ETV Bharat / bharat

Telangana Election 2023 : তেলেংগানাত ৰাহুল গান্ধীৰ ৩ দিনীয়া নিৰ্বাচনী প্ৰচাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 2:30 PM IST

তেলেংগানাত নিৰ্বাচনী প্ৰচাৰে লাহে লাহে গতি লাভ কৰিছে । বুধবাৰে ৰাজ্যখনত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰিব । ৰাহুল গান্ধীয়ে ১৯ আৰু ২০ অক্টোবৰতো নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব ।

Telangana Election 2023
তেলেংগানাত ৰাহুল গান্ধীৰ ৩ দিনীয়া নিৰ্বাচনী প্ৰচাৰ

নেশ্যনেল ডেস্ক,১৮ অক্টোবৰ : অহা ৩০ নৱেম্বৰত তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰাকক্ষণত শাসকীয় বিআৰএছ দলৰ লগতে বিজেপি আৰু কংগ্ৰেছকে ধৰি বাকী দলবোৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে । কংগ্ৰেছ দলে এইবাৰ তেলেংগানাত চৰকাৰ গঠনৰ ক্ষেত্ৰত ব্যাপক জোৰ দিছে । তাৰ অংশস্বৰূপে বুধবাৰে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । বাছ যাত্ৰাৰ জৰিয়তে তেলেংগানাত বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰচাৰ অভিযানৰো শুভাৰম্ভ কৰিব । কংগ্ৰেছ দলৰ দুয়োগৰাকী নেতা বিয়লি ৩:৩০ বজাত এক বিশেষ বিমানেৰে বেগমপেট বিমানবন্দৰত উপস্থিত হ'ব । তাৰ পাছত তেওঁলোক হেলিকপ্টাৰেৰে ৰামাপ্পা মন্দিৰলৈ ৰাওনা হ'ব ।

মন্দিৰত সেৱা জনোৱাৰ পাছত দুয়োগৰাকীয়ে বাছেৰে যাত্ৰা আৰম্ভ কৰিব আৰু পাছত এক ৰেলী সম্বোধন কৰিব । দলীয় সূত্ৰৰ মতে এই সময়ছোৱাত তেওঁলোকে মহিলাসকলৰ সৈতেও বাৰ্তালাপ কৰিব । ৰেলীৰ পাছত প্ৰিয়ংকা গান্ধী নতুন দিল্লীলৈ উভতি অহাৰ কথা আছে আনহাতে ৰাহুল গান্ধীয়ে প্ৰচাৰ অব্যাহত ৰাখিব । চিতাক্কা বুলিও জনাজাত মুলুগুৰ কংগ্ৰেছ বিধায়ক আনচাৰী অনসুয়াই সংবাদ মাধ্যমক জনোৱা মতে ৰাহুল গান্ধী নিশা ভূপালপল্লীত থাকিব ।

সূত্ৰৰ মতে তেওঁলোকে আবেলি ৪.৩০ বজাত ৰামাপ্পা মন্দিৰত উপস্থিত হ'ব আৰু সন্ধিয়া প্ৰায় ৫ বজাত ৰাজহুৱা সভা সম্বোধন কৰিব । ভূপালপল্লীলৈ প্ৰায় ৩০ কিলোমিটাৰ পথ তেওঁলোকে বাছেৰে যাত্ৰা কৰিব । কংগ্ৰেছৰ সূত্ৰ অনুসৰি ১৮ অক্টোবৰৰ পৰা ৩ দিনীয়া ভ্ৰমণৰ সময়ছোৱাত ৰাহুল গান্ধীয়ে ৮ টা সমষ্টিত প্ৰচাৰ চলাব । ৰাহুল গান্ধীয়ে এটা চৰকাৰী খনি কোম্পানীৰ কৰ্মচাৰীসকলকো সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে ।

১৯ অক্টোবৰত তেওঁ সিঙ্গৰেনি কোলিয়াৰী, পেড্ডাপল্লী আৰু কৰিমনগৰত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । ২০ অক্টোবৰত তেওঁ জগতিয়ালত এখন কৃষক সভাত অংশগ্ৰহণ কৰিব । ইয়াৰ পাছত, তেওঁ আৰমূৰ আৰু নিজামাবাদকে ধৰি অন্যান্য স্থানত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । তেলেংগানা ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে বোধানৰ নিজাম চেনী কাৰখানা পৰিদৰ্শন কৰিব আৰু আৰমূৰৰ হালধি আৰু কুঁহিয়াৰ খেতিয়কৰ সৈতে বাৰ্তালাপ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Assam CM slams Rahul Gandhi: ৰাহুল গান্ধীয়েই হ’ল বংশ ৰাজনীতিৰ মূল প্ৰতীক; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.