ETV Bharat / city

গুজৰাটত পৰম্পৰাগত ঔষধিৰ গ্ল'বেল চেণ্টাৰ : জেনেভাত স্বাক্ষৰ MoU

author img

By

Published : Mar 26, 2022, 8:02 AM IST

গুজৰাটত স্থাপন কৰা হ’ব পৰম্পৰাগত ঔষধিৰ গ্ল'বেল চেণ্টাৰ (Traditional medicinal global centre to be set up in Gujarat) ৷ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ মাজত স্বাক্ষৰিত কৰা হয় বুজাবুজিৰ চুক্তি ৷ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে লোকসভাত প্ৰকাশ কৰে এই তথ্য ৷

Traditional Medicine Centre in Gujarat
গুজৰাটত পৰম্পৰাগত ঔষধিৰ গ্ল'বেল চেন্টাৰ

গুৱাহাটী, 26 মাৰ্চ : ভাৰতবৰ্ষৰ পৰম্পৰাগত ঔষধিয়ে এতিয়া মান্যতা লাভ কৰিছে সমগ্ৰ বিশ্বজুৰি । যাৰ বাবে গুজৰাটত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ সৈতে লগ লাগি পৰম্পৰাগত ঔষধিৰ এটা গ্ল'বেল চেণ্টাৰ স্থাপনৰ বাবে আগবাঢ়ি আহিছে (Traditional medicinal global centre to be set up in Gujarat) । লোকসভাত শুকুৰবাৰে এই কথা প্ৰকাশ কৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, এয়া সমগ্ৰ দেশবাসীৰ বাবে এক সুখৰ খবৰ ।

তেওঁ সংসদত আৰু কয় যে, প্ৰধানমন্ত্ৰীয়ে ইতিপূৰ্বে কৰা ঘোষণা অনুসৰি এই গ্ল'বেল চেণ্টাৰটো স্থাপন কৰা হ’ব গুজৰাটৰ জামনগৰত (Traditional Medicine Centre in Gujarat) । শুকুৰবাৰে জেনেভাত বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ শীৰ্ষ প্ৰতিনিধিৰ মাজত এই সম্পৰ্কীয় বুজাবুজিৰ চুক্তি (India-WHO signed MoU) খন স্বাক্ষৰিত হৈছে বুলি সোণোৱালে সংসদত প্ৰকাশ কৰে ।

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 2020 চনৰ 13 নৱেম্বৰত বিশ্ব আয়ুৰ্বেদ দিৱসৰ দিনটোত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত বিশ্ব স্বাস্থ্য সংস্থাই পৰম্পৰাগত ঔষধিৰ এটা গ্ল'বেল চেণ্টাৰ স্থাপনৰ কথা ঘোষণা কৰিছিল । আনহাতে, চলিত বৰ্ষৰ 9 মাৰ্চত কেন্দ্ৰীয় কেবিনেটে বিষয়টোত অনুমোদন জনোৱাৰ পিছতেই আজি বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ মাজত এই বুজাবুজিৰ চুক্তি জেনেভাত স্বাক্ষৰ কৰা হয় ।

লগতে পঢ়ক : Rajya Sabha Election 2022: বিৰোধীৰ ৪৩ৰ অংকত আউল লগাৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.