ETV Bharat / bharat

উত্তৰ-পূবৰ সমাজে ক্ৰীড়াক পেছা হিচাপে ল’বলৈ নাৰীক উৎসাহ যোগায়: ৰাষ্ট্ৰপতি মুৰ্মু

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 9:32 PM IST

President Murmu in Meghalaya
5th Meghalaya Games

Meghalaya Games 2024: মেঘালয়ৰ তুৰাত আৰম্ভ হ’ল মেঘালয় গেমছ 2024 ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে উদ্বোধন কৰে এই ক্ৰীড়া অনুষ্ঠানৰ ৷

নিউজ ডেস্ক, 15 জানুৱাৰী: মেঘালয়ৰ তুৰাৰ পি এ চাংমা ষ্টেডিয়ামত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সোমবাৰে মেঘালয় গেমছ ২০২৪ উদ্বোধন কৰা হয় । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উপস্থিত থাকে এই বিশেষ অনুষ্ঠানত ৷ তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ শোভা বঢ়ায় ৷ যুৱ প্ৰজন্মৰ মাজত ঐক্য আৰু উৎকৃষ্টতা গঢ়ি তোলাত ক্ৰীড়াৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ক্ৰীড়াকাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাষ্ট্ৰপতিয়ে ।

এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, মেঘালয়ৰ ৰাজ্যপাল ফাগু চৌহান, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, ক্ৰীড়া মন্ত্ৰী শকলিয়াৰ ৱাৰজৰি, সাংসদ আগাথা কে চাংমা আৰু ৰাজ্যৰ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

উদ্বোধনী ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, “জোহৰ, নমস্কাৰ ! মেঘালয় গেমছৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মই আনন্দিত হৈছোঁ । মই এই কথা জানিবলৈ পাই সুখী যে মেঘালয় গেমছৰ এই মুকলি অনুষ্ঠানটো দেশৰ সৰ্ববৃহৎ প্ৰি-ইঞ্জিনিয়াৰিং কম্পোজিট ফুটবল ষ্টেডিয়াম পি এ চাংমা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পি এ চাংমালৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ । চাংমা লোকসভাৰ প্ৰথম জনজাতীয় তথা উত্তৰ-পূবৰ অধ্যক্ষ আছিল । জনজাতীয় অঞ্চলৰ পৰা অহা প্ৰতিভাক সহায় কৰি পেছাদাৰী ক্ৰীড়াবিদ হ’বলৈ গ্ৰুম কৰাৰ অতি প্ৰয়োজন ।’’

‘‘মই এই কথা মন কৰি সুখী যে উত্তৰ-পূৰ্বাঞ্চলৰ সমাজে নাৰীক পেছা হিচাপে খেলা-ধূলা আৰু ক্ৰীড়া যোগদান কৰিবলৈ উৎসাহিত কৰে । মই নিশ্চিত যে মেঘালয় গেমছে খেলুৱৈসকলক উৎকৃষ্টতাৰ বাবে উৎসাহিত কৰিব, প্ৰতিযোগিতামূলক ক্ষমতাক প্ৰসাৰিত কৰিব আৰু এক সজীৱ ক্ৰীড়া পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰিব ।” ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় ৷

এই অনুষ্ঠানৰ পৰিবেশকসকলক প্ৰশংসা কৰি মুৰ্মুৱে কয়, “গাৰো, খাচী আৰু জয়ন্তীয়া জনগোষ্ঠীৰ পৰিবেশকসকলৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ যিসকলে ইমান ঠাণ্ডাত সাহস কৰি নিজৰ পৰম্পৰাগত সাজ-পোছাকত উদং শৰীৰেৰে প্ৰদৰ্শন কৰিছে । ই মহান খেলুৱৈ মনোভাৱক দেখুৱাইছে ।” মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ৰাষ্ট্ৰপতিক তেওঁৰ উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

