ETV Bharat / bharat

Power tariff hike : আদানি প্ৰসংগত স্থিতি স্পষ্ট কৰিবলৈ প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান ৰাহুলৰ

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 3:57 PM IST

কংগ্ৰেছ শাসনলৈ আহিলে পুঁজিপতি গৌতম আদানিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব । আদানি আৰু ৰহস্যজনক কয়লাৰ মূল্য বৃদ্ধি সম্পৰ্তে ৰাহুল গান্ধীৰ সংবাদমেল ।

Power tariff hike
আদানি প্ৰসংগত স্থিতি স্পষ্ট কৰিবলৈ প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান ৰাহুলৰ

নেশ্যনেল ডেস্ক,১৮ অক্টোবৰ : আদানি গ্ৰুপৰ বিৰুদ্ধে পুনৰ সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী । ব্যৱসায়ী গৌতম আদানিৰ ওপৰত স্থিতি স্পষ্ট কৰিবলৈ পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনালে ৰাহুল গান্ধীয়ে । বিদেশী ব্যৱসায়িক লেনদেনৰ জৰিয়তে ভাৰতৰ দৰিদ্ৰ নাগৰিকৰ ২০,০০০ কোটি টকা লুণ্ঠন কৰা আদানিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি সাহস দেখুৱাবলৈ প্ৰধানমন্ত্ৰীক দাবী জনাই ৰাহুল গান্ধীয়ে ।

ৰাহুল গান্ধীয়ে লগতে কয় যে ২০২৪ চনত শাসনলৈ অহাৰ পাছতে কংগ্ৰেছে কোটিপতিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব । তেওঁৰ দাবীৰ প্ৰমাণ কৰিবলৈ ৰাহুল গান্ধীয়ে দিল্লীত এখন সংবাদমেলত 'আদানি আৰু ৰহস্যজনক কয়লাৰ মূল্যবৃদ্ধি' সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰে ।

ৰাহুল গান্ধীৰ মতে আদানিয়ে ইণ্ডোনেছিয়াৰ পৰা কয়লা ক্ৰয় কৰে আৰু কয়লা ভাৰত আহি পোৱাৰ লগে লগে ইয়াৰ মূল্য দুগুণ হয় । দেশত বিদ্যুতৰ মূল্য বাঢ়ি গৈ আছে । আদানিয়ে আটাইতকৈ দৰিদ্ৰ লোকৰ পৰা ধন লয় । এয়া পোনপটীয়া চুৰিকাৰ্য বুলিও ৰাহুল গান্ধীয়ে অভিযোগ কৰে । গান্ধীয়ে আদানি প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে আৰু দাবী কৰে যে প্ৰধানমন্ত্ৰীয়ে আদানিক সুৰক্ষা প্ৰদান কৰি আছে । কোটিপতি ব্যৱসায়ী গৌতম আদানিয়ে ভাৰতৰ জনসাধাৰণৰ উত্তৰ দিব লাগিব বুলিও তেওঁ দাবী কৰে ।

ৰাহুল গান্ধীৰ মতে প্ৰধানমন্ত্ৰী মোদীয়ে যে আদানিক সুৰক্ষা দি আছে সেয়া স্পষ্ট । ইয়াক এক সমস্যা বুলি অভিহিত কৰি ৰাহুল গান্ধীয়ে এই সমস্যা ভাৰতৰ দৰিদ্ৰ লোকসকলৰ জীৱনৰ সৈতে জড়িত বুলি দাবী কৰে । কংগ্ৰেছ নেতাগৰাকীৰ মতে প্ৰধানমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে আদানিৰ স্বাৰ্থ সুৰক্ষিত কৰি আছে ।

তেওঁ আশ্বাস প্ৰদান কৰি কয় যে কংগ্ৰেছ দেশৰ নাগৰিকসকলৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ । কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰে বিদ্যুতৰ ৰাজসাহায্য আগবঢ়োৱাৰ সময়ত আদানি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ নীৰৱতা বিভ্ৰান্তিকৰ ।

ৰাহুল গান্ধীৰ মতে কোনো ভাৰতীয় সংবাদ মাধ্যমে আদানিৰ এই বৃহৎ বিত্তীয় আত্মসাৎ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা নাছিল । ছেবিয়ে কৈছে যে তেওঁলোকে আদানিৰ বিত্তীয় অপব্যৱহাৰত জড়িত থকাৰ প্ৰমাণ পোৱা নাই কিন্তু ফাইনেন্সিয়েল টাইমছ বাতৰি কাকতখনে নথিপত্ৰ প্ৰকাশ কৰিছিল । ৰাহুল গান্ধীৰ মতে ই স্পষ্ট যে আদানিক সুৰক্ষা দিয়া হৈছে ।

লগতে পঢ়ক :Telangana Election 2023 : তেলেংগানাত ৰাহুল গান্ধীৰ ৩ দিনীয়া নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.