ETV Bharat / bharat

কেদাৰনাথ মন্দিৰৰ দৰ্শনাৰ্থে উত্তৰাখণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Nov 5, 2021, 10:49 AM IST

Updated : Nov 5, 2021, 12:27 PM IST

pm-modi-visit-to-kedarnath-temple
কেদাৰনাথ মন্দিৰ দৰ্শনাৰ্থে উত্তৰাখণ্ডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শুকুৰবাৰে পুৱা কেদাৰনাথ মন্দিৰৰ দৰ্শনাৰ্থে উত্তৰাখণ্ডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ আদি শংকৰাচাৰ্যৰ পুনৰ নিৰ্মিত সমাধিৰ উদ্বোধন কৰাৰ লগতে মোডীয়ে চলি থকা নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা আৰু পৰিদৰ্শন কৰিব বুলিও জানিব পৰা গৈছে ।

নেশ্যনেল ডেস্ক , 5 নৱেম্বৰ : শুকুৰবাৰে পুৱা কেদাৰনাথ মন্দিৰ(Kedarnath Temple)ৰ দৰ্শনাৰ্থে উত্তৰাখণ্ড(Uttarakhand)ত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনায় উত্তৰাখণ্ডৰ ৰাজ্যপাল(Governor) লেফটেনেণ্ট(Leftinent) জেনেৰেল গুৰমিত সিং (অৱসৰপ্ৰাপ্ত) আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ৷

জানিব পৰা মতে, মন্দিৰ সেৱাৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে পুনৰ নিৰ্মিত আদি শংকৰাচাৰ্যৰ সমাধিৰো কৰিব উদ্বোধন ৷ লগতে মোডীয়ে চলি থকা নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা আৰু পৰিদৰ্শন কৰিব বুলিও জানিব পৰা গৈছে । উল্লেখ্য যে, 2013 চনত উত্তৰাখণ্ডৰ বানপানীত আদি শংকৰাচাৰ্যৰ সমাধি ধ্বংস হোৱাৰ পিছত ইয়াক পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে ।

pm-modi-visit-to-kedarnath-temple
কেদাৰনাথ মন্দিৰ দৰ্শনাৰ্থে উত্তৰাখণ্ডত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত কেদাৰনাথ মন্দিৰৰ পুৰোহিত বাগিশ লিঙে কয়, ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনাবলৈ মন্দিৰ চৌহদ ফুলেৰে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে । এই কাৰ্যসূচীতে প্ৰধানমন্ত্ৰী গৰাকীয়ে পুৱা মন্দিৰত উপস্থিত হৈ মহাৰুদ্ৰ অভিষেকত ভাগ লৈ ৰাষ্ট্ৰৰ কল্যাণৰ অৰ্থে প্ৰাৰ্থনা কৰিব ৷ এইদৰে জনালে পুৰোহিত লিঙে ৷

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে 130 কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা বিশেষ আন্তঃগাঁথনি প্ৰকল্পটিৰ উদ্বোধন কৰাৰ লগতে আৰু বহুকেইটা প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব ৷ ইয়াৰ ভিতৰত সৰস্বতী ৰিটেইনিং ৱাল আস্থাপথ আৰু ঘাট, মন্দাকিনী ৰিটেইনিং ৱাল আস্থাপথ, পুৰোহিত গৃহ আৰু মন্দাকিনী নদীৰ গৰুড় চাট্টি দলং উল্লেখযোগ্য ৷

উক্ত ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোডীয়ে এখন ৰাজহুৱা সভাতো সম্বোধন কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কি কি নতুন সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে ?

Last Updated :Nov 5, 2021, 12:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.