3 দিনীয়া উত্তৰ-পূৱ ভ্ৰমণসূচীৰে বৰঝাৰ বিমান বন্দৰত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 5:45 PM IST

Updated : Jan 15, 2024, 5:58 PM IST

thumbnail

মিৰ্জা, 15 জানুৱাৰী : গুৱাহাটীত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ বায়ুসেনাৰ বিশেষ বিমানযোগে বৰঝাৰত উপস্থিত হয় দেশৰ ৰাষ্ট্ৰপতিগৰাকী ৷ 3 দিনীয়া উত্তৰ-পূৱ ভ্ৰমণ কাৰ্যসূচীৰে সোমবাৰে গুৱাহাটী বিমান বন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷

ইয়াৰ পিছতেই বৰঝাৰ বিমানবন্দৰৰ পৰা হেলিকপ্তাৰ যোগে পোনে পোনে মেঘালয়ৰ তুৰালৈ ৰাওনা হয় ৰাষ্ট্ৰপতিগৰাকী ৷ বৰঝাৰ বিমানবন্দৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, ৰণজিৎ কুমাৰ দাস, সাংসদ কুইন ওজা,পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি প্ৰতিৰক্ষাৰ বাহিনীৰ বিষয়া সকলে আদৰণি জনায় ৷  

উল্লেখ্য যে, 15 জানুৱাৰী অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে পঞ্চম মেঘালয় গেমছ ৷ এই গেমছৰ শুভ উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ ইফালে 12 জানুৱাৰীৰ পৰা 19 জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা 50 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ 17 জানুৱাৰীৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতিগৰাকী ৷ 

লগতে পঢ়ক : ৮ দিনীয়া কাৰ্যসূচীৰে কাৰ্বি যুৱ মহোৎসৱৰ শুভাৰম্ভ

Last Updated : Jan 15, 2024, 5:58 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.