ETV Bharat / bharat

Womens Reservation Bill: আইনত পৰিণত হ’ল মহিলা সংৰক্ষণ বিধেয়ক

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 6:45 PM IST

Womens Reservation Bill
Womens Reservation Bill

নাৰী শক্তি বন্দন অধিনিয়মত সন্মতি প্ৰদান কৰিলে ৰাষ্ট্ৰপতিয়ে ৷ সৱিশেষ এই প্ৰতিবেদনত...

নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ: অতি সম্প্ৰতি চৰ্চিত মহিলা সংৰক্ষণ বিধেয়কত অনুমোদন জনালে ৰাষ্ট্ৰপতি দ্ৰৌপদি মুৰ্মূৱে ৷ শেহতীয়াকৈ অনুষ্ঠিত হোৱা সদনৰ বিশেষ অধিৱেশন গৃহীত হৈছিল এই মহিলা সংৰক্ষণ বিধেয়ক ৷ এই বিধেয়কৰ জৰিয়তে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাসকলৰ বাবে 33 শতাংশ আসন সংৰক্ষণ হ’ব ৷

শুকুৰবাৰে জাৰি কৰা আইন মন্ত্ৰালয়ৰ জাননী অনুসৰি, ৰাষ্ট্ৰপতিয়ে বৃহস্পতিবাৰে মহিলা সংৰক্ষণ বিধেয়কখনত সন্মতি প্ৰদান কৰে। এতিয়ায়ে পৰা ইয়াক আনুষ্ঠানিকভাৱে সংবিধান (106 তম সংশোধনী) আইন বুলি জনা যাব । ইয়াৰ ব্যৱস্থা অনুসৰি, ‘‘কেন্দ্ৰীয় চৰকাৰে চৰকাৰী গেজেটত জাননী প্ৰদান কৰি নিৰ্ধাৰণ কৰি দিয়া তাৰিখৰ পাছত ই কাৰ্যকৰী হ’ব ৷’’

আনুষ্ঠানিকভাৱে নাৰী শক্তি বন্দন অধিনিয়ম নামেৰে জনাজাত আইনখনে লোকসভা আৰু সকলো ৰাজ্যিক বিধানসভাৰ এক-তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰাৰ প্ৰস্তাৱ দিছে । 20 ছেপ্টেম্বৰত সদনত 454 জন সাংসদে ইয়াৰ সপক্ষে ভোট দান কৰে আৰু 2 জনে ইয়াৰ বিৰুদ্ধে ভোট দিয়ে ৷ ইয়াৰ পাছতেই বিধেয়কখনে সকলো বাধা অতিক্ৰম কৰে ৷

উল্লেখ্য যে 21 ছেপ্টেম্বৰত ৰাজ্যসভাত 214 জন সাংসদে ইয়াৰ সপক্ষে ভোট দান কৰি বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত কৰে ৷ ৰাষ্ট্ৰপতিৰ সন্মতি স্বত্বেও, নতুন আইনখন কাৰ্যকৰী হ’বলৈ সময় লাগিব, কিয়নো লোকপিয়ল আৰু সীমা-নিৰ্ধাৰণৰ পিছত বিধানসভা আৰু লোকসভাৰ আসনসমূহ মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত কৰা হ'ব ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিধেয়কখনৰ আলোচনাৰ সময়ত সংসদক সম্বোধন কৰি কয় যে অমীমাংসিত লোকপিয়ল আৰু সীমা-নিৰ্ধাৰণৰ বাবে এই আইন কেৱল ২০২৯ চনৰ পিছতহে কাৰ্যকৰী হ'ব পাৰে ৷

লগতে পঢ়ক: Women's Reservation Bill: মহিলা সংৰক্ষণ বিধেয়কখন ‘নিৰ্বাচনী জুমলা’ আৰু ‘নাৰীক অপমান’ বুলি উল্লেখ সাংসদ আব্দুল খালেকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.