ETV Bharat / bharat

G-20 summit 2023 : জি-20 বৈঠকত ‘ইণ্ডিয়া’ৰ সলনি দেশৰ নাম ‘ভাৰত’ উল্লেখ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 5:29 PM IST

Updated : Sep 9, 2023, 8:54 PM IST

G20 summit 2023
জি 20 ইণ্ডিয়াৰ সলনি দেশৰ নাম ভাৰত উল্লেখ

জি-20 সন্মিলনত ‘ভাৰত’ শব্দ ব্যৱহাৰ ৷ জি-20 বৈঠকৰ বিভিন্ন নথি-পত্ৰত ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে সংবিধানত থকা দেশৰ নাম ‘ভাৰত’ ব্যৱহাৰ ৷

নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ : শনিবাৰৰ পৰা দিল্লীত আৰম্ভ হ’ল জি-20 শীৰ্ষ সন্মিলন ৷ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা দুদিনীয়া বৈঠকৰ শনিবাৰে শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইফালে জি-20 বৈঠকৰ বিভিন্ন নথি-পত্ৰত ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে সংবিধানত থকা ‘ভাৰত’ নাম ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

আনহাতে জি-20 বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে আসন গ্ৰহণ কৰা ঠাইৰ সন্মুখভাগত ‘ইণ্ডিয়া’ৰ বিপৰীতে ‘ভাৰত’ লিখা নামফলক দেখা গ’ল ৷ যিহেতু কিছুদিনৰ পৰা দেশৰ নামৰ ক্ষেত্ৰত চলি থকা বিতৰ্কৰ মাজতে জি-20 শীৰ্ষ সন্মিলনত ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ নামফলক ব্যৱহাৰ কৰা হৈছে ৷

বিজেপি বিৰোধী মিত্ৰজোঁটৰ নাম যিহেতু I.N.D.I.A নাম কৰা হৈছিল ৷ তাৰ পাচতে ‘ইণ্ডিয়া’ৰ নাম সলনি কৰি দেশৰ নাম ‘ভাৰত’ কৰা হ’ব বুলি চৰ্চা আৰম্ভ হৈছিল ৷ বিজেপি সাংসদ-মন্ত্ৰী সকলে যুক্তি দৰ্শাইছে ‘ইণ্ডিয়া’ নামটো ব্ৰিটিছে দিয়া নাম ৷ সংবিধানতো "ইণ্ডিয়া যি ভাৰত" বুলি উল্লেখ কৰা আছে ৷ ‘ভাৰত’ নামটো ঋক বেদ বা তেনে পুৰণি গ্ৰন্থসমূহত উল্লেখ কৰা আছে ৷ সেয়ে ইণ্ডিয়াৰ নামৰ সলনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘ভাৰত’ নাম কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল বিজেপি মন্ত্ৰী- সাংসদে ৷ অৱশ্যে এই ক্ষেত্ৰত, সংবিধানে দেশৰ বাবে দুয়োটা নাম ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ আছে ৷

ইফালে জি-20 সন্মিলনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া এক ভাষণৰ প্ৰসংগত কয়,’’ আজি জি-২০ৰ সভাপতি হিচাপে ভাৰতে বিশ্বব্যাপী বিশ্বাস আৰু নিৰ্ভৰশীলতালৈ ৰূপান্তৰ কৰিবলৈ বিশ্বক একত্ৰিত কৰিবলৈ আহ্বান জনাইছো ৷ এতিয়া আমি সকলোৰে একেলগে যোৱাৰ সময় । এই সময়ত, 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস' আমাৰ মূল মন্ত্ৰ হওক ৷ উত্তৰ আৰু দক্ষিণৰ মাজৰ বিভাজন, পূব আৰু পশ্চিমৰ মাজৰ দূৰত্ব, খাদ্য আৰু ইন্ধনৰ ব্যৱস্থাপনা, সন্ত্ৰাসবাদ, চাইবাৰ নিৰাপত্তা, স্বাস্থ্য, শক্তি বা পানীৰ সুৰক্ষা, আমি ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াৰ এক দৃঢ় সমাধান বিচাৰিব লাগিব।

বিজেপি বিৰোধী মিত্ৰজোঁটৰ নাম INDIA প্ৰকাশৰ পাচতে দেশৰ নাম ‘ভাৰত’ কৰাৰ বাবে জি-20 সন্মিলনৰ পাচতে সংসদৰ বিশেষ অধিৱেশনৰ আহ্বান কৰা হৈছে ৷ য’ত লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ নাম ‘ইণ্ডিয়া’ৰ পৰিৱৰ্তে ‘ভাৰত’ বুলি ক’ব পাৰি তাৰ বাবে চেষ্টা কৰিছে বিজেপি চৰকাৰে এই বুলি উল্লেখ কৰিছে বিভিন্ন মহলে ৷

লগতে পঢ়ক:India and Bharat controversy : জি-২০ৰ নামফলক আৰু পুস্তিকাত 'ইণ্ডিয়া'ৰ সলনি 'ভাৰত'ৰ ব্যৱহাৰ

Last Updated :Sep 9, 2023, 8:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.