ETV Bharat / bharat

দিল্লীত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৭৬৯ টকালৈ বৃদ্ধি

author img

By

Published : Feb 15, 2021, 4:54 PM IST

একেটা মাহতে দ্বিতীয়বাৰৰ বাবে বৃদ্ধি হ'ল ৰন্ধন গেছৰ মূল্য । দিল্লীত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৭৬৯ টকালৈ বৃদ্ধি । মঙলবাৰে মাজনিশাৰ পৰা প্ৰযোজ্য হ'ব এই নতুন দৰ ।

ফেব্ৰুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি হ'ল ৰন্ধন গেছৰ মূল্য
ফেব্ৰুৱাৰী মাহত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি হ'ল ৰন্ধন গেছৰ মূল্য

নেশ্যনেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী: দিল্লীত এল পি জি চিলিণ্ডাৰৰ মূল্য প্ৰতি ইউনিটত ৫০ টকাকৈ বৃদ্ধি । এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ১৪.২ কিলোগ্ৰামৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৭৬৯ টকালৈ বৃদ্ধি কৰা হৈছে । মঙলবাৰে মাজনিশাৰ পৰা এই নতুন দৰত ঘৰুৱা ব্যৱহাৰ্য চিলিণ্ডাৰ ক্ৰয় কৰিব লাগিব গ্ৰাহকে ।

ফেব্ৰুৱাৰী মাহত দ্বিতীয়বাৰলৈ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য । উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ৪ ফেব্ৰুৱাৰীত দিল্লীত তৈল বিপণন কোম্পানীবোৰে ৰাজসাহাৰ্য বিহীন চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি কৰিছিল । এতিয়া পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জনতাক মাধমাৰ সোধোৱাৰ সময়তে পুনৰ বৃদ্ধি পাইছে ৰন্ধন গেছৰ মূল্য ।

লগতে পঢ়ক:ওড়িশাত কংগ্ৰেছৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.