ETV Bharat / bharat

পাঁচদিনত চতুৰ্থবাৰলৈ বৃদ্ধি পে’ট্ৰল-ডিজেলৰ মূল্য

author img

By

Published : Mar 26, 2022, 9:38 AM IST

শনিবাৰে পুৱা পুনৰ 80 পইচাকৈ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য (Petrol diesel prices hiked) ৷ ৰাজধানী দিল্লীত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 98.61 টকা আৰু ডিজেলত 89.87 টকালৈ বৃদ্ধি পাইছে ।

Petrol diesel prices hiked again
পাঁচদিনত চতুৰ্থবাৰলৈ বৃদ্ধি পে’ট্ৰল-ডিজেলৰ মূল্য

নেশ্যনেল ডেস্ক, 26 মাৰ্চ : শনিবাৰে পুৱা দেশত পুনৰ 80 পইচাকৈ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ ৰাজধানী দিল্লীত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 98.61 টকা আৰু ডিজেলৰ মূল্য 89.87 টকা হয়গৈ ৷ প্ৰায় চাৰে চাৰি মাহৰ দীঘলীয়া ব্যৱধানৰ পাছত বিগত 22 মাৰ্চত বৃদ্ধি পাইছিল পে’ট্ৰল-ডিজেলৰ দাম ।

22-26 মাৰ্চ অৰ্থাৎ শনিবাৰৰ ভিতৰত একেৰাহে চতুৰ্থবাৰলৈ বৃদ্ধি পায় পেট্ৰ'ল-ডিজেলৰ মূল্য (Fourth increase in five days) ৷ ইয়াৰ লগতে বিগত পাঁচদিনৰ ব্যৱধানত চতুৰ্থবাৰলৈ বৃদ্ধি পায় প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলৰ মূল্য ৷

আনহাতে, এই মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে অসমতো ৷ গুৱাহাটী মহানগৰীত শনিবাৰে পুৱা প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 98.10 টকা হোৱাৰ বিপৰীতে ডিজেলৰ দাম হয়গৈ প্ৰতি লিটাৰত 84.19 টকা । বিপৰীতে শুকুৰবাৰৰ দিনটোত এই মূল্য আছিল 97.23 টকা আৰু ডিজেলৰ মূল্য আছিল 83.38 টকা ।

মহানগৰীক বাদ দি ৰাজ্যৰ আন কেতবোৰ প্ৰান্ততো মূল্যবৃদ্ধি ঘটিছে ইন্ধনৰ ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ, ঢকুৱাখানাত প্ৰতি লিটাৰ পেট্ৰ’লে শতকৰ ঘৰ স্পৰ্শ কৰাৰ সমান্তৰালকৈ মাজুলীতো প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছেগৈ 100 টকা ৷

লগতে পঢ়ক : গুজৰাটত পৰম্পৰাগত ঔষধিৰ গ্ল'বেল চেণ্টাৰ : জেনেভাত স্বাক্ষৰ MoU

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.