ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ ভাৰত বায়’টেক ভ্ৰমণে বিশেষজ্ঞক প্ৰেৰণা যোগাব : চন্দ্ৰবাবু নাইডু

author img

By

Published : Nov 29, 2020, 8:06 AM IST

শনিবাৰে হায়দৰাবাদৰ ভাৰত বায়’টেক ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ বিশেষজ্ঞৰ দলৰ লগতে এই সুবিধাক গ্ল’বেল বায়’টেক হাবত পৰিণত কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰি থকা কৰ্তৃপক্ষকো শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোডীয়ে ৷

Bharat Biotech
Bharat Biotech

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ : ‘‘প্ৰধানমন্ত্ৰী মোডীৰ হায়দৰাদৰ গেনম ভেলী ভ্ৰমণে ভাৰত বায়’টেকক কৰ’ণা ভাইৰাছৰ প্ৰতিষেধক ক’ভেক্সিন তৈয়াৰ কৰাত প্ৰেৰণা যোগাব’’ ৷ তেলুগু দেশম পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে প্ৰকাশ কৰিশে এই মন্তব্য ৷

এক বিবৃতি যোগে তেলুগু দেশম পাৰ্টীয়ে প্ৰধানমন্ত্ৰী মোডীক এই প্ৰেৰণামূলক ভ্ৰমণৰ বাবে ধন্যবাদ জনায় ৷ শনিবাৰে হায়দৰাবাদৰ ভাৰত বায়’টেক ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ বিশেষজ্ঞৰ দলৰ লগতে এই সুবিধাক গ্ল’বেল বায়’টেক হাবত পৰিণত কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰি থকা কৰ্তৃপক্ষকো শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোডীয়ে ৷

দলীয় বিবৃতি অনুসৰি, গেনম ভেলীস্থিত ভাৰত বায়’টেকে ক’ভিড-19ৰ প্ৰতিষেধক তৈয়াৰৰ বাবে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে সেই প্ৰচেষ্টাই চন্দ্ৰবাবু নাইডুৰ সপোনক সাকাৰ ৰূপ দিছে আৰু স্বাস্থ্যখণ্ডৰ জৰুৰী অৱস্থাত ই দেশৰ বাবে সহায়ক হ’ব ৷

শনিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ক’ভিড-19 ৰ প্ৰতিষেধক তৈয়াৰীৰ স্থিতি সম্পৰ্কে জানিবলৈ দেশৰ তিনিখন মহানগৰ ভ্ৰমণ কৰে ৷ ভাৰতৰ নাগৰিকক প্ৰতিষেধক প্ৰদানৰ বাবে ইয়াৰ তৈয়াৰী, প্ৰত্যাহ্বান আৰু ৰোডমেপ সন্দৰ্ভত যোগাত্মক দৃষ্টিকোণ লাভ কৰে ৷

লগতে পঢ়ক : চিৰাঙৰ বিজনী টোলগেটত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.