ভাৰত ব্ৰাজিল সম্পৰ্কক এক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল ।

লগতে পঢ়ক: US affirms to host 2026 G20 Summit : ২০২৬ চনত আমেৰিকাই সভাপতিত্ব কৰিব জি-২০ বৈঠকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.