ETV Bharat / bharat

PM Modi address P20 : 'সন্ত্ৰাসবাদ বিশ্বৰ বাবে এক প্ৰত্যাহ্বান'-প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 1:38 PM IST

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে একতাৰ আহ্বান জনায় । জি-২০ সংসদীয় বক্তা সন্মিলনত মোদীয়ে কয় যে বিভক্ত বিশ্বই মানৱতাৰ প্ৰত্যাহ্বানৰ সমাধান দিব নোৱাৰে ।

PM Modi address P20
সন্ত্ৰাসবাদ বিশ্বৰ বাবে এক প্ৰত্যাহ্বান

নেশ্যনেল ডেস্ক,১৩ অক্টোবৰ : ইজৰাইল আৰু হামাছ সন্ত্ৰাসবাদী সংগঠনৰ সংঘৰ্ষ অব্যাহত আছে । তাৰ মাজত সন্ত্ৰাসবাদক পুনৰ সকীয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লীত নৱম জি-২০ সংসদীয় বক্তা সন্মিলন (পি-২০) উদ্বোধন কৰি কয় যে সন্ত্ৰাসবাদ বিশ্বৰ বাবে এক প্ৰত্যাহ্বান । তেওঁৰ মতে আমি সকলোৱে পৃথিৱীখনক এটা পৰিয়াল হিচাপে চাব লাগিব । সংঘৰ্ষৰে ভৰা পৃথিৱীখনে কাকো লাভান্বিত কৰিব নোৱাৰে বুলি তেওঁ দাবী কৰে ।

আনহাতে বিভক্ত পৃথিৱীয়ে আমি সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ সমাধান প্ৰদান কৰিব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে । তেওঁৰ মতে এয়া হৈছে শান্তি আৰু ভাতৃত্ববোধৰ সময় আৰু একেলগে আগবাঢ়ি যোৱাৰ সময় । এয়া সকলোৰে বিকাশ আৰু কল্যাণৰ সময় বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সমগ্ৰ বিশ্বৰ বিভিন্ন সংসদীয় পদ্ধতিৰ এক অনন্য সঙ্গম আছে বুলি দাবী কৰে । জি-২০ সংসদীয় বক্তা সন্মিলনত ভাষণ দি মোডীয়ে কয় যে সময়ৰ লগে লগে ভাৰতৰ সংসদীয় পদ্ধতি বিকশিত আৰু শক্তিশালী হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভাৰতে এতিয়ালৈকে ১৭ তকৈও অধিক সাধাৰণ নিৰ্বাচন আৰু ৩০০ ৰাজ্যিক বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিছে । ভাৰতৰ জি-২০ সভাপতিত্বৰ বহল পৰিকাঠামোৰ অধীনত ভাৰতৰ সংসদৰ দ্বাৰা জি-২০ বক্তা সন্মিলনৰ আয়োজন কৰা হৈছে ।

উল্লেখ্য যে নৱম জি-২০ সংসদীয় বক্তা সন্মিলনৰ বিষয়বস্তু হৈছে 'এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যতৰ বাবে সংসদ'। ৯-১০ ছেপ্টেম্বৰত নতুন দিল্লীত জি-২০ সন্মিলনত আফ্ৰিকান ইউনিয়ন জি-২০ৰ সদস্য হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে পেন-আফ্ৰিকান সংসদে পি-২০ সন্মিলনত অংশগ্ৰহণ কৰে । পি-২০ সন্মিলনত জনসাধাৰণৰ জীৱনৰ পৰিৱৰ্তন, মহিলাৰ নেতৃত্বত বিকাশ, এছডিজি ত্বৰান্বিত কৰা আৰু বহনক্ষম শক্তি পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

১২ অক্টোবৰত এলআইএফই (পৰিৱেশৰ বাবে জীৱনশৈলী) সন্দৰ্ভত এখন প্ৰাক পি-২০ সন্মিলন সংসদীয় মঞ্চও অনুষ্ঠিত হৈছিল য'ত এক সেউজীয়া আৰু বহনক্ষম ভৱিষ্যতৰ দিশত পদক্ষেপৰ ওপৰত আলোচনা কৰা হয় ।

লগতে পঢ়ক :PM Modi Uttarakhand visit : দেৱভূমিলৈ নাহিলে ভাৰতক জনা নাযায়: প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.