ETV Bharat / bharat

Rahul Gandhis Lok Sabha Membership : সমগ্ৰ দেশেই মোৰ ঘৰ; চৰকাৰী বাংলো ঘূৰাই পোৱাৰ পিছত ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 8, 2023, 6:16 PM IST

উচ্চতম ন্যায়ালয়ে 'মোদী উপাধি' গোচৰত ৰাহুলৰ দোষী সাব্যস্ত হোৱাটো স্থগিত ৰখাৰ পিছত সোমবাৰে অধ্যক্ষ ওম বিৰলাই কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীজনৰ লোকসভাৰ সদস্যপদ পুনৰ ওভতাই দিয়ে । জানিব পৰা মতে, তেওঁ মঙলবাৰে তেওঁৰ চৰকাৰী বাংলোটো পুনৰ ঘূৰাই পায় ।

Rahul Gandhis Lok Sabha Membership
Rahul Gandhis Lok Sabha Membership

নিউজ ডেস্ক, ৮ আগষ্ট : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে কয় যে সমগ্ৰ দেশেই তেওঁৰ ঘৰ । উল্লেখ্য যে ৰাহুল গান্ধীয়ে সোমবাৰে পুনৰ সাংসদ পদ লাভ কৰে । সাংসদৰ সদস্য হিচাপে পুনৰ সংসদলৈ ওভতাৰ পিছত ৰাষ্ট্ৰীয় ৰাজধানীত তেওঁৰ চৰকাৰী বাংলোটো পুনৰ আবণ্টন কৰাৰ পিছত ৰাহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

"মেৰা ঘৰ পূৰা হিন্দুস্তান হ্যে ।" অৰ্থাৎ সমগ্ৰ ভাৰতেই মোৰ ঘৰ । তেওঁৰ বাসস্থান ঘূৰাই পাই কিমান সুখী বুলি সংবাদ মাধ্যমে ৰাহুল গান্ধীক সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এনেদৰে কয় । উল্লেখ্য যে খবৰ অনুসৰি, নতুন দিল্লীৰ তোঘলক লেনৰ ৰাহুল গান্ধীৰ চৰকাৰী বাসভৱনটো মঙলবাৰে তেওঁৰ নামত পুনৰ আবণ্টন কৰা হয় ।

উল্লেখ্য, উচ্চতম ন্যায়ালয়ে 'মোদী উপাধি' গোচৰত ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাটো স্থগিত ৰখাৰ পিছত সোমবাৰে অধ্যক্ষ ওম বিৰলাই কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীগৰাকীৰ লোকসভাৰ সদস্যপদ পুনৰ প্ৰদান কৰে । লোকসভা সচিবালয়ৰ এক জাননীত কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ৰ ৪ আগষ্টৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী ন্যায়িক ঘোষণা নোহোৱা পৰ্যন্ত তেওঁৰ অযোগ্যতা কাৰ্যকৰী হোৱাটো বন্ধ কৰা হৈছে ।

২০১৯ চনত কৰ্ণাটকৰ কোলাৰত নিৰ্বাচনী জনসভাৰ সময়ত দিয়া ভাষণৰ বাবে চুৰাট আদালতে তেওঁক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ পিছত ৰাহুল গান্ধীক ২৩ মাৰ্চত লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছিল । ৰাহুলে তেওঁৰ ভাষণত কৈছিল, "সকলো চোৰৰে উমৈহতীয়া উপাধি মোদী কিয় ?" এই উপাধি বিতৰ্কৰ গোচৰত আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰে । যিটো আছিল গোচৰটোৰ সৰ্বাধিক শাস্তি । আনহাতে, ইয়াৰ পৰৱৰ্তী সময়ত তেওঁক সংসদৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ।

লগতে পঢ়ক :No Confidence Motion Against Modi Govt : বিৰোধীৰ অনাস্থা প্ৰস্তাৱ; আত্মবিশ্বাসী কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.