মুখ্যমন্ত্ৰী চাংমাই কয়, ‘‘ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক প্ৰথম মেঘালয় ভ্ৰমণলৈ আদৰণি জনোৱাটো মোৰ বাবে গৌৰৱৰ কথা । এই খেলসমূহ কেৱল এটা অনুষ্ঠান নহয়, বৰঞ্চ মেঘালয় ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ তথা মেঘালয়ৰ যুৱক-যুৱতীসকলৰ বিনিয়োগৰ এক পথ । এই বিনিয়োগৰ লাভ আগন্তুক প্ৰজন্মৰ বাবে থাকিব । তেওঁলোকৰ বাবে ক্ৰীড়া আৰু মানৱীয় কৃতিত্বৰ অন্যান্য ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সুযোগ সৃষ্টি কৰাটো আমাৰ চৰকাৰৰ একক আটাইতকৈ অগ্ৰাধিকাৰ । আমি প্ৰতিটো স্তৰতে নতুন ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰক্ৰিয়াত আছোঁ ।’’

‘‘আমি নিশ্চিত কৰিছো যে যুৱক-যুৱতীসকলে নিজৰ সম্ভাৱনাক সঠিক দিশত আগুৱাই নিয়া চেষ্টা কৰে । ভাৰতৰ ৰাষ্ট্ৰপতিৰ উপস্থিতি এই সুন্দৰ মেঘালয় ৰাজ্যৰ ইতিহাসত এক ঐতিহাসিক মুহূৰ্ত । মেঘালয় গেমছক সফল কৰাৰ বাবে অক্লান্তভাৱে কাম কৰা বিভিন্ন সমিতিৰ সকলো সদস্যকে পুনৰবাৰ ধন্যবাদ জনাইছো ।” মুখ্যমন্ত্ৰীয়ে লগতে কয় ৷

১৬ বছৰৰ বিৰতিৰ অন্তত ২০২১-২২ চনত পুনৰ আৰম্ভ হোৱা মেঘালয় গেমছ ৰাজ্যখনৰ ক্ৰীড়া পৰিৱেশ তন্ত্ৰত প্ৰতিযোগিতামূলক উৎকৰ্ষতাক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ প্ৰমাণ । মেঘালয় গেমছৰ এটা প্ৰধান লক্ষ্য হৈছে ৰাজ্যখনৰ পৰম্পৰাগত ক্ৰীড়াসমূহক পুনৰুজ্জীৱিত কৰাই নহয়, উজ্জ্বল কৰি তোলা । ইয়াৰ দ্বাৰা মেঘালয়ৰ আটাইকেইখন জিলাৰ অংশগ্ৰহণকাৰীয়ে তিনিখন পৰম্পৰাগত খেলত অংশগ্ৰহণ কৰিব ৷

খেলসমূহৰ ভিতৰত মাউপ’ইন (এটা খাচী পৰম্পৰাগত খেল, য’ত দুটা দলে শিলৰ পিৰামিড এটা সাজিবলৈ চেষ্টা কৰে আৰু বিপক্ষ দলৰ সকলো সদস্যক ‘আউট’ কৰিবলৈ চেষ্টা কৰে), ৰাহ মুখৰা (এটা জয়ন্তীয়া পৰম্পৰাগত খেল য’ত প্ৰতিযোগীসকলে গধুৰ ঘূৰণীয়া শিল এটা কঢ়িয়াই অন্তিম লাইনলৈ লৈ যায় আৰু ‘কি মাৰ্’ খিতাপ অৰ্জন কৰে) আৰু ৱা’পং ছিকা (এটা গাৰো পৰম্পৰাগত খেল, য’ত দুটা দলে বাঁহৰ খুঁটা এটা বিপক্ষৰ গ’ল পোষ্টৰ ফালে ঠেলি লৈ যায়) ৷

২০২৪ চনৰ ২০ জানুৱাৰীলৈকে তুৰাত অনুষ্ঠিত হ’বলগীয়া মেঘালয় গেমছৰ ৫ম সংস্কৰণত খেলুৱৈৰ সমাৱেশ হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছে ৷ য’ত ২২ টা ক্ৰীড়া শাখাত ৩০০০ ৰো অধিক অংশগ্ৰহণকাৰীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । ইয়াৰ ভিতৰত আছে দুটা প্ৰদৰ্শনী ক্ৰীড়া, স্প’ৰ্ট ক্লাইম্বিং আৰু চফ্টবল ।

লগতে পঢ়ক: 3 দিনীয়া উত্তৰ-পূৱ ভ্ৰমণসূচীৰে বৰঝাৰ বিমান বন্দৰত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.