ETV Bharat / bharat

CPIM Reacts on PM Modi : প্ৰধানমন্ত্ৰী মোদীয়ে জীয়াই ৰাখিছে হাৰিয়ানা-মণিপুৰৰ উত্তেজনা; চিপিআইএমৰ দাবী

author img

By

Published : Aug 8, 2023, 9:20 PM IST

CPIM Reacts on PM Modi
CPIM Reacts on PM Modi

ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে (মাৰ্ক্সবাদী) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হাৰিয়ানা আৰু মণিপুৰ দুয়োখন ৰাজ্যতে উত্তেজনা জীৱন্ত কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে । "তেওঁৰ নীৰৱতাই পৰিস্থিতি দিনক দিনে অধিক জটিল কৰি তুলিছে । ইয়াৰ ফলত অনাগত দিনত উত্তৰ-পূব ভাৰতত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ।" তিনিদিনীয়া কেন্দ্ৰীয় সমিতিৰ বৈঠকৰ পিছত চিপিআইএমে দাবী কৰে ।

নিউজ ডেস্ক, ৮ আগষ্ট : চিপিআইএমে মণিপুৰ আৰু হাৰিয়ানা দুয়োখন ৰাজ্যৰে হিংসা আৰু অস্থিৰতাৰ বাবে বিজেপিক দোষাৰোপ কৰিছে । দলটোৱে জ্ঞানবাপী মছজিদৰ ঘটনা, ঘৃণা আৰু ঘৃণাজনিত অপৰাধ, দিল্লীৰ বাবে নিৰ্দেশিত অধ্যাদেশ আদি সন্দৰ্ভত বিজেপিক নিজৰ আক্ৰমণৰ লক্ষ্য কৰি লয় । চিপিআইএমৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকত এই দাবী বামপন্থী দলটোৰ । উল্লেখ্য যে ৪-৬ আগষ্টত নতুন দিল্লীত অনুষ্ঠিত হয় চিপিআইএমৰ কেন্দ্ৰীয় সমিতিৰ বৈঠক । তাৰ পিছতে সোমবাৰে নিশা কেন্দ্ৰীয় সমিতিয়ে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰে ।

বিবৃতিটো অনুসৰি, মণিপুৰৰ ঘটনাত ৰাজ্য চৰকাৰৰ নিন্দনীয় ভূমিকা সম্পূৰ্ণ স্পষ্ট। "এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনে ঘটনাক গৰিহণা দিয়া এটা শব্দও উচ্চাৰণ কৰা নাই বা কেন্দ্ৰীয় চৰকাৰে কোনো কাৰ্যকৰী ভূমিকা পালন কৰা নাই । এই নীৰৱতাৰ ফলস্বৰূপে পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰিছে । দিন যোৱাৰ লগে লগে মণিপুৰৰ পৰিস্থিতি অৰাজকতাৰ দিশে আগবাঢ়িছে ।" বিবৃতিটোত কোৱা হৈছে ।

চিপিআইএমৰ মতে, সংসদীয় অধিবেশনৰ সকলো কাম স্থবিৰ হৈ পৰিছে । কিয়নো প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতিৰ দায়িত্ব এৰাই চলিবলৈ সংসদৰ পৰা আঁতৰি থকাৰ কৌশল গ্ৰহণ কৰিছে । মণিপুৰৰ ক্ষেত্ৰত দলটোৱে কয় যে ঘটনাটোৱে উত্তৰ-পূব ভাৰতৰ আন ৰাজ্যসমূহকো প্ৰভাৱিত কৰিছে । অনাগত দিনবোৰত পৰিস্থিতি ভয়ংকৰ হ'ব ।

কেন্দ্ৰীয় সমিতিয়ে মণিপুৰত শান্তি আৰু স্বাভাৱিক অৱস্থা পুনৰ প্ৰতিষ্ঠাৰ বাবে তাৎক্ষণিক আৰু উপযুক্ত ব্যৱস্থাৰ লগতে মুখ্যমন্ত্ৰী বীৰেন সিঙৰ পদত্যাগ দাবী কৰে ৷ তেওঁলোকে লগতে অভিযোগ কৰে, "হাৰিয়ানা ৰাজ্য চৰকাৰে নিৰ্মমভাৱে বুলড'জাৰ ৰাজনীতি চলাই আছে ৷ মেৱাট অঞ্চলত আৰম্ভ হোৱা সাম্প্ৰদায়িক হিংসা প্ৰথমে নুহলৈ আৰু তাৰ পিছত গুৰুগ্ৰাম হৈ আন ঠাইলৈ বিয়পি পৰিছিল । এই ঘটনাবোৰত জড়িত অপৰাধী আৰু প্ৰৰোচকসকলৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে ৰাজ্যখনৰ বিজেপি চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি লৈছে ।

মুছলমান সম্প্ৰদায়ৰ দোকান আৰু ঘৰবোৰ ভাঙিবলৈ আৰম্ভ কৰিছে । যিসকলৰ ঘৰ, দোকান আদি ভঙা হৈছে তেওঁলোকৰ বহুতৰে আইনী চুক্তি আছে, কিছুমানৰ আনকি আদালতৰ দ্বাৰা জাৰি কৰা স্থগিতাদেশো আছে । তথাপিও ৰাজ্য চৰকাৰে এনে ধৰণৰ ধ্বংসাত্মক পদক্ষেপ গ্ৰহণ কৰিছে । "চিপিআইএমে দাবী কৰিছে যে চলন্ত ৰে'লত তিনিজন মুছলমান যাত্ৰীৰ হত্যা আৰএছএছ-বিজেপিয়ে সমগ্ৰ দেশৰ মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে প্ৰচাৰ চলাই থকাৰ ফল । ৩ আগষ্টত এলাহাবাদ উচ্চ ন্যায়ালয়ে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগক জ্ঞানবাপী মছজিদৰ জৰীপ কৰিবলৈ নিৰ্দেশ দিছিল ।

কেন্দ্ৰীয় সমিতিৰ দাবী :

১. দলটোৰ সকলো গোটে মূল্যবৃদ্ধি আৰু নিবনুৱাৰ বাবে ১-৭ ছেপ্টেম্বৰৰ ভিতৰত দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিব ।

২. যিমান সম্ভৱ সোনকালে সকলো বাঁওপন্থী দলে একেলগে দাবী চনদ প্ৰস্তুত কৰি এখন ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰিব ।

৩. কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু একত্ৰিত কিষাণ মৰ্চাই ঘোষণা কৰা কাৰ্যসূচীক সমৰ্থন কৰিবলৈ সকলোকে আহ্বান জনোৱা হৈছে ।

৪. ৫ অক্টোবৰত দিল্লীত সৰ্বভাৰতীয় মহিলা সন্থাৰ হৈ আয়োজিত এক ৰেলীৰ বাবে সমৰ্থন প্ৰদানৰ আহ্বান ।

লগতে পঢ়ক :Rahul Gandhis Lok Sabha Membership : সমগ্ৰ দেশেই মোৰ ঘৰ; চৰকাৰী বাংলো ঘূৰাই পোৱাৰ পিছত ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.